প্ৰতি ঈদত মন্দিৰ-নামঘৰৰ জীৱকুলত খাদ্য যোগান এজন মুছলমান যুৱকৰ - Eid ul Fitr in Kaliabor
Eid ul Fitr: প্ৰতিটো ঈদতে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি আহিছে কলিয়াবৰৰ এজন যুৱকে ৷ বান্দৰ, চৰাই আদিৰ প্ৰতি দায়বদ্ধ যুৱকজনৰ প্ৰশংসনীয় পদক্ষেপক শলাগ লৈছে সকলোৱে ৷

Published : April 11, 2024 at 10:43 PM IST
কলিয়াবৰ, 11 এপ্ৰিল: সমগ্ৰ দেশতে আজি উদযাপন কৰা হ’ল পবিত্ৰ ঈদ-উল-ফিটৰ । প্ৰেম আৰু ভাতৃত্ববোধেৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিলে পবিত্ৰ ধৰ্মীয় উৎসৱটো । ঈদৰ দিনটোতে কলিয়াবৰত দেখা গ’ল আন এক ভাললগা দৃশ্য ৷
- " class="align-text-top noRightClick twitterSection" data="">
কলিয়াবৰৰ হাতীমূৰাৰ দুৰ্গা মন্দিৰ, শিলঘাটৰ কামাখ্যা দেৱালয়ৰ কপিকূলৰ লগতে পাৰ চৰাইক নজৰুল ইছলাম নামৰ যুৱকজনে যোগান ধৰিলে খাদ্য সামগ্ৰী । তদুপৰি ভঁৰালী নামঘৰৰ পাৰ চৰাইকো খাদ্য যোগান ধৰে নজৰুলে ।
নজৰুল ইছলামে জনোৱা মতে, কলিয়াবৰৰ যিকেইটা ঐতিহ্যমণ্ডিত ধৰ্মীয় স্থান আছে সেই সকলোতে ঈদৰ নামাজ আদায় কৰি পৰিয়ালক লগত লৈ কল, বুট আৰু অনান্য খাদ্য সামগ্ৰী লৈ প্ৰতিটো ঈদৰ সময়ত এইদৰে খাদ্য যোগান ধৰি আহিছে তেওঁ । যিহেতু কলিয়াবৰৰ হাতীমূৰা দুৰ্গা মন্দিৰ আৰু শিলঘাটৰ কামাখ্যা দেৱালয়তে সৰ্বাধিক বান্দৰ আৰু পাৰ আছে, সেয়ে এই স্থান দুটাৰ লগতে ভঁৰালী নামঘৰলৈ গৈ যোৱা সময়ছোৱাত এনেদৰে খাদ্য বিতৰণ কৰি আহিছে নজৰুল ইছলামে ।
এইক্ষেত্ৰত হিন্দু ধৰ্মীয় স্থানকেইটাৰ উদ্যোক্তাসকলেও খাদ্য বিতৰণত তেওঁক অতি সাদৰেৰে সহযোগ কৰি তেওঁৰ আনন্দ দুগুণে বৃদ্ধি কৰি আহিছে । উল্লেখ্য যে জখলাবন্ধাৰ এখন যান-বাহন মেৰামতি প্ৰতিষ্ঠানৰ গৰাকী নজৰুল ইছলামে বিগত প্ৰায় ৮ বছৰে এইদৰে জীৱকুলক যোগান ধৰি আহিছে খাদ্য সামগ্ৰী ।
ঈদৰ নামাজ পঢ়ি নিজ পত্নী-সন্তানক লগত লৈ পৱিত্ৰ ঈদ-উল-ফিটৰ দিনটোত প্ৰাণীকুলৰ প্ৰতি মহানুভৱতাৰ পৰিচয়ৰে ধৰ্মীয় ভেদাভেদৰ বিপৰীতে এক নিদৰ্শন দাঙি ধৰিছে নজৰুল ইছলামে । তেওঁ কয় যে মানুহ হিচাবে এনেধৰণৰ কামবোৰ কৰাটো প্ৰয়োজন ৷ উঠি অহা প্ৰজন্মৰো যাতে জীৱকুলৰ প্ৰতি এনে দায়বদ্ধতা অনুভৱ কৰে সেয়াই বিচাৰে প্ৰকৃতিপ্ৰেমী যুৱকজনে ৷
লগতে পঢ়ক: হাজিৰা কৰি পোৱা টকাৰেই ফুলৰ পুলি কিনি সাজিছে বাগিচা

