ETV Bharat / state

প্ৰসংগ: নামৰূপ সাৰ কাৰখানা; ইডিৰ কাষ চাপিব আছু - Namrup BVFCL revived

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 12:46 PM IST

Namrup BVFCL revived
প্ৰসংগ: নামৰূপ সাৰ কাৰখানা; ইডিৰ কাষ চাপিব আছু

Namrup BVFCL revived: উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাত সংঘটিত সাৰ কেলেংকাৰী সন্দৰ্ভত সৰৱ আছু ৷ সাৰ কেলেংকাৰীৰ জৰিয়তে সাৰ কাৰখানা বন্ধ কৰাৰ অভিযোগ ডিব্ৰুগড় আছুৰ ৷ প্ৰয়োজন সাপেক্ষে ইডি, শীৰ্ষ আদালতৰ কাষ চপাৰ হুংকাৰ ডিব্ৰুগড় আছুৰ ৷

প্ৰসংগ: নামৰূপ সাৰ কাৰখানা; ইডিৰ কাষ চাপিব আছু

মৰাণ, 5 এপ্ৰিল: পৰিৱৰ্তনৰ কথা কোৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে উদ্যোগ স্থাপন কৰি দেশৰ অৰ্থনীতি বিকাশ কৰাৰ কথা কৈ থকা সময়ত ইতিহাস হোৱাৰ দিশে গতি কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাই । দেশৰ বিভিন্ন প্ৰান্তত বন্ধ হৈ থকা ৰাসায়নিক সাৰ উদ্যোগ পুনৰুজ্জীৱিত কৰাৰ চেষ্টা চলোৱাৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা পুনৰ উজ্জীৱিত কৰাৰ চেষ্টা নকৰিলে চৰকাৰে ।

কিন্তু ইয়াৰ মাজতে নামৰূপৰ সাৰ কাৰখানাত ব্যাপক সাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । নামৰূপ সাৰ কাৰখানাত সংঘটিত হোৱা দুৰ্নীতি আৰু নামৰূপ সাৰ কাৰখানা বন্ধ কৰিব বিচৰা কাৰ্য সন্দৰ্ভত বৃহস্পতিবাৰে নামৰূপত এক সংবাদমেল অনুষ্ঠিত কৰি সাৰ কাৰখানা কৰ্তৃপক্ষ আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে আছুৱে ।

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি অৱনী গগৈয়ে সংবাদমেল সম্বোধন কৰি সাৰ কাৰখানাৰ বিপণন বিভাগৰ এচ.কে সিং নামৰ বিষয়াগৰাকীয়ে নিয়ম বৰ্হিঃভূতভাৱে ডিলাৰশ্বিপ প্ৰদান কৰি বৃহৎ ধনৰ দুৰ্নীতি কৰা স্বত্বেও উদ্যোগটোৰ উৰ্দ্ধতন কৰ্তৃপক্ষই বিষয়টো গাপ দি ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে আছু নেতাগৰাকীয়ে ৷ লগতে সাৰ কাৰখানাৰ পূৰ্বৰ চি এম ডি শিৱপ্ৰসাদ মহান্তিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি মহান্তিৰ পৃষ্ঠপোষকতাত বিপণন বিভাগৰ এচ. কে সিং নামৰ বিষয়াগৰাকীয়ে প্ৰায় 700 ডিলাৰ নিয়ম বৰ্হিঃভূতভাৱে প্ৰদান কৰি আৰু সাৰ কাৰখানাৰ উৎপাদিত সাৰ জধেমধে বিক্ৰী কৰি প্ৰায় 128 কোটি টকাৰ এক দুৰ্নীতি সংঘটিত কৰা বুলি উল্লেখ কৰে ।

তদুপৰি ছাত্ৰ নেতাজনে চেন্ট্ৰেল ভিজিলেঞ্চত এই সমগ্ৰ ঘটনাৰ বাবে ব্যক্তি দুজনৰ ওপৰত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে আৰু প্ৰয়োজন সাপেক্ষে আছুৱে ই.ডি ৰ ওচৰতো গোচৰ তৰিব বুলি সংবাদমেলযোগে স্পষ্ট কৰি দিয়ে । চেন্ট্ৰেল ভিজিলেঞ্চত গোচৰ চলি থকাৰ পিচতো কিয় সাৰ কাৰখানা বিপণন বিভাগৰ বিষয়া এছ কে সিঙৰ বিৰুদ্ধে সাৰ কাৰখানা কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈয়ো সংবাদ মেলখনত ক্ষোভ উজাৰে ছাত্ৰ নেতাগৰাকীয়ে ।

ইফালে এই সমগ্ৰ বিষয়টোত স্থিতি স্পষ্ট কৰিবলৈ সাৰ কাৰখানা কৰ্তৃপক্ষক তিনিদিনৰ সময়সীমা বান্ধি দিছে আছুৱে ।

লগতে পঢ়ক: নামৰূপ সাৰ কাৰখানাত চতুৰ্থ গোট স্থাপনৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.