ETV Bharat / state

ফাঁচীবজাৰত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ - Youth body found

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 9:34 PM IST

Youth body found : মহানগৰীত প্ৰতিদিনেই ইটোৰ পিচত সিটোকৈ মৃতদেহ উদ্ধাৰৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ মহানগৰীৰ ফাঁচীবজাৰত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত এজন অচিনাকী যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷

Youth body found
ফাঁচীবজাৰত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ (ETV BHARAT ASSAM)

ফাঁচীবজাৰত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ (ETV BHARAT ASSAM)

গুৱাহাটী, ১০ মে’ : বিগত সময়চোৱাত অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ প্ৰতিদিনে মহানগৰীত হত্যা, চুৰি, ডকাইতিৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰাৰ সময়তে মহানগৰীত প্ৰতিদিনে মৃতদেহ উদ্ধাৰৰ ঘটনা সংঘটিত হ’বলৈ আৰম্ভ কৰিছে ৷

শুকুৰবাৰে পুৱা মহানগৰীৰ ফাঁচীবজাৰ গেলাপট্টীৰ পেট্টোদিয়া মাৰ্কেটত উদ্ধাৰ কৰা হৈছে এজন যুৱকৰ মৃতদেহ । এই মৃতদেহটো উদ্ধাৰ কৰাৰ পিচতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ পেট্টোদিয়া মাৰ্কেটৰ তৃতীয় মহলাত উদ্ধাৰ হৈছে অচিনাক্ত যুৱকজনৰ মৃতদেহ ।

তৃতীয় মহলাৰ ষ্টেপত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত পৰি আছিল যুৱকজনৰ মৃতদেহ । লগে লগে প্ৰত্যক্ষদৰ্শীয়ে খবৰ দিয়ে আৰক্ষীক ৷ খবৰ লাভ কৰাৰ পিচতেই ঘটনাস্থলীত ফাঁচীবজাৰ আৰক্ষী উপস্থিত হয় ৷

পিছে মৃত যুৱকজন কোন ? তেওঁ ক’ৰ পৰা আহিল, সেই সম্বন্ধে সোধা-পোছা কৰাত তৃতীয় মহলাত বাস কৰা পেট্টোদিয়া মাৰ্কেটৰ স্বত্বাধিকাৰী এছ কে পেট্টোদিয়াই বিষয় সন্দৰ্ভত জ্ঞাত নহয় বুলি আৰক্ষীক জানিবলৈ দিয়ে ।

আৰক্ষীয়ে মৃতদেহটো ফাঁচীবজাৰৰ এই অঞ্চলৰ কোনো শ্ৰমিকৰ বুলি সন্দেহ কৰিছিল যদিও ফাঁচীবজাৰৰ গেলাপট্টীৰ কোনো শ্ৰমিকে পূৰ্বে যুৱকজনক সেই স্থানত প্ৰত্যক্ষ কৰা নাছিল বুলি জানিবলৈ দিয়ে ৷

বহু সোধা-পোছাৰ পিচতো যুৱকজনৰ পৰিচয় উদ্ধাৰ কৰিব নোৱাৰাত যুৱকজনৰ মৃত্যুৰ ৰহস্য উদঘাটনৰ বাবে স্নিফাৰ ড’গ লৈ অভিযান চলায় আৰক্ষীয়ে । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ফৰেনছিকৰ এটা দল ।

সম্প্ৰতি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে যুৱকজনৰ পৰিচয়ৰ লগতে মৃত্যুৰ আঁৰৰ কাৰণ জানিব পৰা হ’ব ৷ এই ঘটনাক হত্যাকাণ্ডৰ ঘটনা বুলি প্ৰাথমিক তদন্তত সন্দেহ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: ২০২৩ বৰ্ষত মহানগৰীত হ্রাস পাইছে অপৰাধৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.