ETV Bharat / state

দুই বন্যহস্তীৰ তয়াময়া যুঁজ - বন বিভাগ

Elephant fight in Golaghat : গোলাঘাট জিলাৰ নুমলীগড়স্থিত এখন চাহ বাগিচাত দুটা বন্যহস্তীৰ তয়াময়া যুঁজে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ তাৰ পিচতেই ঘাইপথেৰে অহা-যোৱা কৰা লোকসকললৈ চোঁচা লৈ বন্যহস্তী দুয়োটাই ।

Elephant fight in Golaghat
দুই বন্যহস্তীৰ তয়াময়া যুঁজ
author img

By ETV Bharat Assamese Team

Published : February 27, 2024 at 1:32 PM IST

2 Min Read
দুই বন্যহস্তীৰ তয়াময়া যুঁজ

গোলাঘাট, 27 ফেব্ৰুৱাৰী : গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। কিন্তু এইবাৰ হাতী-মানুহৰ সংঘাত নহয় । এইবাৰ জিলাখনৰ নুমলীগড়স্থিত এখন চাহ বাগিচাত দুটা বন্যহস্তীৰ তয়াময়া যুঁজে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ জিলাখনৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা চাহ বাগিচাৰ মাজত দুই মখনা বন্যহস্তীৰ যুঁজ । প্ৰায় বহু সময় ধৰি দুয়োটা বন্যহস্তীৰ মাজত যুঁজ চলি থাকে ।

ইফালে দুই বন্যহস্তীৰ যুঁজ দেখি ঘাইপথত ৰাইজে ভিৰ কৰিছেহি । আনহাতে বন্যহস্তী দুটাৰ যুঁজৰ বাবে বহু সময় ধৰি আতংকিত হৈ পৰে ঘাইপথেৰে অহা-যোৱা কৰা পথচাৰীসকল । অৱশেষত বন্যহস্তী দুটাই যুঁজি যুঁজি ৰাষ্ট্ৰীয় ঘাইপথলৈ উঠি আহে । তাৰ পিচতেই ঘাইপথেৰে অহা-যোৱা কৰা লোকসকললৈ চোঁচা লৈ বন্যহস্তী দুয়োটাই ।

উল্লেখ্য যে, খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকটোৱে জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে । প্ৰতিদিনে বিশেষকৈ নুমলীগড় অঞ্চলৰ, মৰঙী, পাভজান, পোৰাবাংলা, দৈগ্ৰং, ধলাগুৰি, আদিৰ লগতে বৃহত্তৰ মৰঙী মৌজাৰ বিভিন্ন গাঁৱত প্ৰৱেশ কৰি হাতীৰ জাকে ভঁৰালৰ ধান খাই তহিলং কৰাৰ লগতে ভাঙি তচনচ কৰে বাসগৃহ।

ইয়াৰ উপৰিও মাজে মাজে এনেদৰে বন্যহস্তীৰ মাজতে হোৱা যুঁজ দেখি আতংকিত হৈ পৰে চাহ বাগিচা আৰু গাঁৱৰ সৰ্বসাধাৰণৰ ৰাইজ। আনকি বিভিন্ন সময়ত বন্যহস্তীৰ আক্ৰমণ চাহ বাগিচা আৰু গাঁৱৰ লোক নিহত হোৱাৰ উপৰিও বহু লোক চিৰদিনৰ বাবে পংগু হ'বলগীয়া হৈছে । কিন্তু অতি পৰিতাপৰ বিষয় এই যে, এই সমগ্ৰ দৃশ্য দেখিও চকু মুদা কুলিৰ ভাও ধৰে গোলাঘাট জিলাৰ বন বিভাগ।

লগতে পঢ়ক: বোকাখাতত বন্যহস্তীৰ আক্ৰমণত নিহত শ্ৰমিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.