ETV Bharat / state

গুৱাহাটীৰ-গড়ভাংগা পথত নতুন উৰণ সেতুৰ আধাৰশিলা স্থাপন

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 1:59 PM IST

Updated : Feb 1, 2024, 2:21 PM IST

New Flyover in Guwahati: চাইকেল ফেক্টৰী জংচনৰ পৰা লালগণেশলৈ হ'ব আন এখন উৰণ সেতু । ৩৭৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব সেতুখন । তিনিলেনযুক্ত এই সেঁতুখনৰ দৈৰ্ঘ হ'ব ২.৮৪ কিলোমিটাৰ । পৌৰ নিগমৰ অধীনত নিৰ্মাণ কৰা ২৪ টা ৰাজহুৱা শৌচাগাৰ, ১৯ টা শ্মশান আৰু ৩১ টা ৰাজহুৱা প্ৰেক্ষাগৃহও উদ্বোধন কৰে মুখ্যমন্ত্রীয়ে ।

New Flyover in Guwahati
গুৱাহাটীৰ গড়ভাংগা পথত নতুন উৰণ সেঁতুৰ আধাৰশিলা স্থাপন

গুৱাহাটী,১ ফেব্ৰুৱাৰী: গুৱাহাটীৰ লখৰা-নেপালী মন্দিৰ (গড়ভাংগা ৰোড) পথত চাইকেল ফেক্টৰী জংচনৰ পৰা লালগণেশলৈ হ'ব আন এখন উৰণ সেতু । বৃহস্পতিবাৰে এই সেতুখনৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ৩৭৬ কোটি টকা ব্যয় সাপেক্ষে এই সেতুখন নিৰ্মাণ কৰা হ'ব । তিনিলেনযুক্ত এই সেতুখনৰ দৈৰ্ঘ হ'ব ২.৮৪ কিলোমিটাৰ । এই উপলক্ষে লালগণেশত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হয় ।

উক্ত সভাতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সেতুখনৰ আধাৰশিলা স্থাপন কৰে । উল্লেখ্য যে আজি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন । সভাত মুখ্যমন্ত্রীক ওপজা দিনৰ ওলগ জনোৱা হয় । ইফালে সভাতে মুখ্যমন্ত্রীয়ে ডিজিটেলি পৌৰ নিগমৰ অধীনৰ ২৪ টা ৰাজহুৱা শৌচাগাৰ, ১৯ টা শ্মশান তথা কৱৰস্থান আৰু ৩১ টা ৰাজহুৱা প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰে । ইয়াৰ বাবে ব্যয় কৰা হৈছে ক্ৰমে ৪.৭৫ কোটি টকা, ৩.৭৬ কোটি আৰু ৬.১৪ কোটি টকা ।

সেতুখনৰ আধাৰশিলা স্থাপন কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে । তেওঁ কয় যে তিনি বছৰৰ ভিতৰত নিৰ্মাণ হ'বলগীয়া এই সেতুখনে বৃহত্তৰ এই অঞ্চলটোৰ যান-জঁটৰ সমস্যা লাঘৱ কৰিব । চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ নিৰ্মাণ হ'বলগীয়া সেতুখনৰ চাইকেল ফেক্টৰী আৰু লালগণেশত দুটা উইং থাকিব । আনহাতে গুৱাহাটীৰ আৰ্য নগৰত নিৰ্মাণ হৈ থকা মেডিকেল কলেজৰ কাম প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে এই বছৰৰ শেষত নহ'লে ২০২৫ বৰ্ষৰ আৰম্ভণিতে মেডিকেল কলেজখন মুকলি কৰা হ'ব ।

মুখ্যমন্ত্রীয়ে লগতে কয় যে ২৮ ফেব্ৰুৱাৰীত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙৰ এটা অংশ মুকলি কৰা হ'ব । ইয়াৰ দ্বাৰা ভৰলুমুখৰ যানজঁটৰ সমস্যাৰ সমাধান হ'ব । দলঙখন সম্পূৰ্ণ হ'লে প্ৰধানমন্ত্রীয়ে উদ্বোধন কৰিব বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে ৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী গুৱাহাটীলৈ আহিব আৰু বহু কেইটা প্ৰকল্প মুকলি কৰিব ।

গুৱাহাটীত ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত আৰু ১৩০ খন ইলেক্ট্ৰিক বাছ অনা হ'ব বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে ২০২৫ চনৰ ভিতৰত গুৱাহাটীত আৰু ডিজেল-পেট্ৰ'লৰ বাছ নাথাকিব । গুৱাহাটীৰ খোৱাপানীৰ সমস্যা আগন্তুক দুবছৰৰ ভিতৰত সমাধান কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটীৰ পানী যোগান আঁচনিৰ বাবে ৩০০ কোটি টকা মোকলাই দিয়া হৈছে ।

মুখ্যমন্ত্রীয়ে লগতে কয় যে নাৰেংগী-কুৰুৱা দলঙৰ কাম আগন্তুক ৬ মাহৰ ভিতৰত আৰম্ভ হ'ব । ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে ৰিং ৰোডৰ কথাও সদৰি কৰে । অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিধায়ক অতুল বৰা, কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, মেয়ৰ মৃগেন শৰণীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন, নিশা 12 বজাৰ পৰাই দিছপুৰৰ ঘৰত সহস্ৰাধিক শুভাকাংক্ষী

Last Updated : Feb 1, 2024, 2:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.