ETV Bharat / state

টকা যিকোনো প্ৰকাৰে ঘটিব পাৰি, মেধা ওপৰতে পোৱা নাযায় : ভাস্বত শইকীয়াৰ পিতৃ - UPSC Result 2023

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 9:07 PM IST

552 নম্বৰ স্থান দখলেৰে ইউ পি এছ চি পৰীক্ষাত উজলিল নগাঁৱৰ ভাস্বত শইকীয়া । চৰকাৰী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা ভাস্বত শইকীয়াৰ সফলতাত সীমাহীন সুখ পিতৃ-মাতৃৰ । পুত্ৰৰ ঈর্ষণীয় সফলতাৰ পিচত পিতৃয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য- ‘‘জীৱনত টকা-পইচা ডাঙৰ নহয়, কিন্তু মেধা ওপৰতে পোৱা নাযায় ।’’

BHASWAT SAIKIA UPSC
ইউ পি এছ চিত 552 নম্বৰ স্থানপ্ৰাপক ভাস্বত শইকীয়াৰ পিতৃ

নগাঁও, 16 এপ্ৰিল: “জীৱনত টকা-পইচা বিভিন্ন উপায়েৰে ঘটিব পাৰি । টকা-পইচা উপাৰ্জন কৰাটো সাধাৰণ কথা । কিন্তু মেধা সহজতে পোৱা নাযায় । বহু কষ্টৰ ফলত মেধা হ’ব পৰা যায় ।” এই গুৰুত্বপূৰ্ণ মন্তব্য মঙলবাৰে ঘোষিত ইউ পি এছ চি পৰীক্ষাৰ ফলাফলত সফলতা লাভ কৰা নগাঁৱৰ ভাস্বত শইকীয়াৰ পিতৃ বীৰেন্দ্ৰ নাথ শইকীয়াৰ ।

পুত্ৰ ভাস্বত শইকীয়াই ইউ পি এছ চি পৰীক্ষাত 552 নম্বৰ স্থান লাভ কৰাৰ খবৰ লাভ কৰাৰ লগে লগে এক আনন্দমুখৰ পৰিবেশ বিৰাজ কৰে ভাস্বত শইকীয়াৰ পৰিয়ালত । পুত্ৰৰ সফলতাৰ খবৰ লাভ কৰাৰ পিচতেই সংবাদ মাধ্যমৰ সন্মুখত মনৰ আনন্দৰ প্ৰকাশ কৰে পিতৃয়ে ৷

ভাস্বত শইকীয়াৰ পিতৃ বীৰেন্দ্ৰনাথ শইকীয়াই কয় যে বহু টকা-পইচা থকাতকৈ পুত্ৰৰ সফলতাত অধিক সুখী হৈছে তেওঁ ৷ তদুপৰি প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী হিচাপে মাতৃ দিব্যজ্যোতি বৰাই পুত্ৰক চৰকাৰী বিদ্যালয়তে শিক্ষাগ্ৰহণ কৰোৱাই লাভ কৰা সফলতাত উৎফুল্লিত হৈ পৰা দেখা গৈছে ।

উল্লেখ্য যে খেতিয়ক বীৰেন্দ্ৰনাথ শইকীয়া আৰু শিক্ষয়িত্ৰী দিব্যজ্যোতি বৰাৰ পুত্ৰ ভাস্বত শইকীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ ২০১২ চনত দশম স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷ সেই সময়ৰ পৰাই আৰম্ভ হৈছিল ভাস্বত শইকীয়াৰ সফলতাৰ নতুন যাত্ৰা ৷

পৰৱৰ্তী সময়ত গুৱাহাটীৰ সেনা বাহিনীৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ভাস্বত শইকীয়াই গুৱাহাটী আই আই টিৰ পৰা অভিযান্ত্ৰিক বিভাগত স্নাতক ডিগ্ৰী (বি টেক) লাভ কৰে । কিছু বছৰ পুনেত এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত চাকৰি কৰাৰ পিচত তেওঁ সংযুক্ত লোকসেৱা আয়োগৰ পৰীক্ষা (ইউ পি এছ চি) ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে ।

বিগত বৰ্ষত আই এফ এছত ৬৮ সংখ্যক স্থান দখল কৰা ভাস্বত শইকীয়াই এবছৰৰ বাবে অতিৰিক্ত সময় লৈ ঘৰতে পুনৰ প্ৰস্তুতি চলাইছিল ইউ পি এছ চি পৰীক্ষাৰ বাবে । উল্লেখ্য যে ইউ পি এছ চিত স্থান লাভ কৰি অসমৰ লগতে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা ভাস্বত শইকীয়াৰ সাফল্যত গৌৰাম্বিত সমগ্ৰ নগাঁওবাসী ।

লগতে পঢ়ক: UPSCৰ ফলাফলত জিলিকিল অসমৰ কেবাগৰাকীও প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.