ETV Bharat / state

অপহৰণকাৰীক গগণাৰে খুচি আত্মৰক্ষা বিহু নাচনীৰ - Kidnapping case in Guwahati

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 9:45 PM IST

Kidnapper arrested: ৰঙালী বিহুৰ আনন্দ-উল্লাসৰ মাজতে মহানগৰীত সংঘটিত চাঞ্চল্যকৰ ঘটনা । বিহুলৈ বুলি ওলাই অহা এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ চেষ্টা ই-ৰিক্সা চালকৰ । অপহৰণকাৰী ই-ৰিক্সাৰ পৰা জঁপিয়াই নিজকে ৰক্ষা কৰে ছাত্ৰীগৰাকীয়ে । অপহৰণকাৰী ই-ৰিক্সা চালক দিপু ৰাভাক আদালতত হাজিৰ ।

E-rickshaw driver arrested for trying to kidnap student in Guwahati
বিহুৱতীক অপহৰণৰ চেষ্টা চলাই আদালতত ই-ৰিক্সা চালক

গুৱাহাটী,১৭ এপ্ৰিল: বিহুৰ বতৰত গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা । বিহুলৈ ওলাই যোৱা এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ চেষ্টা । চানমাৰীৰ খেলপথাৰৰ বিহুলৈ বিহুৰ সাজেৰে আহিছিল ছাত্ৰীগৰাকী । ই-ৰিক্সাত উঠাই অপহৰণ কৰি নিছিল অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীক । অপহৰণকাৰীৰ ই-ৰিক্সাৰ পৰা জঁপিয়াই নিজকে ৰক্ষা কৰে ছাত্ৰীগৰাকীয়ে । ছাত্ৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত গীতানগৰৰ ৰাজপথৰ পৰা ৰাইজে কৰায়ত্ত কৰে দিপু ৰাভাক ।

দিপু ৰাভাক কৰায়ত্ত কৰি চানমাৰী আৰক্ষীক গতাই দিয়ে ৰাইজে । আজি আদালতত হাজিৰ কৰোৱা হয় দিপু ৰাভাক । ঘটনা অনুসৰি গীতানগৰ কুশল নগৰৰ পৰা মঙলবাৰে সন্ধিয়া বিহুৰ সাজেৰে ছাত্ৰীগৰাকীৰ মাকে চানমাৰিলৈ এখন ই-ৰিক্সাত উঠাই দিছিল । ই-ৰিক্সাখনত ৫ গৰাকীকৈ মহিলা চানমাৰি দিশে আহি আছিল । ই-ৰিক্সাখনৰ চালকৰ কাষৰ চিটত বহি আহিছিল ছাত্ৰীগৰাকী । ই-ৰিক্সাখনৰ চালক দিপু ৰাভাই চানমাৰিত মহিলাকেইগৰাকীক নমাই দিয়ে যদিও ছাত্ৰীগৰাকীক নমাই নিদি পুনৰ চানমাৰিৰ পৰা অলিয়ে গলিয়ে গীতা নগৰলৈ লৈ গৈছিল । গীতানগৰ থানাৰ সন্মুখত ছাত্ৰীগৰাকীয়ে চিঞৰাত গীতানগৰ আৰক্ষীয়ে খেদি যায় যদিও গীতানগৰৰ গলিত ৰিক্সাখন সোমাই যোৱাত আৰক্ষীয়ে ই-ৰিক্সাখন ধৰিবলৈ সক্ষম নহয় ।

পিচত ছাত্ৰীগৰাকীক গীতানগৰৰ অলিয়ে-গলিয়ে ই-ৰিক্সাখন লৈ দিপু ৰাভা গীতানগৰ ফিল্ডৰ সমীপত উপস্থিত হোৱাৰ সময়তে ছাত্ৰীগৰাকীয়ে উপস্থিত বুদ্ধি খটুৱাই মুৰত মাৰি থকা গগণাৰে দিপু ৰাভাক খুচি দি ই-ৰিক্সাৰ পৰা জপিয়াই পুনৰ চিঞৰ-বাখৰ কৰে । লগে লগে ৰাইজ ওলাই আহি গীতানগৰৰ ৰাজপথৰ পৰা ৰাইজে কৰায়ত্ত কৰে দিপু ৰাভা । পৰৱৰ্তী সময়ত আৰক্ষীক গতাই দিয়া ই-ৰিক্সা চালক দিপু ৰাভাক বুধবাৰে আৰক্ষীয়ে আদালতত হাজিৰ কৰায় ।

লগতে পঢ়ক: এসপ্তাহেই সন্ধান নাই গোলাঘাটৰ পৰা অপহৃত কলেজীয়া ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.