ETV Bharat / state

আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা অবিহনে চুক্তি নহয়: বিজয় হাজৰিকা - Ex ULFA coordination committee

author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 8:00 PM IST

EX ULFA COORDINATION COMMITTEE COMMENT ON PEACE TALK WITH PARESH BARUAH
আলফা সেনাধ্যক্ষ পৰেশ বৰুৱা অবিহনে আলফা আলোচনা চুক্তি নহয়

Ex ULFA coordination committee: শান্তিৰ স্বাৰ্থত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰে আলোচনাৰ পোষকতা প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ ল’লে পৰেশ বৰুৱাৰে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা সম্ভৱ হৈ উঠাৰ আশা ব্যক্ত সমিতিৰ ৷

সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় হাজৰিকা

গুৱাহাটী, ১ এপ্ৰিল: আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা অবিহনে আলফাৰে আলোচনাৰ চুক্তি নহয় । মাইনাচ পৰেশ বৰুৱা, আলোচনা মাইনাচ । এই মন্তব্য সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি কাৰ্যকৰী সভাপতি বিজয় হাজৰিকাৰ । পৰেশ বৰুৱা অবিহনে আলোচনাই কেতিয়াও শুদ্ধভাবে গতি নকৰে বুলি উল্লেখ কৰি হাজৰিকাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আগভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত আলোচনা কৰিলে আলফাৰ লগত এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা সম্ভৱ হৈ উঠিব বুলি আশা ব্যক্ত কৰে ৷

অসমৰ শান্তিৰ স্বাৰ্থত আলোচনা হ’ব লাগে বুলি উল্লেখ কৰি তেওঁ এনএছচিএনৰ লগত বিদেশত গৈ চৰকাৰে আলোচনা কৰিব পাৰিলে পৰেশ বৰুৱাৰ লগত বিদেশী ৰাষ্ট্ৰত আলোচনা কৰিবলৈ যোৱাত আপত্তি কিহৰ বুলি মন্তব্য কৰে ৷ তেওঁ লগতে কয় যে, যেতিয়া আমি আলফালৈ গৈছিলো সেই পৰিৱেশ এতিয়া নাই অসমত । এতিয়া শান্তি আৰু জীৱিকাৰ পিচত জনসাধাৰণ দৌৰিছে । আলোচনাপন্থী আলফাক টকা-পইচা দি বাকীসকলক অৱজ্ঞা কৰাটো বেয়া বুলি মন্তব্য কৰি শ্বহীদৰ পৰিয়ালৰ প্ৰতিও চৰকাৰ দায়বদ্ধ হ'ব লাগে বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ সভাৰ শেষত সংবাদমাধ্যমক মন্তব্য কৰি সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় হাজৰিকাই অসমৰ শান্তিৰ স্বাৰ্থত আলোচনা হ’ব লাগে বুলি মন্তব্য কৰি আগন্তুক লোকসভা নিৰ্বাচনত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ কেনেধৰণৰ ভূমিকা হোৱা উচিত এই বিষয় সম্পৰ্কে প্ৰতিনিধি সভাত আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে ।

তেওঁ লগতে উক্ত সভাত মূলসুঁতিলৈ উভতি অহা প্ৰাক্তন আলফাসকলক কৰ্ম সংস্থাপন দিয়া, প্ৰাক্তন আলফাৰ বিৰুদ্ধে থকা গোচৰৰ মীমাংসা কৰাৰ লগতে দহটা দাবী সন্দৰ্ভত আলোচনা কৰাৰ কথা ব্যক্ত কৰে । প্ৰাক্তন আলফাৰ বিৰুদ্ধে থকা প্ৰায় ৩ শতাধিক গোচৰৰ মীমাংসা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে, প্ৰাক্তন আলফাৰ বিৰুদ্ধে থকা কিছুমান গুৰুতৰ অভিযোগ নিষ্পত্তি কৰাত অসুবিধা হৈছে । যিবোৰ গোচৰৰ সৈতে আলফা (স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা জড়িত হৈ আছে এই গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰত আছে অসুবিধা । অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি অহা প্ৰাক্তন আলফাক শান্তিৰ স্বাৰ্থত গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰিবলৈ তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক: ৯৩৬ জন প্ৰাক্তন আলফা সদস্যক আৰ্থিক সাহায্য বিতৰণ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.