ETV Bharat / state

ড্ৰাগছ সৰবৰাহত আৰক্ষীৰ পুত্ৰ: গ্ৰেপ্তাৰ ২

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 5:37 PM IST

Anti drugs mission
মেৰাপানীত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ

Drugs smuggling in Assam: মেৰাপানীত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ । নাবালককো জড়িত কৰাইছে ড্ৰাগছ সৰবৰাহত । অভিযানত ৪,৮৪০ টা নিচাযুক্ত টেবলেট উদ্ধাৰ ।

মেৰাপানীত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ

মেৰাপানী, ২৮ ফেব্ৰুৱাৰী: অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীত নিষিদ্ধ ড্ৰাগছসহ দুজনক হাতে লোটে গ্ৰেপ্তাৰ কৰিলে সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফে । মেৰাপানীৰ সঞ্জু মণ্ডল নামৰ এজন লোকৰ বাসগৃহত আজি চি আৰ পি এফে বৃহৎ পৰিমানৰ নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে সৰবৰাহকাৰী অচ্যুত দাসৰ লগতে এজন নাবালকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই অভিযানত চি আৰ পি এফে ৯ টা পেকেটত ৪,৮৪০ টা টেবলেট উদ্ধাৰ কৰে ।

উল্লেখযোগ্য যে সঞ্জু মণ্ডলৰ জোৱায়েক অচ্যুত দাসে নিচাযুক্ত টেবলেটখিনি নাগালেণ্ডলৈ সৰবৰাহৰ চেষ্টা চলাই থাকোতেই চি আৰ পি এফে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত অচ্যুত দাসৰ পিতৃ অসম আৰক্ষীত কৰ্মৰত । ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে চি আৰ পি এফে ।

উল্লেখ্য যে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে অব্যাহত আছে নিচাযুক্ত সামগ্ৰীৰ সহবৰাহ । বিশেষকৈ অসম-নাগালেণ্ডৰ মেৰাপানী সীমান্তৰে দৈনিক সৰবৰাহ হয় এনে নিচাযুক্ত সামগ্ৰী। বিভিন্ন সময়ত আৰক্ষী আৰু অসম-নাগালেণ্ড সীমান্তত নিয়োজিত নিৰপেক্ষ বাহিনী চি আৰ পি এফে এনে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলায় আহিছে যদিও সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰি অব্যাহত ৰাখে ইয়াৰ সৰবৰাহ ।

নিচাযুক্ত সামগ্ৰী সেৱনে যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে । জিলাখনৰ বিভিন্ন প্ৰান্তত বহু যুৱক এনে নিচাযুক্ত সামগ্ৰী সেৱন কৰি চিৰদিনৰ বাবে পঙ্গু হোৱাৰ লগতে কিছুমানে নিচামুক্তি কেন্দ্ৰৰ নিজৰ জীৱন বচাবলৈ সংগ্ৰাম কৰি আছে । ইয়াৰ উপৰি কেইমাহমানৰ পূৰ্বে গোলাঘাট নগৰৰ এজন আৰক্ষী জোৱান আৰু এজন উঠি যুৱক এনে নিচাযুক্ত সামগ্ৰী অত্যাধিক মাত্ৰাত সেৱন কৰাৰ ফলত মৃত্যু মুখত পাৰিছে । এতিয়া আৰক্ষী প্ৰশাসনে এই নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ভবিষ্যৎ প্ৰজন্মৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিব ।

লগতে পঢ়ক:কাছাৰত কোটি টকাৰ ড্ৰাগছসহ আটক ৩ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.