ETV Bharat / bharat

Daily Horoscope For 2nd February: কেনে যাব আপোনাৰ আজিৰ দিনটো ?

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 4:21 AM IST

Daily Horoscope For 2nd February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 2nd February 2024
কেনে যাব আপোনাৰ আজিৰ দিনটো ?

মেষ ৰাশি: আজি আপুনি নিজৰ পৰিয়ালৰ সৈতে প্ৰতিটো মুহূৰ্ত উপভোগ কৰিব ৷ স্বামীয়ে স্ত্ৰীৰ সৈতে বা স্ত্ৰীয়ে স্বামীৰ সৈতে যি সময় কটাব সেয়া বহু মূল্যবান আৰু স্বৰ্গীয় সুখপূৰ্ণ হ’ব ৷ আপুনি ইয়াৰ আৱেগিক আৰু শাৰীৰিক দিশৰ পৰা পৰম পৰিতৃপ্ত হ’ব ৷ আৰ্থিক দিশতো দিনটো সন্তোষজনক ৷ আপুনি আজি যি কোনো বস্তুক লৈ সুদৃঢ় আৰু নিশ্চিত হৈ থাকিব আৰু আপোনাৰ দৃঢ়মত ঠিক হওক বা নহওক, সেয়া উচ্চ প্ৰশংসিত হ’ব ৷ কাজিয়া বিবাদ এৰাই চলক, নহ’লে এয়া আপোনাৰ ভাল দিনটোক নষ্ট কৰি পেলাব ৷

বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ আজি আপোনাৰ মন আৰু শৰীৰ দুয়োটা প্ৰসন্ন হৈ থাকিব ৷ আজি আপোনাৰ মুখত গোটেই দিনটো হাঁহি বিৰিঙি থাকিব, আৰু তাৰ বহুত কাৰণো থাকিব অৱশ্যে ৷ আজি আপোনাৰ সকলো কাম সুচাৰুৰূপে সম্পন্ন হ’ব আৰু আপুনি যদি ভাবি থৈছিলে যে কোনো কাম আজি শেষ কৰিব, তেতিয়া হ’লে সেইবোৰ আজিয়ে শেষ কৰিব পাৰিব ৷ আপুনি আগতে কৰি থোৱা বিনিয়োগৰ পৰা ভাল লাভ্যাংশ পাব পাৰে ৷ লগতে আপুনি আপোনাৰ পিতৃ-মাতৃৰ সাহায্যত বহুত লাভৱান হ’ব পাৰিব ৷ আপুনি যদি কেইদিমান ধৰি বেয়া সময়ৰ সৈতে যুঁজি আছিলে, যদিও আজি আপোনাৰ সময় আকৌ ভাললৈ আহিব ৷

মিথুন ৰাশি: আজিৰ দিনটো আপুনি মনত ৰাখিবলৈ নিবিচাৰিব ৷ আজি আপুনি লাঞ্ছনা আৰু বিড়ম্বনাৰ সন্মুখীন হ’ব পাৰে ৷ আজি আপুনি হয়তো নতুনকৈ কিবা আৰম্ভ কৰিবলৈ বিচাৰিব, কিন্তু আপোনাৰ মনে বিচৰা দৰে কোনো কামেই সম্পন্ন নহ’ব ৷ সন্তানৰ শিক্ষা, স্বাস্থ্য বা মংগলৰ বাবে আপোনাক আজি বহুত টকা খৰচ কৰিবলগীয়া হ’ব পাৰে ৷ আপুনি নিজৰ স্বাস্থ্যক লৈয়ো বহুত চিন্তাত থাকিব, যাৰ ফলত আপুনি হতাশ অনুভৱ কৰিব ৷ স্বামীৰ স্বাস্থ্যৰ বাবে স্ত্ৰীক বা স্ত্ৰীৰ স্বাস্থ্যৰ বাবে স্বামীক চিন্তিত কৰি তুলিব পাৰে ৷ শিক্ষকসকলৰ কাৰণে আজিৰ দিনটো মধ্যমীয়া হ’লেও কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ’ব পাৰে ৷

কৰ্কট ৰাশি: আজিৰ দিনটো বিশেষ এটা ভাল নহয় ৷ আজি আপোনাৰ মেজাজ বৰ বেয়া হৈ থাকিব ৷ আজি আপুনি হয়তো ভাবিব যে, ক’ত কি ভুল হ’ল বা আপুনি কি ভুল কৰিছে ৷ আপোনাৰ আজিৰ দিনটো বেয়া হোৱাৰ একমাত্ৰ কাৰণ গ্ৰহৰ বেয়া অৱস্থান ৷ আপোনাৰ মন আজি উদ্বেগ আৰু সন্দেহেৰে পূৰ্ণ হৈ থাকিব ৷ আপুনি আজি পৰিয়ালৰ লোকৰ সৈতে আৰু আনকি কোনো মহিলাৰ সৈতে কাজিয়াত লিপ্ত হ’ব পাৰে ৷ আপুনি আজি লাঞ্ছিত হ’ব পাৰে ৷ ঈশ্বৰ আপোনাৰ সহায় হওঁক ৷

সিংহ ৰাশি: আজি আপোনাৰ দিনটো অসাধাৰণ ৷ স্বাস্থ্য ভালে থাকিব ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে আপোনাৰ ভাল আৰু গঠনমূলক আলাপ-আলোচনা হ’ব ৷ আজি আপুনি বন্ধু আৰু প্ৰিয়জনৰ সৈতে সুন্দৰ এটি ঠাইত সৰু-সুৰা ভ্ৰমণত যাব পাৰে ৷ আপোনাৰ সমৃদ্ধিয়ে আপোনাৰ বন্ধু আৰু প্ৰিয়জনসকলৰ উপকাৰ কৰিব পাৰে ৷ আজি আপুনি শিল্পকলা সম্বন্ধীয় যি কোনো বস্তুৰ প্ৰতি প্ৰবল আকৰ্ষণ অনুভৱ কৰিব আৰু সকলো বস্তুৰ প্ৰতি আপুনি অস্বাভাৱিক আৱেগিক হৈ উঠিব ৷ আপোনাৰ শৰীৰ-মন-আত্মাৰ কাৰণে দিনটো বৰ ভাল ৷

কন্যা ৰাশি: আপোনাৰ সুস্বাস্থ্যই এইটো নিশ্চিত কৰিব যে, আজিৰ দিনটোক আপুনি সম্পূৰ্ণ ৰূপত উপভোগ কৰিব পাৰিব ৷ আপুনি আজি হয়তো বৌদ্ধিক আলোচনাৰ মাজত সোমাই পৰিব পাৰে, কিন্তু সাৱধান, ভাবি চিন্তি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব, নহ’লে সেই আলোচনা মাৰপিটলৈ পৰ্যবসিত হ’ব পাৰে ৷

তুলা ৰাশি: আজি আপোনাৰ দিনটো অতি উত্তম ৷ বিশেষকৈ সৃজনশীলতা আৰু শিল্পকলাৰ প্ৰতি আপোনাৰ সহজাত প্ৰতিভাৰ ক্ষেত্ৰত এইষাৰ কথা অধিককৈ সত্য বুলি প্ৰমাণিত হ’ব ৷ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব ৷ আজি যদি কোনো কামত উদ্ভাৱনীমূলক চিন্তা কৰিবলগীয়া হয় বা অগতানুগতিক কথা ভাবিলগীয়া হয়, তেতিয়া হ’লে সেইকাম আজি আপুনিয়ে কৰিব পাৰিব ৷ আপুনি নিজৰ উচ্চ আদৰ্শৰ দ্বাৰা আপোনাৰ লক্ষ্য পূৰণ কৰিব পাৰিব আৰু আপুনি নিজৰ বিত্তীয় বিষয়বোৰকো ভালকৈ চম্ভালি ল’ব পাৰিব ৷ আপোনাৰ প্ৰিয়জনে আপোনাৰ উপস্থিতিক উপভোগ কৰিব ৷

বৃশ্চিক ৰাশি: দুৰ্ঘটনাৰ পৰা সাৱধান ৷ শল্য চিকিৎসা গ্ৰহণ কৰিব পাৰে ৷ ভাবি চিন্তি কথা ক’ব, কাৰণ কাজিয়া-বিবাদ লাগি যাব পাৰে ৷ আপুনি নিজৰ সমস্যাত জৰ্জৰ হৈ থাকিব আৰু তাৰ ফলত আপোনাৰ শৰীৰ আৰু মনৰ স্বাস্থ্য বেয়া হৈ থাকিব ৷ মনোৰঞ্জনৰ নামত আপোনাৰ টকা খৰচ হ’ব পাৰে ৷ ঘনিষ্ঠ কোনো লোক বা প্ৰিয়জনৰ সৈতে ভুল বুজাবুজিৰ সম্ভাৱনা আছে ৷

ধনু ৰাশি: আজি দিনটো অতি লাভদায়ক ৷ আজি আপুনি নিজৰ সাংসাৰিক জীৱনক সম্পূৰ্ণ ৰূপত উপভোগ কৰিবলৈ পাব ৷ বন্ধুসকলৰ সৈতে সৰুসুৰা ভ্ৰমণত যাব পাৰে ৷ আপোনাৰ গ্ৰহৰ অৱস্থানে আপোনাৰ আয়বৃদ্ধি কৰাব পাৰে ৷ নিজৰ প্ৰিয় খাদ্য ভোজন কৰিব পাৰে ৷

মকৰ ৰাশি: আজি আপুনি ব্যৱসায়িক বিষয়ৰপৰা লাভবান হ’ব পাৰে ৷ ধন আদায়, ভ্ৰমণ আৰু অতিৰিক্ত আয়ৰ বাবে আজিৰ দিনটো অনুকূল ৷ আজি আপোনাৰ প্ৰিয়জনে আপোনাক উপহাৰ দি চমক দিব পাৰে ৷ জুই, পানী আৰু দুৰ্ঘটনাৰপৰা আঁতৰত থাকক ৷ ব্যৱসায়িক কামত আপোনাক ইয়াৰপৰা তাত আৰু তাৰপৰা ইয়াত দৌৰি ফুৰিবলগীয়া হ’ব পাৰে ৷ আপুনি সন্তানৰ পঢ়া-শুনাৰ উন্নতিক লৈ সন্তুষ্ট থাকিব ৷ আপোনাৰ সুনাম বৃদ্ধি হ’ব ৷

কুম্ভ ৰাশি: আজি আপোনাৰ বাবে দিনটো মিশ্ৰ ফলাফলৰ ৷ আজি শৰীৰ বৰ ভালে নাযাব পাৰে ৷ কিন্তু মানসিকভাৱে আপুনি অত্যন্ত প্ৰফুল্লতা অনুভৱ কৰিব ৷ কাম কৰাৰ উৎসাহৰ অভাৱৰ ফলত আপুনি উদ্দীপনাৰ অভাৱো অনুভৱ কৰিব পাৰে ৷ আপোনাৰ সহকৰ্মীসকলে আপোনাৰ কামক লৈ হয়তো অসুখী হৈ থাকিব পাৰে, তাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ মনেৰঞ্জনৰ নামত আপুনি আজি বহুত টকা খৰচ কৰিবলগীয়া হ’ব পাৰে ৷ ভ্ৰমণত ওলাব পাৰে ৷ বিদেশৰ পৰা খবৰ আহিব পাৰে ৷ সন্তানক লৈ দুশ্চিন্তাত থাকিব ৷

মীন ৰাশি: আজি আপুনি আধ্যাত্মিকতাত নিমগ্ন থাকিব ৷ আজি আপুনি কিছু প্ৰতিকূল পৰিস্থিতিৰ মুখত পৰিব ৷ লগতে আপুনি আজি স্বাস্থ্যৰ প্ৰতি অধিক যত্ন ল’বলগীয়া হ’ব পাৰে ৷ অসুস্থতাৰ কাৰণে আপোনাৰ বহুত টকা খৰছ হৈ যাব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ সময়ত ধৈৰ্য ধৰি থাকক ৷ অপ্ৰত্যাশিত আৰ্থিক লাভে আপোনাক উত্সাহিত কৰি তুলিব ৷ ব্যৱসায়ীসকলে আগতে যদি কোনোবাক ধাৰ দিছে, তেতিয়া হ’লে আজি সেই টকা ঘূৰাই পাব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.