২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিল সন্ধিয়া ৫ বজালৈকে ড্রাই ডে' - Lok Sabha Election 2024
Dry Day In Assam: ৰাজ্যৰ সুৰাপায়ীসকলৰ বাবে বেয়া খবৰ । কাইলৈৰ পৰা নাপাব সুৰা । লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ভোটগ্ৰহণৰ পূৰ্বৰ পৰা ৪৮ ঘণ্টালৈ ড্ৰাই ডে' ঘোষণা । ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিল সন্ধিয়া ৫ বজালৈকে ড্রাই ডে' ঘোষণা কৰে নিৰ্বাচন আয়োগে ।

Published : April 23, 2024 at 9:02 PM IST
গুৱাহাটী,২৩ এপ্রিল: ২৪ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিললৈ ড্রাই ডে' ঘোষণা । ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিল সন্ধিয়া ৫ বজালৈকে ড্রাই ডে' ঘোষণা । দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিত ঘোষণা কৰা হৈছে ড্রাই ডে' । ড্রাই ডে' ঘোষণা হোৱা সময়খিনিত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অন্তর্ভূক্ত অঞ্চলৰ ভিতৰত কোনো ব্যক্তি বা দলে নিচাজাতীয় দ্রব্য মজুতকৰণ, সুৰা বিক্রী, মাদক দ্রব্য বিতৰণ বা হোটেলত এনে ধৰণৰ সামগ্ৰী সেৱন আদিত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।
- " class="align-text-top noRightClick twitterSection" data="">
সকলো শুল্কাধীন পণ্যাগাৰ, ভাৰতত নির্মিত, বিদেশী সুৰাৰ খুচুৰা দোকান, বাৰ অথবা ক্লাৱ, হোটেল, ষ্টাৰ হোটেল, দেশীয় সুৰাৰ দোকান বা অন্য ধৰণৰ প্রতিষ্ঠানত এই ড্রাই ডে'ৰ সময়চোৱাত সুৰা বিক্রী বা সুৰা সেৱন কৰা বন্ধ থাকিব । তদুপৰি এই সময়খিনিত কোনো ব্যক্তিৰ দ্বাৰা সুৰা মজুতকৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । আৱকাৰী আইনৰ জৰিয়তে অনুজ্ঞাপত্রবিহীনভাৱে মাদক দ্রব্য মজুতকৰণৰ বিষয়ত জিলা আযুক্তৰ দ্বাৰা ব্যাপক অভিযান চলোৱা হ'ব আৰু আইনগত ব্যৱস্থা গ্রহণ কৰা হ'ব ।
স্বচ্ছ আৰু নিকা নির্বাচন অনুষ্ঠিত কৰি দেশত শক্তিশালী গণতন্ত্র প্ৰতিষ্ঠাৰ বাবে ভাৰতৰ নিৰ্বাচন আযোগে লোকসভা নির্বাচন অনুষ্ঠিত হ'বলগা সমষ্টিসমূহত নিৰ্বাচনৰ পর্যায় অনুসৰি ভোটগ্রহণ শেষ হোৱাৰ পূৰ্বৰ ৪৮ ঘণ্টা ড্রাই ডে' ঘোষণা কৰিছে । এই অনুসৰি অহা ২৬ এপ্রিলত দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হ'বলগীয়া দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টিৰ ক্ষেত্ৰত ২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়া ৫ বজালৈকে ড্রাই ডে' ঘোষণা কৰা হৈছে ।
কোনো সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হ'লে পুনৰ নিৰ্বাচনৰ ক্ষেত্রতো ভোটগ্রহণ শেষ হোৱাৰ আগৰ ৪৮ ঘণ্টাত ড্রাই ডে' প্রযোজ্য হ'ব । আনহাতে, ৪ জুনত ভোট গণনাৰ দিনটোতো ভোট গণনা শেষ নোহোৱা পর্যন্ত সমগ্র দিনটো ড্রাই ডে' বাহাল থাকিব । দেশত শান্তিপূর্ণ, মুক্ত আৰু সফল নির্বাচন অনুষ্ঠিত কৰাতো নিশ্চিতকৰণৰ বাবে এই পদক্ষেপ গ্রহণ কৰা হৈছে ।
লগতে পঢ়ক: 17 ৰ পৰা 19 এপ্ৰিললৈ চৰাইদেউ জিলাত ড্ৰাই ডে' ঘোষণা - Lok Sabha Election 2024

