ETV Bharat / politics

17 ৰ পৰা 19 এপ্ৰিললৈ চৰাইদেউ জিলাত ড্ৰাই ডে' ঘোষণা - Lok sabha Election 2024

Lok sabha Election 2024: 17 এপ্ৰিলৰ পৰা চৰাইদেউ জিলাত ড্ৰাই ডে' ঘোষণা ৷ 19 এপ্ৰিলৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ভোটদানলৈ লক্ষ্য ৰাখি চৰাইদেউ জিলাৰ আয়ুক্তই জাৰি কৰে এই নিৰ্দেশনা ৷

Dry day order by charaideo DC
17 এপ্ৰিলৰ পৰা 19 এপ্ৰিললৈ চৰাইদেউ জিলাত ড্ৰাই ডে' ঘোষণা
author img

By ETV Bharat Assamese Team

Published : April 16, 2024 at 3:08 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ, 16 এপ্ৰিল: সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে শেহতীয়াভাৱে জাৰি কৰিছে এক নিৰ্দেশনা ৷ নিৰ্দেশনা অনুসৰি চৰাইদেউ জিলাত অহা 17 এপ্ৰিলৰ দিনা সন্ধিয়া 5 বজাৰ পৰা ভোটদানৰ দিনা অৰ্থাৎ 19 এপ্ৰিলৰ দিনা সন্ধিয়া 5 বজালৈ ড্ৰাই ডে' ঘোষণা কৰা হৈছে ৷

Lok sabha Election 2024
17 এপ্ৰিলৰ পৰা 19 এপ্ৰিললৈ চৰাইদেউ জিলাত ড্ৰাই ডে' ঘোষণা

এই সময়ছোৱাত সুৰাজাতীয় সামগ্ৰী বিক্ৰী কৰা পাইকাৰী আৰু খুচুৰা বিপণিসমূহ তথা দেশীয় সুৰাৰ দোকানসমূহ বন্ধ থাকিব বুলি নিৰ্দেশনাটোত উল্লেখ আছে । উল্লেখযোগ্য যে, এই আদেশ উলংঘাকাৰীসকলৰ বিৰুদ্ধে অসম আবকাৰী আইনৰ প্ৰযোজ্য ধাৰাৰ অধীনত বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি শেহতীয়াকৈ প্ৰকাশিত নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, চৰাইদেউ জিলাখন প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লগা যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত । সেয়ে শাসক-বিৰোধী সকলো ৰাজনৈতিক দল তথা নেতা-কৰ্মীয়ে যুদ্ধংদেহীভাৱে চৰাইদেউ জিলাৰ অন্তৰ্গত সোণাৰি আৰু মাহমৰা সমষ্টিত চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান । যোৰহাট লোকসভা সমষ্টিত এইবাৰ শাসক দল বিজেপি মিত্ৰজোঁটৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেবিনেট মন্ত্ৰীসকলে দিনে-নিশাই প্ৰচাৰ অভিযান অব্যাহত ৰখা দেখা গৈছে ।

লক্ষণীয় বিষয় যে, তপন কুমাৰ গগৈৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে চৰাইদেউ জিলাখনত কেৱল দুটা দিনহে প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে । সামগ্ৰিক দৃষ্টিত চাবলৈ গ'লে চৰাইদেউ জিলাখনত বিজেপি মিত্ৰজোঁট প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ তৎপৰ হোৱা দেখা গৈছে যদিও যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে কোনগৰাকী প্ৰাৰ্থীক দিল্লীলৈ পঠিয়াব, সেয়াহে হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক: বিজেপিৰ বিৰুদ্ধে সাধাৰণ জনগণৰ যথেষ্ট ক্ষোভ আছে: কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কী - LOK SABHA ELECTION 2024