ETV Bharat / state

কলিয়াবৰত বানৰ ক্ষতিপূৰণৰ সমবিতৰণৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 10:34 PM IST

Flood in Kaliabar: কলিয়াবৰৰ ২০১৭ চনৰ বানৰ ক্ষতিপূৰণক লৈ পুনৰ বিতৰ্ক । যাক লৈ ক্ষোভিত হৈ পৰিছে বানত ক্ষতিগ্ৰস্ত ৰাইজ । ৰাজহুৱা সভা পাতি বানৰ ক্ষতিপূৰণৰ সমবিতৰণৰ দাবী ।

Demand for equitable distribution of flood compensation in Kaliabar
কলিয়াবৰত বানৰ ক্ষতিপূৰণৰ সমবিতৰণৰ দাবী

কলিয়াবৰত বানৰ ক্ষতিপূৰণৰ সমবিতৰণৰ দাবী

কলিয়াবৰ,১৫ মাৰ্চ: বানত ক্ষতিগ্ৰস্ত ঘৰখনৰ ফটো লৈ ক্ষতিপূৰণ বিচাৰিলে ভুক্তভোগী পৰিয়ালে । কলিয়াবৰত বান সাহায্য বিতৰণত বিসংগতিৰ অভিযোগ । চক্ৰ বিষয়াৰ কাৰ্যালয়ত ভুক্তভোগী মহিলাৰ আবেদন । প্ৰকৃত ক্ষতিগ্ৰস্ত পৰিয়ালক বঞ্চিত কৰাৰ অভিযোগ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিকাশ যাত্ৰাৰে কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰিবলৈ কলিয়াবৰলৈ অহাৰ প্ৰাকক্ষণত কলিয়াবৰত ৰাইজৰ মাজত বিতৰণ কৰা হৈছিল ২০১৭ বৰ্ষৰ বান সাহায্য হিচাপে ১৯ কোটি টকা ।

  • " class="align-text-top noRightClick twitterSection" data="">

পিছে চৰম বিসংগতিৰে প্ৰকৃত ক্ষতিগ্ৰস্তক বঞ্চিত কৰি বান সাহায্য বিতৰণ হোৱাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰেও ৰাইজ ক্ষোভিত হৈ পৰে । ২০১৭ চনৰ ১২ আগষ্টৰ নিশা কলিয়াবৰত হোৱা প্ৰলয়ংকাৰী বানত ৰাইজৰ সা-সম্পত্তি বিস্তৰ ক্ষয়-ক্ষতি হৈছিল । ক্ষতিগ্ৰস্ত ৰাইজক বানৰ ক্ষতিপূৰণ দিবলৈ ৯ কোটি টকা নিৰ্ধাৰণ কৰিছিল যদিও প্ৰকৃত ক্ষতিগ্ৰস্তক বঞ্চিত কৰি বৈষম্যমুলক তালিকা প্ৰস্তুত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ।

ইয়াৰ প্ৰভাৱ পৰৱৰ্তী সময়ত নিৰ্বাচনত পৰাৰ আশংকা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ দহ কোটি টকা বানাক্ৰান্ত ৰাইজক বানৰ ক্ষতিপূৰণ দিয়াৰ কথা‌ ঘোষণা কৰিছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কলিয়াবৰত বিকাশ যাত্ৰাৰে কাৰ্যসূচী লৈ কলিয়াবৰলৈ অহাৰ প্ৰাকক্ষণত কলিয়াবৰত বানাক্ৰান্ত ৰাইজৰ মাজত বেংকৰ জৰিয়তে ক্ষতিপূৰণ বিতৰণ কৰে ।

এইবাৰো কলিয়াবৰত বানৰ ক্ষতিপূৰণ বিতৰণত চৰম বিসংগতি হোৱাৰ অভিযোগ উত্থাপন হৈছে । বিশেষকৈ জখলাবন্ধা, কেৰিবাকৰি, শেনচোৱা, ঢেকিয়াল, পোৰাভেটি, সৰুভগীয়া, বৰভকতি, হাটবৰ, সোন্দৰ গাঁও, হাটবৰ, দুলাল মাধৱ, বাসুদেৱবাৰী, পাকবন্ধা, শ্ৰৱণী, দলিবাৰী, পোৰাভেটি, মাধতাৰি, পূৱথৰীয়া, চামধৰা, বালিটিকা, মাজগাঁও, মিছামুখ, দীঘলী, ভেচেলীমাৰী, গঢ়গুড়িকে প্ৰমুখ্য কৰি বিস্তৰ ক্ষতিসাধন হোৱা গাঁৱৰ ৰাইজক ক্ষতিপূৰণ ধন দিয়াত বৈষম্য কৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰে ।

ৰাইজে অভিযোগ কৰি কয় যে একোখন গাঁৱত সকলোৰে সা-সম্পত্তি নষ্ট হৈছে যদিও একাংশই ৯৫ হাজাৰ ১০০ টকা লাভ কৰাৰ বিপৰীতে কাষৰ ঘৰে মাত্ৰ বাৱন্নশ বা একৈছশ টকাহে লাভ কৰিছে । আনহাতে গাঁৱখনৰ কোনোৱে আকৌ ক্ষতিগ্ৰস্ত হৈয়ো ক্ষতিপূৰণ লাভৰ পৰা বঞ্চিত হৈছে । এনে বৈষম্যৰ বাবে ৰাইজ ক্ষোভিত হৈ পৰে । ৰাইজে কলিয়াবৰত বানত ক্ষতিগ্ৰস্ত তথা সাহায্যৰ লাভৰ পৰা বঞ্চিতসকলক ক্ষতিপুৰণ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে বৈষম্যমূলক বিতৰণৰ বিপৰীতে সমদৃষ্টিৰে সমভাৱে প্ৰকৃত ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিবলৈ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰীগৰাকীক ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক: Flood In Majuli: আহিনমহীয়া বানত জুৰুলা লোগুটিবাসীৰ ক্ষোভৰ প্ৰতি কাণসাৰ নাই চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.