ETV Bharat / state

কাছাৰৰ পৰা ফাদিল হোৱা নাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত : জিলা উন্নয়ন আয়ুক্ত

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 5:20 PM IST

HSLC question paper leak
ফাদিল হোৱা নাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত

HSLC question paper leak : কাছাৰৰ পৰা ফাদিল হোৱা নাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ৷ সংবাদ মাধ্যমৰ আগত এই কথা জনালে জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ ৰায়ে ৷

ফাদিল হোৱা নাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত

শিলচৰ, 16 ফেব্ৰুৱাৰী : কাছাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জিলা উন্নয়ন আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে ৷ কাছাৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ ৰায়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত এজনক আটক কৰা হৈছে ৷

উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই কাছাৰত প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘন্টাৰ ভিতৰতে প্ৰশ্ন কাকত ফাদিল হোৱা বুলি বাতৰি প্ৰকাশ পাইছিল ৷ ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকত ৷ কাছাৰৰ বাশকান্দি নেনা মিয়া পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ এই ঘটনাক লৈ চাঞ্চল্য সৃষ্টি হয় ৷

ইয়াৰ পাছতে নেনা মিঞা পৰীক্ষা কেন্দ্ৰত উপস্থিত হয় কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাসহ কাছাৰ জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ ৰায় আৰু বিদ্যালয় পৰিদৰ্শক বৰ্ণিকা চেতিয়া ৷ পৰীক্ষাৰ্থীসহ পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষক সকলক প্ৰায় ঘন্টাজুৰি সোধ-পোছ চলায় দলটোৱে ৷ প্ৰাথমিক তদন্তৰ অন্তত জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ ৰায়ে সংবাদ মাধ্যমক কেন্দ্ৰটোৰ পৰা প্ৰশ্ন কাকত ফাদিল হোৱা নাই বুলি অৱগত কৰে ৷

অৱশ্যে ঘটনাক লৈ এতিয়াও তদন্ত অব্যাহত আছে বুলি জনায় জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ ৰায়ে ৷ ইফালে তদন্তৰ পাছত কাছাৰৰ আৰক্ষী অধীক্ষ গৰাকীয়ে কয় যে প্ৰশ্ন কাকত কাছাৰৰ পৰা ফাদিল হোৱা নাই ৷ তথাপি তদন্তৰ বাবে বাশকান্দি নেনা মিঞা স্কুলৰ পৰিচালনা সমিতিৰ এজন ব্যক্তিক আটক কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ বৰ্তমান আটকাধীন ব্যক্তিজনক আৰক্ষীয়ে সোধ-পোছ চলায় আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই ফাদিল প্ৰশ্নকাকত!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.