ETV Bharat / state

সৰ্বকালৰ সৰ্বাধিক পৰ্যটকৰ আগমনৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অভিলেখ

Kaziranga National Park :দেশী-বিদেশী পৰ্যটকৰ সমাহাৰ ঘটিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ বন্ধৰ সময়ত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত ৷ ইয়াৰ দ্বাৰা পৰ্যটন ক্ষেত্ৰত যথেষ্ট উত্থান ঘটিছে ।

Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
author img

By ANI

Published : February 9, 2024 at 2:34 PM IST

|

Updated : February 9, 2024 at 5:04 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 9 ফেব্ৰুৱাৰী: সৰ্বকালৰ সৰ্বাধিক পৰ্যটকৰ আগমনেৰে এইবাৰ অভিলেখ স্থাপন কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে দেশী-বিদেশী পৰ্যটকৰ আগমন ৷ অসমৰ মাজমজিয়াত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ৰাজ্যৰ এক অন্যতম পৰ্যটনস্থলী ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে ভ্ৰমণকাৰী আৰু বন্যপ্ৰাণী অনুৰাগীসকলক মোহিত কৰা দেখিবলৈ পোৱা হৈছে ৷ বিশেষকৈ বন্ধৰ সময়ত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত ৷ ইয়াৰ দ্বাৰা পৰ্যটন ক্ষেত্ৰত যথেষ্ট উত্থান ঘটিছে ।

নয়নাভিৰাম প্ৰাকৃতিক দৃশ্য, চহকী জৈৱ বৈচিত্ৰ্য আৰু এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত এই উদ্যানখনলৈ দেশ-বিদেশৰ বিভিন্ন পৰ্যটক আৰু বন্যপ্ৰাণী অনুৰাগী আহে ৷ উল্লেখ কৰা প্ৰয়োজন যে, দেশী-বিদেশী বিভিন্ন পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটনস্থলীৰ তালিকাত শীৰ্ষস্থান লাভ কৰা দেখিবলৈ পোৱা গৈছে । শেহতীয়াকৈ কাজি ৰংহাংপি কাহিনী, উদ্যানখনৰ কোহোৰা ৰেঞ্জত চাইকেল চলোৱা, পানপুৰ জীপ ছাফাৰী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ নাও ছাফাৰীৰ দৰে উদ্ভাৱনীমূলক পদক্ষেপৰ সফলতাৰ বাবে কাজিৰঙাই পৰ্যটনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য উত্থান লাভ কৰিছে ৷

স্থানীয় সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰসাৰৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপসমূহে স্থানীয় লোকৰ লগতে বিদেশী উভয়ৰে হৃদয় আকৰ্ষণ কৰি কাজিৰঙাক এক উল্লেখযোগ্য পৰ্যটনস্থললৈ ৰূপান্তৰিত কৰিছে । উল্লেখ্য যে, বিগত দুটা মহামাৰীৰ দ্বাৰা প্ৰভাৱিত বছৰত পৰ্যটকৰ সোঁত কমি যোৱা পৰিলক্ষিত হৈছিল । 2021-22 চনৰ পৰ্যটন বৰ্ষত 2,55,676 জন পৰ্যটক উদ্যানখনলৈ আহিছিল আৰু আনুমানিক ৰাজহ আহৰণ হৈছিল প্ৰায় 5,49,78,055 টকা ।

আনহাতে, 2022-23 চনৰ পৰ্যটন বৰ্ষত 3,26,924 জন পৰ্যটকে উদ্যানখনলৈ আহিছিল আৰু আনুমানিক ৰাজহ লাভ কৰিছিল প্ৰায় 7,76,07,566 টকা ।

লগতে পঢ়ক: প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱৰ মাজতে 120 বছৰ গৰকিলে কাজিৰঙাই

Last Updated : February 9, 2024 at 5:04 PM IST