ETV Bharat / state

সংখ্যালঘুক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে কংগ্ৰেছে: ৰূপক শৰ্মা - LOK SABHA ELECTION 2024

Lok Sabha election 2024 : নগাঁও অগপ কাৰ্যালয়ত প্ৰাৰ্থী সুৰেশ বৰা । নিৰ্বাচনী প্ৰচাৰৰ মাজতে অগপ কাৰ্যালয়ত অনুষ্ঠিত দলীয় সভাত বিধায়ক ৰূপক শৰ্মাৰ লগতে প্ৰাৰ্থী সুৰেশ বৰাও উপস্থিত হৈ অসমৰ সংখ্যালঘুসকলক কংগ্ৰেছে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰে ৷

LOK SABHA ELECTION 2024
সংখ্যালঘুক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে কংগ্ৰেছে- ৰূপক শৰ্মা
author img

By ETV Bharat Assamese Team

Published : March 28, 2024 at 10:51 PM IST

2 Min Read
Choose ETV Bharat
সংখ্যালঘুক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে কংগ্ৰেছে- ৰূপক শৰ্মা

নগাঁও, 28 মাৰ্চ : নগাঁও লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী সুৰেশ বৰাই জিলাখনৰ সংখ্যালঘু অধ্যুষিত এলেকাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৷ এইবাৰ নগাঁও অগপ কাৰ্যালয়ত প্ৰাৰ্থী সুৰেশ বৰা আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বৃহস্পতিবাৰে উপস্থিত হৈ কেবাটাও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বিশেষকৈ কংগ্ৰেছৰ ভোট বেংক হিচাপে পৰিচিত ৰূপহীহাট, চামগুৰি, লাহৰিঘাট সমষ্টিৰ সংখ্যালঘু ভোটাৰে বিজেপি দলত যোগদান কৰাৰ কথা উল্লেখ কৰি বিগত সময়ৰ কংগ্ৰেছ চৰকাৰে সংখ্যালঘুসকলক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহা বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই । কেৱল এয়াই নহয় বিগত বৰ্ষত কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনকো উভতি ধৰে বিধায়ক ৰূপক শৰ্মাই ।

নগাঁৱৰ লগতে কাজিৰঙা লোকসভা সমষ্টিতো কংগ্ৰেছ জয়ী হ'ব বুলি মাত্ৰ এটা দিন পূৰ্বে দাবী কৰা ৰকিবুল হুছেইনক বিধায়ক ৰূপক শৰ্মাৰ প্ৰত্যুত্তৰ । শৰ্মাই কয় যে, কংগ্ৰেছ চৰকাৰৰ বনমন্ত্ৰী হৈ থকা ৰকিবুল হুছেইনৰ দিনতেই কাজিৰঙাৰ এশিঙীয়া গঁড় নিঃশেষ হবলৈ ধৰাৰ কথা ৰাইজে পাহৰা নাই বুলি ৷ এইবাৰ সচেতন ভোটাৰে ইয়াৰ প্ৰত্যুত্তৰ দিব । এইবাৰ লোকসভা নিৰ্বাচনত নগাঁৱৰ লগতে কাজিৰঙা, যোৰহাট, শোণিতপুৰ আদি সমষ্টিত বিজেপি মিত্ৰজোঁটৰ জয় নিশ্চিত বুলি দাবী কৰে বিধায়ক ৰূপক শৰ্মাই ।

নগাঁও জিলা অগপ কাৰ্যালয়ত সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত অনুষ্ঠিত হোৱা এক দলীয় সভা চলি থকাৰ মাজতে প্ৰাৰ্থী সুৰেশ বৰাক লগত লৈ অগপ কাৰ্যালয়ত উপস্থিত হয় বিধায়ক ৰূপক শৰ্মা ৷

ইফালে নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰাই তেওঁ আকাশত চাং পতা বুলি কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰলদলৈয়ে কৰা সমালোচনাৰ উত্তৰ দি কয় যে, আকাশত চাং পতা বৰদলৈৰ পৰাহে শিকিব লাগিব বুলি ৷

লগতে পঢ়ক: দেশৰ আটাইতকৈ ধনী মহিলাগৰাকী এতিয়া বিজেপিত: ত্যাগ কৰিলে কংগ্ৰেছ - SAVITRI JINDAL JOINS BJP