ETV Bharat / state

বহুবিবাহ নিষিদ্ধ আইন সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 9:01 PM IST

Updated : Feb 5, 2024, 10:16 PM IST

Pollygamy ban bill: সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধান সভাৰ বাজেট অধিবেশনতে উত্থাপন হ’ব বহুবিবাহ নিষিদ্ধ বিধেয়ক ৷ ইতিমধ্যে চৰকাৰে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে এই বিধেয়ক উত্থাপনৰ বাবে ৷ এই বিধেয়কখন আইনত পৰিণত হ’লে কিদৰে প্ৰভাৱ পৰিব অসমত ? বিশেষকৈ মুছলমান সমাজত কি প্ৰভাৱ পৰিব ? এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ...

Pollygamy ban bill
Pollygamy in Assam
নেকিবুৰ জামানৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

গুৱাহাটী, ৫ ফেব্ৰুৱাৰী: অহা ২৮ ফেব্ৰুৱাৰীলৈকে চলিব লগা অসম বিধান সভাৰ বাজেট অধিৱেশনৰ সময়ছোৱাত বহুবিবাহ নিষিদ্ধ বিধেয়কখন উত্থাপন কৰা হ'ব । সদনত শাসকপক্ষৰ পৰ্যাপ্ত ভোট থকাৰ পৰিপ্ৰেক্ষিতত এইখন আইনত পৰিণত হোৱাৰ সম্ভাৱনা অধিক । এতিয়ালৈকে এ আই ইউ ডি এফ দলে এই বিধেয়কৰ বিৰোধিতা কৰি আছে ।

এইখন বহুবিবাহ নিষিদ্ধ বিধেয়কখন আইনত পৰিণত হ'লে বহুবিবাহৰ বিৰুদ্ধে কঠোৰ হ’ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ । ইতিমধ্যে শৰ্মাই ইতিমধ্যে ছমাহ পূৰ্বে বহুবিবাহ নিষিদ্ধ কৰিব বুলি ঘোষণ কৰিছিল ।

উল্লেখ্য যে অসম চৰকাৰে ৰাজ্যখনত বহুবিবাহ বন্ধ কৰাৰ বাবে ৰাজ্যিক নীতি-নিৰ্দ্ধাৰণ ব্যৱস্থা শক্তিশালী হয়নে নাই সেই সম্পৰ্কে পৰীক্ষা কৰিবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰিছিল । ইটিভি ভাৰতে এই বিধেয়ক সন্দৰ্ভত এক আছুতীয়া সাক্ষাৎ গ্ৰহণ কৰিছিল কমিটীখনৰ অন্যতম সদস্য তথা জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ ৷ সাক্ষাৎকাৰৰ সময়ত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তাজনে ৷

তেওঁ কয়, ‘‘অসম চৰকাৰে ন্যায়াধীশ ৰুমী ফুকনৰ অধ্যক্ষতাত বিশেষজ্ঞ সমিতিখন গঠন কৰিছিল । এই‌ কমিটিখনৰ মই অন্যতম সদস্য হিচাপে আছোঁ । বিভিন্ন ধৰ্মত আইনগতভাৱে বহুবিবাহ নিষিদ্ধ হৈ আছে । হিন্দু ধৰ্মতো বিবাহ বিচ্ছেদ নকৰাকৈ পুনৰ‌ বিবাহ কৰিব নোৱাৰে । পুনৰ বিবাহপাশত আৱদ্ধ হোৱাৰ ক্ষেত্ৰত বহুত নিয়ম ‌আছে । ইছলাম ধৰ্মৰ ক্ষেত্ৰত পুনৰ বিবাহপাশত আৱদ্ধ হোৱাৰ‌ ক্ষেত্ৰত আইন‌ আছে । সংখ্যালঘু মুছলিমৰ ক্ষেত্ৰত বিশেষকৈ চৰ অঞ্চলত প্ৰব্ৰজিত ভাষিক মুছলমানসকলৰ মাজত বহুবিবাহ প্ৰচলন বেছিকৈ হোৱা দেখা যায় । কিন্তু অসমীয়াভাষী মুছলমানসকলৰ মাজত বহুবিবাহৰ প্ৰচলন অতি কম । চৰ অঞ্চলত এগৰাকী ব্যক্তিয়ে কেবাগৰাকী মহিলাক বিয়া কৰোৱাৰ পৰম্পৰা কিছু অধিক । এইধৰণৰ বহুত ঘটনাৰ উদাহৰণ আছে । এইক্ষেত্ৰত বহুত মহিলাৰ জীৱন দুৰ্বিষহ হৈছে ।’’

তেওঁ লগতে কয়, ‘‘এই‌ক্ষেত্ৰত জনসংখ্যাৰ অনিয়ন্ত্ৰিত বৃদ্ধি আৰু মহিলাসকলৰ জীৱনৰ‌ নিৰাপত্তাৰ প্ৰতি প্ৰশ্ন উত্থাপন হয় । গতিকে বহুবিবাহ বন্ধ কৰাৰ বাবে চৰকাৰৰ হাতত এখন শক্তিশালী আইন থকাৰ প্ৰয়োজন । এই আইনখন হ'লে বিশেষকৈ‌ মুছলমান মহিলাসকলৰ নিৰাপত্তা নিশ্চিত হ'ব ।’’

তেওঁ আৰু কয়, ‘‘বহুবিবাহ বন্ধ সম্পৰ্কীয় আইনখনৰ যথেষ্ট প্ৰাংসাগিকতা আছে । এইখন আইন হ'লে চৰকাৰে নিৰ্দিষ্ট কিছুমান নিয়ম প্ৰস্তুত কৰিব । এই বিধেয়কখনৰ‌ সপক্ষে সকলো‌ মহিলাৰ সমৰ্থন আছে । এই বিধেয়কখন আইনত পৰিণত হ’লে নিশ্চিতভাৱে অসমৰ‌ সমাজ জীৱনত ইতিবাচক প্ৰভাৱ পৰিব ।’’

লগতে পঢ়ক: এ আই ইউ ডি এফ নেতা-কৰ্মীৰ ভৰিৰ তলত অসমীয়াৰ গামোচা

Last Updated : Feb 5, 2024, 10:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.