ETV Bharat / state

মোদী ক্ষমতালৈ অহাৰ পিছত উত্তৰ-পূবত বিকাশ হৈছে: ৰাজ্যপাল

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 6:30 PM IST

Electric Expo 'Electro-Fast': ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই উদ্বোধন কৰে গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বৈদ্যুতিক এক্সপ' 'ইলেক্ট্ৰ' ফেষ্ট' । সকলো বৈদ্যুতিক সমাধান একেখন চালিৰ তলত উপলব্ধ হ'ব এই এক্সপ'ত । তিনিদিনীয়াকৈ পল্টন বজাৰৰ আশী আপছৰাত অনুষ্ঠিত হৈছে বৈদ্যুতিক এক্সপ' 'ইলেক্ট্ৰ' ফেষ্ট' ।

Electric Expo 'Electro-Fast' held for the first time in Guwahati
ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই উদ্বোধন কৰে বৈদ্যুতিক এক্সপ' 'ইলেক্ট্ৰ'ফেষ্ট'

ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই উদ্বোধন কৰে বৈদ্যুতিক এক্সপ' 'ইলেক্ট্ৰ'ফেষ্ট'

গুৱাহাটী,৩ ফেব্ৰুৱাৰী: সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছে বাবে বৈদ্যুতিক এক্সপ' 'ইলেক্ট্ৰ' ফেষ্ট' । য'ত সকলো বৈদ্যুতিক সমাধান একেখন চালিৰ তলত উপলব্ধ হ'ব । গুৱাহাটী ইলেকট্ৰিকেল মাৰ্চেন্ট এছোচিয়েচনৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ পল্টন বজাৰৰ আশী আপছৰাত অনুষ্ঠিত হৈছে বৈদ্যুতিক এক্সপ' "ইলেক্ট্ৰ' ফেষ্ট"।

উক্ত এক্সপ' অনুষ্ঠানিকভাৱে উদ্বোধন কৰি ভাষণ প্রসংগত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই জেমাৰ এই পদক্ষেপক শলাগ লয় । ৰাজ্যপালগৰাকীয়ে কয় যে, প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই বৈদ্যুতিক এক্সপ' ইলেক্ট্ৰ' ফেষ্টত দেশৰ সকলো কোম্পানীক একত্ৰিত কৰা হৈছে । উত্তৰ-পূবৰ উদ্যোগিক খণ্ডৰ উন্নয়ন হৈছে । ব্যৱসায়ীৰ বাবে গ্ৰাহক দেৱতাতকৈ ডাঙৰ ।

তেওঁ লগতে কয় ২০৪৭ ৰ ভিতৰত প্রধানমন্ত্রী মোদীয়ে ভাৰতক শীৰ্ষ স্থানলৈ নিয়াৰ সপোন দেখিছে । মোদী ক্ষমতালৈ অহাৰ পিছত উত্তৰ-পূবত উন্নয়ন আৰু বিকাশ হৈছে । আজিৰ অনুষ্ঠানত সভাপতি নৱল কিশোৰ সাৰডা, উপ-সভাপতি তথা এক্সপ'ৰ অধ্যক্ষ গোপাল পছাৰী, সম্পাদক সাকেতৰাজ পুগলিয়া, এক্সপ'ৰ আহ্বায়ক অভিষেক কেজৰিৱাল, কোষাধ্যক্ষ নবীন ছেঠিয়া, পেনাচনিকৰ সঞ্চালক ৰাজেশ নন্দৱানীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

জেমাৰ সভাপতি নৱল কিশোৰ সাৰডাই কয় যে প্ৰথমবাৰৰ বাবে জেমাই বৈদ্যুতিক বাণিজ্য আৰু সামগ্ৰীৰ প্ৰচাৰৰ বাবে এই মেগা ইভেণ্টৰ আয়োজন কৰিছে আৰু সমগ্ৰ ভাৰতৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছে । এই উপলক্ষে ভাষণ দি ইলেক্ট্ৰ'ফেষ্টৰ অধ্যক্ষ গোপাল পাছাৰীয়ে কয় যে তিনিদিনীয়া এক্সপ'ত ৭২ টা আগশাৰীৰ কোম্পানীয়ে অংশগ্ৰহণ কৰি নিজৰ সামগ্ৰী প্ৰদৰ্শন কৰে ।

এক্সপ'ৰ সচিব সাকেত ৰাজ পুগালিয়াই কয় যে ইলেক্ট্ৰিকেল, লাইটিং এণ্ড পাৱাৰ ৱৰ্ল্ডৰ এক্সপ'য়ে নিৰ্মাণ, অ'ইএমৰ যোগানকাৰী, বিতাৰক, এজেণ্টসকললৈ প্ৰচুৰ বাণিজ্যিক সুযোগ প্ৰদান কৰিব । কোষাধ্যক্ষ নবীন ছেঠিয়াই কয় যে এক্সপ' হৈছে এনে এক মঞ্চ য'ত এজন সাধাৰণ ক্ৰেতাই আহি ইলেক্ট্ৰিকেলছৰ সৈতে জড়িত সমগ্ৰ প্ৰডাক্টসমূহ অন্বেষণ কৰিব পাৰে । তেওঁ লগতে কয় যে, আহ্বায়ক অনিল দুগাৰ, সৌৰভ বোথৰা, অভিষেখ কাগলীৱালৰ, মেহুল পছাৰী, দীপক আগৰৱালা, অংশুমান ধানুকা লগতে জেমাৰ অন্যান্য সদস্যসকলে এই অনুষ্ঠানটোক সফল কৰি তুলিবলৈ কঠোৰ পৰিশ্ৰম আগবঢ়াইছে ।

লগতে পঢ়ক: সৰুপথাৰত বিশ্ব কৰ্কট দিৱস উপলক্ষে সজাগতা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.