ETV Bharat / state

বৰপেটা সত্ৰ, ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ - RONGALI BIHU 2024

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 3:36 PM IST

RONGALI BIHU 2024
বৰপেটা সত্ৰ, ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ

Rangali bihu 2024: আজি 1 ব’হাগ ৷ ভক্তৰ লানি নিচিগা সোঁত বৈছে টীয়কৰ ঐতিহাসিক মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ৷ লগতে বৰপেটা সত্ৰৰ উপৰিও জিলাখনৰ অন্যান্য সত্ৰসমূহত ৷

বৰপেটা সত্ৰ, ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ

বৰপেটা/টীয়ক, 14 এপ্ৰিল: অসমৰ বাপতি সাহোন ৰঙালী বিহুটি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে জিলাখনৰ অন্যান্য সত্ৰসমূহত সম্পূৰ্ণ সত্ৰীয়া নীতি নিয়মৰ মাজেৰে শনিবাৰৰে পৰা পালন কৰা হৈছে । বৰপেটাত ব’হাগ তথা ৰঙালী বিহু সম্পূৰ্ণ সত্ৰকেন্দ্ৰিক । বৰপেটাত এই বিহুক স্থানীয় ভাষাত "বইহাগৰ দমহী" বুলি কোৱা হয় । দেওবাৰে সত্ৰখনত মানুহ বিহু তথা বৰ দোমাহী পালন কৰা হৈছে ।

বৰপেটাত চ’তৰ সংক্ৰান্তিৰ পৰা সাতদিন জুৰি পালন কৰা ব’হাগৰ দোমাহীৰ আজি পহিলা বহাগৰ দিনটোত সত্ৰত সেৱা জনাবলৈ ভক্তপ্ৰাণ লোকসকল আহি সত্ৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে ৷ বৰ দোমাহী উপলক্ষে সত্ৰত পুৱা নাম-প্ৰসংগৰ পিচত সত্ৰৰ গায়ন বায়নে গুৰুঘাট বজায় ৷ হৰিনামৰ অমিয়া সুৰ, গায়ন বায়নৰ ভক্তিভাৱপূৰ্ণ খোলৰ চেও আৰু ভকতিৰ ৰসত বুৰ গৈছে বৰপেটা সত্ৰ চৌহদ ৷

পহিলা ব’হাগৰ দিনটোত সত্ৰত আঁঠু লয় ভক্তসকলে ৷ পুৱাৰ প্ৰসংগৰ পিচতে বৰপেটা সত্ৰত বৰ্ষফল গণনা আৰম্ভ হয় ৷ সত্ৰৰ দৈৱজ্ঞই কৰা বৰ্ষফল গণনা শুনিবলৈ আজি সত্ৰখনত সমবেত হ’ব বৰপেটাৰ প্ৰতিজন লোক ৷ সত্ৰৰ কীৰ্তন ঘৰৰ ভিতৰত প্ৰথমতে বৰ্ষফল গণনাৰ পিচতেই সত্ৰৰ মঠৰ চোতাল আৰু আইসকলে প্ৰসংগ কৰা কাঠিত পাঠ কৰা হ’ব বৰ্ষফল গণনা ৷

আনহাতে, ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে টীয়কৰ ঐতিহাসিক মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত । পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱ বৰনামঘৰলৈ আহি নেদেখাজনৰ চৰণত শৰণাপন্ন হোৱা পৰিলক্ষিত হৈছে ।হাতে-হাতে ধূপ নৈবদ্য লৈ নিজৰ পৰিয়াল ইষ্ট কুটুম্বৰ সৈতে ঈশ্বৰৰ চৰণ চুই পৰিয়াল তথা ৰাজ্যৰ মংগল কামনা কৰিছে ।

অসমীয়া নতুন বছৰৰ প্ৰথম দিন উপলক্ষে বৰনামঘৰ পৰিচালনা সমিতিয়ে অক্ষয় বন্তিত তেল তথা এখনি শৰাই আগবঢ়াই সমূহ অসমবাসীৰ মংগল কামনা কৰিছে । উল্লেখযোগ্য যে, আজিৰ এই বিশেষ দিনটোত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ঢেকীয়াখোৱা বৰনামঘৰত লোকৰ ভিৰ দেখা গৈছে ৷

লগতে পঢ়ক: বৰপেটা সত্ৰত দৈৱজ্ঞৰ বৰ্ষফল গণনা: বন্ধুৰ পৰা ক্ষতিৰ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ - Rongali bihu 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.