ETV Bharat / state

ৰেমলক লৈ কিদৰে অৱলম্বন কৰিব সাৱধানতা ? - Cyclone Remal

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 9:21 PM IST

Cyclone Remal alert : সাগৰীয় ঘূর্ণী বতাহ ৰেমলক লৈ ইতিমধ্যেই একাংশ লোকৰ মাজত কিছু হ’লেও আতংকৰ সৃষ্টি হৈছে। এনে সময়ত আতংকিত নহৈ কিদৰে সাৱধানতা অৱলম্বন কৰিব লাগিব এই বিষয়ে কিছু পৰামৰ্শ আগবঢ়াইছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে। এই বিষয়ে ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন-

Cyclone Remal alert
আতংকিত হোৱাৰ পৰিৱৰ্তে গ্ৰহণ কৰিব লাগিব কিছু সাৱধানতা (ETV BHARAT ENGLISH DESK)

নগাঁও, 26 মে’ : সাগৰীয়া ঘূর্ণী বতাহ ৰেমলক লৈ অসমতো সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে সাধাৰণ লোক ৷ কিয়নো সাগৰীয় ঘূর্ণী বতাহ ৰেমল ইতিমধ্যেই প্ৰৱেশ কৰিছে উত্তৰ-পূৰ্বাঞ্চলত ৷ দেওবাৰে নিশাৰ পৰাই অসমতো কিছু কিছু প্ৰভাৱ পৰিছে ৰেমলৰ ৷ কিন্তু ৰেমলক লৈ জানো আতংকিত হ’লে হ’ব ? ৰেমলক লৈ আতংকিত হোৱাৰ পৰিৱৰ্তে গ্ৰহণ কৰিব লাগিব কিছু সাৱধানতা ৷ এইক্ষেত্ৰত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ল’বলগীয়া সাৱধানতা সন্দৰ্ভত আগবঢ়াইছে কিছু পৰামৰ্শ ৷ নগাঁও অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া থোনেশ্বৰ বৰাৰ সৈতে ই টিভি ভাৰত অসমে গ্ৰহণ কৰিছে এক বিশেষ সাক্ষাৎকাৰ ৷

সাগৰীয় ঘূর্ণী : আতংকিত নহৈ কিদৰে সাৱধানতা অৱলম্বন কৰিব (ETV BHARAT ASSAM)

ৰেমলক লৈ ল’বলগীয়া সাৱধানতা:

ৰেমলক লৈ আতংকিত হোৱাৰ বিপৰীতে ল'ব লাগিব কিছু সাৱধানতা ৷ ইতিমধ্যেই ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সাধাৰণ নাগৰিকৰ বাবে ল’বলগীয়া সাৱধানতাৰ বিষয়ে জাননী জাৰি কৰিছে ৷ সেই অনুসৰি ৰেমলৰ সময়ছোৱাত পানী জমা হোৱা স্থানলৈ যোৱা পৰিহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগে ৷ লগতে দুৰ্বল গাঁথনি থকা বাসস্থান পৰিহাৰ কৰা, প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা থকা শস্যপথাৰত সঠিক নলা নিষ্কাশনৰ ব্যৱস্থা কৰা, বজ্ৰপাতৰ আশংকা থাকিলে সুৰক্ষিত স্থানত আশ্ৰয় লোৱা, যিকোনো জৰুৰীকালীন অৱস্থাত 112/1070/1077 নম্বৰত ফোন কৰি সহায় ল’বলৈ আহ্বান জনাইছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৷

তদুপৰি স্থানান্তৰ কৰিবলৈ পৰামৰ্শ নিদিয়ালৈকে বাহিৰলৈ নোলোৱা, এই সময়ছোৱাত কৃষকসকলক কৃষিক্ষেত্ৰ বা মুকলি পথাৰলৈ যোৱা পৰিহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে ৷ মাছমৰীয়াসকলক জলাশয় / নদীলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে ৷ তেওঁলোকক নাও আদি সুৰক্ষিত স্থানত বান্ধি ৰখাৰ আহ্বান জনোৱা হৈছে ৷ পুৰণি আৰু ক্ষতিগ্ৰস্ত অট্টালিকাৰ ওচৰত বা গছৰ তলত আশ্ৰয় লোৱা পৰিহাৰ কৰিব লাগে ৷ কোনো বৈদ্যুতিক তাঁৰ স্পৰ্শ নকৰিব ৷ ইয়াৰ ফলত বিদ্যুৎস্পৃষ্ট হোৱাৰ সম্ভাৱনা থাকে ৷ শিশুসকলৰ সৈতে কথা পাতি ঘূৰ্ণী বতাহৰ বিষয়ে তেওঁলোকক অৱগত কৰিব লাগে, কিন্তু তেওঁলোকক ভয় খুৱাব নালাগে ৷ মূল্যৱান সামগ্ৰী আৰু নথিপত্ৰবোৰ পানী সোমাব নোৱৰাকৈ কোনো স্থানত ৰাখিব লাগে যাতে নষ্ট নহয় ৷

আনহাতে তেজৰ গ্ৰুপৰ বিষয়ে তথ্য ৰাখিব লাগে, যাতে জৰুৰীকালীন অৱস্থাত তেজৰ গ্ৰুপ তৎকালেই অৱগত হ’ব পৰা যায় ৷ কেৰাচিন, মমবাতি, জুইশলা, টৰ্চ আৰু অতিৰিক্ত বেটেৰী ঘৰত মজুত কৰিব লাগে, বিশেষভাৱে সক্ষম ব্যক্তি, বয়সস্থ আৰু শিশুৰ বিশেষ যত্ন ল'ব ৷ শুকান খাদ্যসহ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ কমেও সাত দিনৰ মজুত ৰাখিব লাগে, সতৰ্কবাণী বুলেটিন শুনিব আৰু স্থানীয় বিষয়াসকলৰ সৈতে যোগাযোগ ৰাখিব লাগে ৷ যদি ঘৰ খালী কৰিব লগা হয় সম্পত্তি সুৰক্ষিত কৰিবলৈয়ো পদক্ষেপ ল’ব লাগে ৷

অতিৰিক্ত খোৱা পানীও সংৰক্ষণ কৰি ৰাখিব লাগে যাতে যিকোনো সময়ত খোৱাপানীৰ অভাৱ নহয় ৷ তদুপৰি যদি কোনো ব্যক্তি অথবা পৰিয়াল কোনো বিপদৰ সন্মুখীন হয় তেন্তে ওচৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ সৈতে যোগাযোগ কৰিলে নিশ্চিত সহায় লাভ কৰিব ৷ কিয়নো অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত উদ্ধাৰকাৰীৰ দল 24 ঘণ্টাই সষ্টম হৈ থাকিব ক্ষতিগ্ৰস্ত লোকক উদ্ধাৰৰ বাবে ৷

লগতে পঢ়ক : অসমৰ দিশে আহি আছে ৰেমল, ৰাজ্যত জাৰি ৰেড এলাৰ্ট - Red Alert In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.