ETV Bharat / state

ফেব্ৰুৱাৰী মাহটোত কোনটো ৰাশিৰ বাবে কি আছে বিশেষ জানো আহক

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 6:51 PM IST

Horoscope February 2024:চলিত ফেব্ৰুৱাৰী মাহটো কাৰ কেনেদৰে যাব ? কোন কেইটা ৰাশিৰ বাবে ফেব্ৰুৱাৰী মাহটো ভাল আৰু কোনকেইটা ৰাশিৰ ব্যক্তিয়ে এই মাহত বাধাৰ সন্মুখীন হ’ব এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰীয়ে ।

Horoscope February 2024
ফেব্ৰুৱাৰী মাহটো কাৰ কেনেদৰে যাব
ফেব্ৰুৱাৰী মাহটো কাৰ কেনেদৰে যাব

গুৱাহাটী, 2 ফেব্ৰুৱাৰী : মাহটোৰ আৰম্ভণিতেই জানি লওক ফেব্ৰুৱাৰী মাহটো কেনেদৰে পাৰ হ’ব আপোনাৰ ৷ এই মাহটোত ভাল ফলাফল লাভ কৰিব তিনিটা ৰাশিৰ জাতক-জাতিকাসকলে । ইয়াৰ লগতে কিন্তু তিনিটা ৰাশিৰ জাতক-জাতিকাসকলে এই মাহটোত কিছু বাধাৰ সন্মুখীন হ’ব । ভাল ফল লাভ কৰিবলগীয়া ৰাশি কেইটা হৈছে- কৰ্কটৰাশি, কন্যাৰাশি আৰু তুলাৰাশি । আনহাতে বাধাৰ সন্মুখীন হ’বলগীয়া ৰাশি তিনিটা হৈছে- সিংহৰাশি, কুম্ভৰাশি আৰু মীন ৰাশি ।

কৰ্কটৰাশি: চলিত ফেব্ৰুৱাৰী মাহটো কৰ্কট ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ বুলি কোৱা হৈছে ।

চলিত মাহত বৃষ ৰাশিৰ জাতক-জাতিকাসকলে বিত্তীয়, কেৰিয়াৰ আদিৰ ক্ষেত্ৰত অত্যন্ত ভালফল লাভ কৰিব । সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলেও নিজৰ চেষ্টাত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব ।

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এই মাহটো শুভ হ’ব । এই ৰাশিৰ জাতক-জাতিকাসকলে যদি কৰ্মস্থান সলনি কৰিব বিচাৰে তেন্তে ফেব্ৰুৱাৰী মাহতে সলনি কৰিলে ভাল ফলাফল লাভ কৰিব । যাত্ৰাৰ ক্ষেত্ৰতো এই মাহটো ভাল । লগতে বিত্তীয় দিশটো উন্নতি দেখা পোৱা যায় ।

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবেও এই মাহটো খুবেই ভাল । ব্যৱসায়, কেৰিয়াৰ আদিৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে এই মাহত ভাল ফলাফল লাভ কৰিব ৷

আনহাতে সিংহ ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশিৰ জাতক-জাতিকাসকলে এই মাহত কিছু বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে । সিংহ ৰাশিৰ লোকসকলৰ হঠাৎ বিত্তীয় সমস্যাৰ সৃষ্টি হ’ব পাৰে । খৰচ বৃদ্ধি হ’ব পাৰে ।

কুম্ভৰাশিৰ লোকসকলে কৰ্মস্থানত অকমান সাৱধানতা অৱলম্বন কৰিব লাগিব । কৰ্মক্ষেত্ৰত পৰিশ্ৰম বাঢ়িব ।

মীন ৰাশিৰ লোকসকলে ঘৰুৱা ক্ষেত্ৰত সম্পৰ্কবোৰ ভালে ৰখাৰ চেষ্টা কৰিব লাগিব । ঘৰুৱা ক্ষেত্ৰত কিছু মত-বিৰোধ হ’ব পাৰে ।

লগতে পঢ়ক : Daily Horoscope For 2nd February: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.