ETV Bharat / state

তাঁত বিহুৰ তাৎপৰ্য বিশ্লেষণ ড৹ জয়ন্ত দেৱ শর্মাৰ - Rongali Bihu 2024

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 6:11 PM IST

Dr. JayantDev Sharma analyzes significance of the Tator Bihu
তাঁত বিহুৰ তাৎপৰ্য বিশ্লেষণ ড৹ জয়ন্ত দেৱ শর্মাৰ

Taat Bihu: মৰমৰ দীঘ, চেনেহৰ বাণীৰে চেনাইলৈ আছু সুতাৰ গামোচা । ৰঙালী বিহু বুলিলেই অসমীয়া সমাজ জীৱনৰ প্ৰয়োজনীয় সকলো সামগ্ৰীৰে আদৰ । সাতবিহুৰ আজি তাঁত বিহু । তাঁতৰ বিহুৰ তাৎপৰ্য কি ? জনালে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উপ-সঞ্চালক ড৹ জয়ন্ত দেৱ শর্মাই ।

তাঁত বিহুৰ তাৎপৰ্য বিশ্লেষণ ড৹ জয়ন্ত দেৱ শর্মাৰ

গুৱাহাটী,১৬ এপ্ৰিল: চৌদিশে ৰঙালীৰ ৰং । ৰীতি-নীতি পৰম্পৰা পালন কৰি উজনিৰ পৰা নামনিলৈ উদযাপন কৰা হয় হেঁপাহৰ ৰঙালী বিহু । সোমবাৰে সাত বিহুৰ তৃতীয় দিন অনুসৰি কৃষিজীৱি ৰাইজে উদযাপন কৰে গোঁসাই বিহু । চ'ত আৰু ব'হাগৰ দোমাহীৰ দিনাৰ পৰা আৰম্ভ হোৱা এই সাত বিহুৰ আজি তাঁত বিহু । চতুৰ্থ ব'হাগৰ দিনা পালন কৰা হয় তাঁত বিহু ।

তাঁত বিহু অসমীয়া চহা জীৱনৰ সৈতে সম্পৰ্ক থকা এক অন্যতম উৎসৱ । কিয়নো অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে । তাঁত বিহু সম্পৰ্কে, এক বিশ্লেষণ দাঙি ধৰিলে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উপ-সঞ্চালক ড৹ জয়ন্ত দেৱ শর্মাই । সাত বিহুৰ প্রত্যেক দিনৰে একোটাকৈ পৃথক পৃথক নাম আছে । প্রথম দিনা গৰু বিহু, দ্বিতীয় দিনা মানুহ বিহু, তৃতীয় দিনা গোঁসাই বিহু, চতুর্থ দিনা তাঁত বিহু, পঞ্চম দিনা নাঙলৰ বিহু, ষষ্ঠ দিনা চেনেহী বিহু আৰু সপ্তম দিনা চেৰা বিহু ।

এই সাত বিহুৰ চতুৰ্থ দিনটো উচৰ্গা কৰা হয় তাঁতশালখনৰ নামত । যিখন শালত বৈ উলিওৱা হয় নিত্য প্রয়োজনীয় বস্ত্ৰ সম্ভাৰৰ লগতে বিহুৰ বাবে অপৰিহাৰ্য্য 'বিহুৱান' আৰু বিহুৱতীৰ বাবে মুগা মেখেলা-চাদৰ তথা ৰিহাখন । তাঁত বিহুৰ দিনা শিপিনীসকলে নিজৰ নিজৰ তাঁতশালখন চাফ-চিকুন কৰি পৰৱৰ্তী বৰ্ষৰ বাবে ইয়াক সাজু কৰে ।

চাকি-বন্তি, ধূপ-ধূনা, তামোল-পান, নৈবেদ্য আগবঢ়ায় ভক্তি ভাৱেৰ তাঁতশালখনলৈ সেৱা আগবঢ়ায় । কাৰণ এই তাঁতশালখনেই বহুতৰ বাবে জীৱিকাৰ একমাত্র সম্বল । এই তাঁতখনৰ লগত অসমৰ মহিলাসকলৰ জীৱন অতি নিবিড় ভাৱে সংপৃক্ত হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে তাঁতশালখন যেন তেঁওলোকৰ হিয়াৰ আমঠু । ফলত, তাঁতশালৰ বিভিন্ন শব্দও দৈনন্দিন ব্যবহৃত ভাষাত ক'ব নোৱাৰা কৈ সোমাই পৰিছে ।

লগতে ড৹ শৰ্মাই কয় যে অসমীয়া বিহু গীত, বিয়া নাম, তাঁতীৰ জুনা আদি গীতি-সাহিত্যসমূহত থকা তাঁতশালৰ উল্লেখনৰ পৰা ইয়াৰ প্ৰাচীনতম ঐতিহ্যৰ উমান ল'ব পাৰি । জাতি, ধর্ম, বর্ণ নির্বিশেষে অসমৰ গ্ৰাম্য সমাজত প্ৰতিগৰাকী মহিলাই তাঁতশালত কাম কৰে । এই তাঁতশালখনক কেন্দ্ৰ কৰি আসমীয়া সমাজত অঞ্চলভেদে বিভিন্ন লোকবিশ্বাস প্রচলন হৈ আছে । সুতা কটাৰ পৰা একেবাৰে তাঁতত কাপোৰ বৈ উলিওৱালৈকে সমস্ত প্রক্রিয়াটো মহিলাসকলে অত্যন্ত নিষ্ঠা আৰু শুচিতাৰে সম্পাদন কৰে ।

গা-নোধোৱাকৈ বা অশুচি গাৰে তাঁতৰ কোনো কামকে তেওঁলোকে নকৰে । তাঁতৰ সজুলি পৰ্যন্ত স্পর্শ নকৰে । শনি আৰু মঙলবাৰে তাঁতত কোনো নতুন কাম আৰম্ভ নকৰে । বিহুত ব্যৱহৃত অসমীয়াৰ গামোচাখনক কোৱা হয় বিহুৱান । বিহুৰ আগে আগে এই বিহুৱান যাতে তাঁতত বৈ উলিয়াব পাৰে তাৰ বাবে ফাগুন চ'ত মাহৰ পৰাই গাঁৱৰ প্ৰতিগৰাকী জীয়াৰী-বোৱাৰীৰ গাত তৎ নাইকীয়া হয় ।

কাৰণ, চ'ত মাহৰ ভিতৰত বৈ উলিয়াব নোৱৰা গামোচা যদি তাঁতশালখনত ৰৈ যায়, সেয়া ঘৰখনৰ বাবে অমংগলৰ চিন বুলি ধৰি লোৱা হয় । শালৰ পৰা কটা প্ৰথমখন বিহুৱান সদায় আগবঢ়ায় গোঁসাই থাপনাৰ বাবে । নিজহাতে তাঁতশালখনত বৈ উলিওৱা বিহুৱানখনৰ প্ৰতিডাল সুতাৰ আহে আহে যেন মিহলি হৈ থাকে শিপিনী গাভৰু বোৱাৰী গৰাকীৰ দেহৰ শ্ৰম আৰু অন্তৰৰ সৰল প্রেম-ভালপোৱা ।

বিহুৱানৰ প্রতিটো চানেকিয়ে যেন তেওঁলোকৰ মনৰ আক্ষৰিক ৰূপ । তাঁতশালখনৰ যোগেদিয়ে বিহুৱানত তেওঁলোকে লিপিবদ্ধ কৰে অন্তৰৰ সমগ্ৰ আবেগ-অনুভূতি । ইয়াৰ ভাষা বুজি পায় কেৱল প্রিয়জনেহে । সেইয়েহে, অসমীয়া শিপিনীৰ অতিকৈ আপোন এই তাঁতশালখনৰ বাবে অসমৰ বাপতিসাহোন জাতীয় উৎসৱ ৰঙালী বিহুৰ চতুৰ্থ দিনটো তাঁত বিহু হিচাপে উদযাপন কৰা হয় ।

লগতে পঢ়ক: ঢোলৰ ছেৱত কাজিৰঙাত কঁকাল ভাঙিলে জাৰ্মানীৰ পৰ্যটকে - Rongali Bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.