ETV Bharat / state

চাকৰি নিয়মীয়াকৰণৰ দাবী, ব্ৰহ্মপুত্ৰত আত্মজাহৰ হুংকাৰ ক'ভিড চাফাই কৰ্মীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 6:33 PM IST

Covid cleaning staff protest
ব্ৰহ্মপুত্ৰত আত্মজাহৰ হুংকাৰ ক'ভিড চাফাই কৰ্মীৰ

Covid cleaning staff protest: ক'ভিড চাফাই কৰ্মীসকলক প্ৰৱঞ্চনা চৰকাৰৰ । প্ৰতিশ্ৰুতিৰ পিচতো ৩ বছৰে চাকৰি নিয়মীয়া নকৰাত প্ৰতিবাদত বহিল কৰ্মীসকল । দাবী মানি নল'লে একেলগে ব্ৰহ্মপুত্ৰত আত্মজাহৰ হুংকাৰ দিয়ে কৰ্মীসকলে ।

ব্ৰহ্মপুত্ৰত আত্মজাহৰ হুংকাৰ ক'ভিড চাফাই কৰ্মীৰ

গুৱাহাটী,৫ ফেব্ৰুৱাৰী : "এসময়ৰ হিৰো, এতিয়া বিগ জিৰ' ।" এয়া আমাৰ কথা নহয়, এইদৰে ক্ষোভ প্ৰকাশ ক'ভিড চাফাই কৰ্মীৰ । ৩ বছৰ ধৰি চাকৰি নিয়মীয়া নকৰাত চৰকাৰৰ বিৰুদ্ধে এনেদৰে ক্ষোভ প্ৰকাশ কৰিলে ক'ভিড চাফাই কৰ্মীসকলে । সোমবাৰে গুৱাহাটীৰ চচলত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পুনৰ এবাৰ চৰকাৰক চাকৰি নিয়মীয়াকৰণৰ বিষয়টো দৃষ্টিগোচৰ কৰে সদৌ অসম ক'ভিড-১৯ চাফাই কৰ্মীয়ে ।

আজিৰে পৰা ৩ বছৰ পূৰ্বে যেতিয়া সমগ্ৰ বিশ্বৰ লগতে অসমতো ক'ভিডে ভয়ংকৰ ৰূপ লৈছিল । তেতিয়া চিকিৎসকৰ পৰা আৰম্ভ কৰি হাস্পতালত কৰ্মৰত প্ৰতিগৰাকী কৰ্মচাৰীয়ে নায়ক আছিল । ৰাজ্যজুৰি অভাৱনীয় পৰিৱেশৰ সৃষ্টি হোৱাৰ সময়তে হাস্পতালসমূহত চৰকাৰে অতিৰিক্ত চাফাই কৰ্মী নিযুক্তি দিছিল । প্ৰথম অৱস্থাত অস্থায়ীভাৱে তেওঁলোকক নিযুক্তি দিয়া হৈছিল যদিও পিচত চৰকাৰে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিছিল । সেই প্ৰতিশ্ৰুতিৰ কথা মনত ৰাখিয়ে ৰাজ্যৰ ১,৩২৪ গৰাকী চাফাই কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালে চাকৰি নিয়মীয়াকৰণৰ বাবে গভীৰ আগ্ৰহেৰে ৰৈ আছিল ।

কিন্তু ৩ বছৰ পাৰ হৈ যোৱাৰ পাছতো চৰকাৰে সেই চাকৰি নিয়মীয়াকৰণ নকৰিলে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে বহুবাৰ চাফাই কৰ্মীসকলক প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নহ'ল । যাৰ বাবে ক'ভিডকালীন দুৰ্যোগৰ সময়ত নিষ্ঠাৰে কাম কৰা চাফাই কৰ্মীসকল নিৰাশ হৈছে । অৱশেষত চৰকাৰৰ বিৰুদ্ধে কৰ্মীসকলে ৰাজপথলৈ ওলাই আহিছে । সোমবাৰে প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত ক'ভিড চাফাই কৰ্মীসকলে নিজৰ আৰ্থিক পৰিস্থিতিৰ বৰ্ণনা কৰি উচুপি উঠে ।

উল্লেখ্য যে এই চাফাই কৰ্মীসকল দুৰ্যোগৰ সময়ত ক'ভিড হাস্পতাল, ক'ভিড ক্লিনিং চেণ্টাৰ, ক'ভিড কেয়াৰ চেণ্টাৰ, ক'ভিড কোৱাৰেণ্টাইন চেণ্টাৰ আদিত নিয়োজিত আছিল । নিজৰ জীৱনৰ কথা চিন্তা নকৰিও কেৱল এটা চৰকাৰী চাকৰিৰ আশাত তেওঁলোকে দিনে নিশাই কৰ্ম কৰি গৈছিল । কিন্তু আজি চৰকাৰে তেওঁলোকক প্ৰৱঞ্চনা কৰাত চাফাই কৰ্মীসকল উদ্বিগ্ন হৈ পৰিছে ।

নিৰাশ ক'ভিড চাফাই কৰ্মীসকলে হুংকাৰ দিছে যে যদি এইবাৰ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা নহয় তেনেহ'লে ৰাজ্যৰ ১,৩২৪ গৰাকী চাফাই কৰ্মীয়ে একেলগে ব্ৰহ্মপুত্ৰত আত্মজাহ দিব । অৱশ্যে এইসকল ক'ভিড চাফাই কৰ্মীৰ অনুৰোধ ৰাজঘৰে কিমান গুৰুত্ব দিয়ে সেয়া সময়েহে ক'ব ?

লগতে পঢ়ক :নগাঁৱত শিক্ষা মন্ত্ৰীৰ পুত্তলিকা দাহেৰে আছুৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.