ETV Bharat / state

এইবাৰ বৰপেটা সমষ্টিত CPIM ৰ জয়লাভ নিশ্চিত: মনোৰঞ্জন তালুকদাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 5:34 PM IST

Lok Sabha Election 2024 : "এইবাৰ আমি বৰপেটা সমষ্টিত যুদ্ধংদেহীভাৱে বিজেপি আৰু AGP ক প্ৰত্যাহবান জনাম ৷ বৰপেটা সমষ্টিৰ পৰা খেলি আমি জয়লাভ কৰাটো নিশ্চিত ৷" বিধায়ক মনোৰঞ্জন তালুকদাৰ

Etv Bharatএইবাৰ বৰপেটা সমষ্টি CPIM ৰ জয়লাভ নিশ্চিত-বিধায়ক মনোৰঞ্জন তালুকদাৰ
এইবাৰ বৰপেটা সমষ্টি CPIM ৰ জয়লাভ নিশ্চিত-বিধায়ক মনোৰঞ্জন তালুকদাৰ

এইবাৰ বৰপেটা সমষ্টি CPIM ৰ জয়লাভ নিশ্চিত-বিধায়ক মনোৰঞ্জন তালুকদাৰ

বৰপেটা, ৯ ফেব্ৰুৱাৰী: "CPIM এ কোনো কাম ৰাজনীতিৰ স্বাৰ্থত নকৰে ৷ আমি শ্ৰমজীৱি মানুহ, কৃষকৰ সমস্যা আগত ৰাখি আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আমি দামামা বজাইছো ৷ ইতিমধ্যে আমি নলবাৰীত সমাৱেশ কৰিছো, এইবাৰ আমি বৰপেটা সমষ্টিত যুদ্ধংদেহীভাৱে বিজেপি আৰু AGP ক প্ৰত্যাহবান জনাম ৷ বৰপেটা সমষ্টিৰ পৰা খেলি আমি জয়লাভ কৰাটো নিশ্চিত ৷ " সমাগত লোকসভা নিৰ্বাচনক লৈ বৰপেটাত CPIMৰ ৰণডংকা ৷ বিধায়ক মনোৰঞ্জন তালুকদাৰে কৰিলে এই মন্তব্য ৷

বিধায়কগৰাকীয়ে লগতে কয়, "অসমত আপে এইবাৰ প্ৰাৰ্থী ঘোষণা কৰিছে ৷ আমিৰ আপৰ লগতো যোগাযোগ কৰিম ৷ I.N.D.I.A. ৰ কোনো ধৰণৰ ঐক্য ভংগ হোৱা নাই ৷ AAP গ’লেই I.N.D.I.A. এলায়েঞ্চ ভাঙি নাযায় ৷ মমতা বেনাৰ্জীৰ কথা পশ্চিমবংগ কেন্দ্ৰীক ৷ অসমত তৃণমূলৰ কোনো ভিত্তি নাই ৷ অসমত মাথোঁ দুজনেই নেতা আছে ৷ এজন ৰিপুণ বৰা আৰু আনজন সুস্মিতা দেৱ ৷ AAPৰ লগত আলোচনা চলি আছে ৷ তাৰ পিচতো যদি আঁতৰি যায় যাব পাৰে ৷ I.N.D.I এলায়েঞ্চত বামপন্থী, ৰাইজৰ দল আৰু জাতীয় পৰিষদ আছে ৷ আমি শক্তিশালীভাবে নিৰ্বাচন খেলিম ৷ আমাৰ ইয়াত কোনো ঐক্য ভংগ হোৱা নাই ৷ AAP যোৱাক লৈ আমি উদ্বিগ্ন নহয় ৷"

"অসমত লুৰীণজ্যোতিৰ গণ সমৰ্থন আছে, ভিত্তি আছে ৷ যোৱা নিৰ্বাচনত লুৰীণজ্যোতিৰ বাবেই কংগ্ৰেছৰ কেবাজনো হাৰিছে ৷ লুৰীণে ডিব্ৰুগড়ৰ পৰা খেলোটো নিশ্চিত, আমি বৰপেটাৰ পৰা খেলাটো নিশ্চিত ৷ আপে যদি পুনৰ আলোচনাৰ মাজেৰে ঘূৰি আহে তেনেহ’লে এখন আসন এৰিব লাগিব ৷ অসমত ১৪ আসনৰ ভিতৰত ১১ আসনত নিৰ্বাচন খেলিব কংগ্ৰেছে ৷ CPIM এ বৰপেটাতে খেলিব ৷" লোকসভা নিৰ্বাচনৰ পূৰ্বে শুকুৰবাৰে CPIM এ বৰপেটাত বিজেপি চৰকাৰৰ শ্ৰমিক কৃষক আৰু জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত বিক্ষোভ সমাৱেশত অংশ লৈ I.N.D.I এলায়েঞ্চক লৈ এই ঘোষণা কৰে CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

লগতে পঢ়ক: সৰ্বকালৰ সৰ্বোচ্চ পৰ্যটকৰ আগমনৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.