ETV Bharat / state

জোনাইৰ শিক্ষাখণ্ডত চৰম দুৰ্নীতি

Corruption in Jonai: জোনাইৰ মূৰ্কংচেলেক শিক্ষাখণ্ডত শিশু আৰু কিশোৰৰ বাবে পুথিভঁৰাল নিৰ্মাণত ব্যাপক দুৰ্নীতি । কনিষ্ঠ অভিযন্তাই নীতি বহিৰ্ভূতভাৱে নিৰ্মাণকাৰ্য চলাই যোৱাৰ অভিযোগ দল-সংগঠন তথা বিদ্যালয় পৰিচালনা কমিটিৰ । ঠিকাদাৰৰূপী কনিষ্ঠ অভিযন্তাৰ ওপৰত উচ্চ তদন্তৰ দাবী দল-সংগঠনৰ ।

Corruption in construction of library in Jonai
জোনাইৰ শিক্ষাখণ্ডত চৰম দুৰ্নীতি
author img

By ETV Bharat Assamese Team

Published : February 27, 2024 at 7:02 PM IST

2 Min Read
Choose ETV Bharat
জোনাইৰ শিক্ষাখণ্ডত চৰম দুৰ্নীতি

জোনাই,২৬ ফেব্ৰুৱাৰী: অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ গৃহজিলাৰ জোনাই মহকুমাৰ মুৰকংচেলেক শিক্ষাখণ্ডত চৰম দুৰ্নীতি । অসম চৰকাৰৰ পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ সাংস্কৃতিক বিভাগৰ বিশেষ পুঁজিৰ দ্বাৰা নিৰ্মাণ হৈ আছে জোনাই মুৰ্কংচেলেক শিক্ষাখণ্ডৰ অন্তৰ্গত পোন্ধৰখন বিদ্যালয়ত শিশু আৰু কিশোৰৰ বাবে আদর্শ পুথিভঁৰাল । প্ৰতিখন পুথিভঁৰালৰ বিপৰীতে অসম চৰকাৰৰ দ্বাৰা ষোল্ল লাখ টকাকৈ আৱন্টন দিয়াত পুথিভঁৰাল নিৰ্মাণৰ কাৰ্য দ্রুত গতিত চলাই গৈছে ।

তাৰে ভিতৰত নিম্নমান সামগ্ৰীৰে নিৰ্মাণকাৰ্য চলি থকা প্ৰগতি হাইস্কুল, চিলে মধ্য ইংৰাজী বিদ্যালয়, জে.এন চিলে ট্ৰাইবেল এম ই স্কুলত ধেমাজি জিলাৰ সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াই নিৰ্মাণস্থলী পৰিদৰ্শন কৰি জোনাইত শিশু আৰু কিশোৰৰ বাবে যি সমূহ পুথিভঁৰাল নিৰ্মাণ হৈ আছে প্ৰতিটো পুথিভঁৰালৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰৰূপী কনিষ্ঠ অভিযন্তাক উচ্চ পৰ্যায়ৰ তদন্তৰ আওতালৈ আনি কঠোৰ শাস্তি প্ৰদানৰ বাবে দাবী জনায় ।

জানিব পৰা অনুসৰি, প্ৰায় বিশ বছৰ ধৰি জোনাই মুৰ্কংচেলেক শিক্ষাখণ্ডত বাহৰ পতা কনিষ্ঠ অভিযন্তা গাম পেগুৰ তত্বাৱধানতে চলি আছে এই নিৰ্মাণ কাৰ্য । বিদ্যালয় কেইখনৰ পৰিচালনা কমিটি আৰু প্ৰধান শিক্ষকক বুঢ়া আঙুলি দেখুৱাই নিজা মইমতালিৰে নিৰ্মাণ কৰি গৈছে পুথিভঁৰালসমূহৰ কাম-কাজ । কণিষ্ঠ অভিযন্তা গাম পেগুৱে তেওঁৰ পোহনীয়া সহোদৰ আব্দুল কৰিম নামৰ লোকজনকে প্ৰায় কেইখন নিৰ্মাণ কেন্দ্ৰত ঠিকাদাৰৰূপে নিয়োগ কৰাৰ লগতে সামগ্ৰী ক্ৰয় কৰাটো চলাই গৈছে কমিচনৰাজ ।

বিদ্যালয় কেইখনৰ পৰিচালনা কমিটি আৰু প্ৰধান শিক্ষকক কেৱল মাত্ৰ চহীটোৰ বাবেহে ব্যৱহাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ বিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ । তাৰোপৰি প্ৰধান শিক্ষক আৰু পৰিচালনা কমিটিৰ বিষয়ববীয়াই কনিষ্ঠ অভিযন্তা গাম পেগুৰ কৰ্মত যদি প্ৰশ্ন উত্থাপন কৰে ভয় ভাবুকিৰে প্ৰতিটো সময়তে দমন কৰি অহাৰ কথা জনাই সংবাদ মাধ্যমক ।

উল্লেখযোগ্য যে, প্ৰায় বিশ বছৰ দিন ধৰি মুৰ্কংচেলেক শিক্ষাখণ্ডত বাহৰ পাতি ঠিকাদাৰৰূপী কণিষ্ঠ অভিযন্তাই শিক্ষা বিভাগৰ দৰে এটা পবিত্ৰ অনুষ্ঠানত লুণ্ঠনৰাজ চলাই যোৱাৰ পিছতো ধেমাজি জিলা শিক্ষা বিভাগ বৰ্তমান সময়ত নিমাতে হৈ থকাটো এক চিন্তনীয় বিষয় হৈ পৰিছে । পৰৱৰ্তী সময়ত এই ঠিকাদাৰৰূপী কণিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে অসম চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক: চাকৰিৰ প্ৰলোভনেৰে অসমৰ যুৱতীক বিক্ৰীৰ পৰিকল্পনা কৰাৰ অভিযোগ প্লেচমেণ্ট কোম্পানীৰ বিৰুদ্ধে