অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ফলাফল বিতৰ্কক লৈ প্ৰতিক্ৰিয়া
Assam Sanskritik Mahasangram: অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ফলাফল লৈ হোৱা বিতৰ্ক এতিয়াও স্তিমিত হোৱা নাই । ২০২৩-২৪ বৰ্ষৰ অসম সাংস্কৃতিক মহাসংগ্ৰামত ব্যাপক খেলিমেলিৰ অভিযোগৰ পাচতেই এটা ফোনকল ৰেকৰ্ডিং সামাজিক মাধ্যমত প্ৰচাৰ হয় ৷ ফোনকল ৰেকৰ্ডিং প্ৰচাৰ হোৱাৰ পিচতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ ।

Published : February 9, 2024 at 9:18 PM IST
নগাঁও, 9 ফেব্ৰুৱাৰী : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যৰ গাঁৱে-ভূঞে থকা প্ৰতিভাসমূহক এখন মঞ্চ দিয়াৰ উদ্দেশ্যেৰে আয়োজিত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতাসমূহৰ অন্তত বিচাৰকৰ বিচাৰ সন্দৰ্ভত প্ৰতিযোগীসকলৰ মাজত অসন্তুষ্টি বিৰাজ কৰিছিল । প্ৰতিযোগিতাসমূহৰ আৰম্ভণিৰে পৰা বিচাৰকৰ কাৰ্যকলাপে স্তম্ভিত কৰি তুলিছিল সচেতন মহলক । বিশেষকৈ সমষ্টি আৰু জিলা ভিত্তিত বিচাৰকৰ অদ্ভূত বিচাৰে বহু প্ৰতিযোগীৰ লগতে বহুতকে ক্ষোভিত কৰি তুলিছিল । এই ক্ষোভ-অসন্তুষ্টি ৰাজ্যিক পৰ্যায়তো দেখা গ’ল ।
বিশেষকৈ দলীয় বিহু প্ৰতিযোগিতাৰ এগৰাকী প্ৰতিযোগীৰে হোৱা ফোনৰ বাৰ্তালাপে বিষয়টো অধিক জটিল কৰি তুলিলে । কিয়নো হঠাৎ সামাজিক মাধ্যমত বিয়পি পৰা ফোনযোগে হোৱা এই বিশেষ বাৰ্তালাপৰ ৰেকৰ্ডিঙত শুনিবলৈ পোৱা গ’ল সোমনাথ বৰা ওজাৰ কণ্ঠস্বৰ । এই ঘটনাৰ পাচতে সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে তিনি বিচাৰকে । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সম্বোধন কৰা বিশেষ সংবাদমেলত সমগ্ৰ ঘটনাক ‘ষড়যন্ত্ৰমূলক আখ্যা’ দিয়ে বিচাৰক সোমনাথ বৰাই ।
- " class="align-text-top noRightClick twitterSection" data="">
এই সংবাদমেলৰ পাচতেই নগাঁও জিলাৰ হৈ ২৪-২৯ বছৰ আৰু ২৫-৩৫ বছৰ শাখাৰ দলীয় বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কলিয়াবৰ সমষ্টিৰ জখলাবন্ধা পঞ্চায়তৰ দুয়োটা দলৰ প্ৰধান উদ্যোক্তা তথা সাংস্কৃতিক কৰ্মী গৌতম খাউণ্ডে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । প্ৰতিযোগিতাত পুৰষ্কাৰ লাভ কৰা-নকৰাৰ বিষয়টো বিচাৰকৰ হাতত থাকে, সেই বিষয় লৈ ক'বলগীয়া নাই । কিন্তু ৰাজ্য চৰকাৰৰ এই মহৎ উদ্দেশ্যত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ মূল আয়োজক অসম সাংস্কৃতিক সঞ্চালকালয়ৰ হেমাহিৰ বাবে যোৱা কেইদিনমান যি ধৰণে এক বিতৰ্কৰ সৃষ্টি হৈছে, সেই বিতৰ্কৰ বাবে পোনপটীয়াকৈ বিভাগটোকে দোষাৰোপ কৰে গৌতম খাউণ্ডে ।
খাউণ্ডে কয় বিভিন্ন প্ৰতিযোগিতাৰ অন্তত বিচাৰকসকলে উমৈহতীয়া আলোচনাৰ পিচতহে ফলাফল ঘোষণা কৰে । যিটো অতি প্ৰয়োজনীয় বুলি ফোনত হোৱা বাৰ্তালাপত নিৰ্দিষ্ট বিচাৰকগৰাকীৰ ভাষ্যৰ পৰা পৰিষ্ফুটও হৈছে । কিন্তু এই ঘটনাৰ পাচতে বিচাৰকগৰাকীয়ে সংবাদ মেল পাতি ফোনযোগে হোৱা বাৰ্তালাপৰ যি কৈফিয়ৎ দাঙি ধৰিলে সেই বিষয়ে অসমৰ ৰাইজে আৰু বিহু দলসমূহে লক্ষ্য ৰাখিছে । তেখেতৰ কোনটো ভাষ্য শুদ্ধ নে কাৰোবাৰ হেঁচাত পৰিয়েই পিচত কৈফিয়ৎ দিব লগা হৈছে এই সকলো লৈ লক্ষ্য ৰাখিছে অসমবাসীয়ে ৷
আনহাতে, সমগ্ৰ প্ৰতিযোগিতাখনত বয়সৰ খেলিমেলিৰ অভিযোগ আৰম্ভণিৰে পৰা দেখিবলৈ বা শুনিবলৈ পোৱা গৈছিল । কিন্তু এই ক্ষেত্ৰত বিভাগটোৱে যিদৰে সচেতন হৈ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা আয়োজন কৰিব লাগিছিল, সেই লৈ বিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে কোনো গুৰুত্ব দিয়া দেখা নগ’ল বুলি সাংস্কৃতিক কৰ্মীগৰাকীয়ে অভিযোগ তোলে । তেখেত উপস্থিত থকা সময়ৰ এটা বিহু দলৰ প্ৰতিযোগীৰ বয়সৰ সন্দৰ্ভত তেওঁ কয়, ‘নিম্ন শাখাৰ এটি বিহু দলৰ ষষ্ঠ নে সপ্তম শ্ৰেণীত পঢ়ি থকা এগৰাকী বিহুৱাই সুন্দৰকৈ বিহুনাম গাই থকাৰ পাচত সেই দলৰে দেখাত কিছু জ্যেষ্ঠ বিহুৱতীয়ে 'ককাইটি' বুলি সম্বোধন কৰি বিহু গাইছিল । বিহুৰ বিচাৰকে বয়সৰ বিষয়ে সোধাত বিহুৱতীগৰাকীয়ে চতুৰ্থ ষান্মাষিকত পঢ়ো বুলি উত্তৰ দিছিল । এতিয়া কথা হ’ল, ১২-১৮ বছৰৰ শাখাত চতুৰ্থ ষান্মাষিকৰ ছাত্ৰী এগৰাকীয়ে কেনেদৰে অংশ ল'ব পাৰিলে?’
বিভাগটোৰ চূড়ান্ত হেমাহি আৰু এচাম অকৰ্মণ্য বিষয়া-কৰ্মচাৰীৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পৰিকল্পনাৰে আয়োজিত সাংস্কৃতিক মহাসংগ্ৰামৰ ৰাজ্যিক পৰ্যায়ত হোৱা বেমেজালিয়ে প্ৰতিযোগিতাখনৰ উদ্দেশ্য আৰু সৌষ্ঠৱ ম্লান কৰিলে বুলি সাংস্কৃতিক কৰ্মীগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে । উল্লেখ্য যে, সাংস্কৃতিক মহাসংগ্ৰামত কলিয়াবৰ সমষ্টিৰ পৰা নগাঁও জিলাক প্ৰতিনিধিত্ব কৰা জিষ্ণুব্ৰত শইকীয়াই ১২-১৮ বছৰৰ শাখাত ৰাজ্যিক পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতাৰ জ্যোতি সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত তৃতীয় লাভ কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
লগতে পঢ়ক : গুৰুজনাৰ জন্মস্থানত বিত্তীয় কেলেংকাৰী ! বটদ্ৰৱা থানৰ সম্পাদকৰ বিৰুদ্ধে অভিযোগৰ আঙুলি

