ETV Bharat / state

বৰপেটা সত্ৰত দৈৱজ্ঞৰ বৰ্ষফল গণনা: বন্ধুৰ পৰা ক্ষতিৰ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ - Rongali bihu 2024

Year prediction in Barpeta Satra : বৰপেটা সত্ৰত দৈৱজ্ঞ দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মা দলৈৰ বৰ্ষফল গণনা ৷ এইবৰ্ষত কি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যতত কি আছে ?

year prediction in Barpeta Satra:
বৰপেটা সত্ৰত দৈৱজ্ঞৰ বৰ্ষফল গণনা: বন্ধুৰ পৰা ক্ষতিৰ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 1:10 PM IST

Updated : Apr 14, 2024, 2:24 PM IST

বৰপেটা সত্ৰত দৈৱজ্ঞৰ বৰ্ষফল গণনা: বন্ধুৰ পৰা ক্ষতিৰ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ

বৰপেটা, ১৪ এপ্ৰিল: আজি পহিলা ব’হাগ ৷ দেওবাৰে বৰপেটা সত্ৰত ব'হাগৰ বৰ দেমাহী পালন কৰা হৈছে ৷ সত্ৰীয়া ৰীতি পৰম্পৰাৰে পালন কৰা ব'হাগৰ বৰ দোমাহী ৷ এই বৰ দোমাহীৰ উপলক্ষে সত্ৰীয়া পৰম্পৰা অনুসৰি দেওবাৰে বৰপেটা সত্ৰত বৰ্ষফল গণনা বা বিহু গণনা কৰা হয় ৷

বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মা দলৈয়ে প্ৰথমতে সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত গুৰু আসনৰ পিচফালে সত্ৰীয়া প্ৰমুখ্যে ভকতৰ সন্মুখত বছৰটোৰ শুভাশুভ বিচাৰ কৰে ৷ তাৰ পিচতে দৈৱজ্ঞই সত্ৰলৈ অহা ভক্ত বৈষ্ণৱৰ সন্মুখত মঠৰ চোতালত বৰ্ষফল গণনা পাঠ কৰে ৷ ইয়াৰ পিচতে দৈৱজ্ঞই আইসকলৰ কাঠিত বৰ্ষফল গণনা পাঠ কৰে ৷

ইয়াৰ সমান্তৰালকে আজি বৰপেটা সত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বৰ্ষফল গণনা কৰে দৈৱজ্ঞই ৷ এই বৰ্ষফল অনুসৰি, ২০২১ চনৰ ১০ মে'ত ১২ বাজি ৫ মিনিটত ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ ক্ষণ গণনা অনুসৰি ২০২৬ চনৰ ১৭ নৱেম্বৰলৈ অতি শুভ দশা চলি থাকিব ৷

মুখ্যমন্ত্ৰীৰ কৰ্মস্থানত বৃহস্পতিৰ অৱস্থান কৰিছে ৷ ইয়াৰ ফলত অসম সৃদ্ধিশালী হ’ব আৰু সম্পদ বৃদ্ধি হ’ব ৷ সপ্তম স্থানত শনি মংগলে অৱস্থান কৰাত বন্ধুৰ পৰা ক্ষতিৰ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰীৰ দশা অতি শুভকাৰক ৷ চুবুৰীয়া ৰাজ্যসমূহৰে থকা সীমা বিবাদ সমাধান হ’ব ৷ অসমৰ বিদ্যাৰ্থীসকলৰ বাবেও এই বৰ্ষটো শুভকাৰক ৷ দৈত্যগুৰু শুক্ৰাচাৰ্যই অসমক বিপদৰ পৰা ৰক্ষা কৰিব ৷

ইপিনে বৰ্ষফল গণনাত নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ যোগ আছে ৷ প্ৰধানমন্ত্ৰী মোদীৰ জন্মফল আৰু শপত গ্ৰহণৰ ফল অনুসৰি পুনৰবাৰ মোদীৰ জয় হ’ব ৷ বৰপেটা সত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৰ্ষফল গণনা কৰি দৈৱজ্ঞই কয় যে ১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত গুজৰাটত জন্মগ্ৰহণ কৰা নৰেন্দ্ৰ মোডীৰ ২০২৭ চনৰ ৬ ডিচেম্বৰলৈ মংগলৰ দশা চলি থাকিব বাবে শুভফল লাভ কৰিব ৷

বৰ্ষফল গণনা অনুসৰি বিদেশী ৰাষ্ট্ৰৰ সৈতে ভাৰতবৰ্ষৰ বিবাদ হ’ব পাৰে ৷ ইপিনে আগন্তুক বৰ্ষত সদৌ অসম ছাত্ৰ সন্থাৰ ভূমিকা বছৰটোৰ বাবে আশানুৰূপ নহয় ৷

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

Last Updated : Apr 14, 2024, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.