ETV Bharat / state

কলগাছিয়াৰ ৰঙাপানীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 8:17 PM IST

Congress Holds Protest
প্ৰতিবাদী কাৰ্যসূচী

Congress Holds Protest : কলগাছিয়াত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাত আক্ৰমণৰ বিৰুদ্ধে এই প্ৰতিবাদ ৷ বিধায়ক আব্দুল বাতেন খন্দকাৰৰ অংশগ্ৰহণ ৷

কলগাছিয়াত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

জনিয়া, 22 জানুৱাৰী : ভাৰত জোড়ো ন্যায় যাত্ৰাত আক্ৰমণৰ বিৰুদ্ধে কলগাছিয়াৰ ৰঙাপানীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৷ ৰঙাপানী বিকল্প ৰাজ্যিক ঘাইপথত এই প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ বিধায়ক আব্দুল বাতেন খন্দকাৰৰ ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাত বিজেপিৰ গুণ্ডাবাহিনীৰ আক্ৰমণৰ বিৰুদ্ধে লাংলাৰ পৰা বৰটাৰী অভিমুখে যোৱা ৰঙাপানী দুই নং বিকল্প ৰাজ্যিক ঘাইপথত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

প্ৰতিবাদত অংশগ্ৰহণ কৰি ভাৰত জোড়ো ন্যায় যাত্ৰা সফল হৈছে বুলি দাবী কৰে বিধায়ক বাতেন খন্দকাৰে ৷ কিন্তু এই যাত্ৰাই অসমত প্ৰৱেশৰ লগে লগেই বাধা প্ৰদান কৰিবলৈ বিজেপি চৰকাৰে নানা ধৰণৰ কূট কৌশল অৱলম্বন কৰিছে বুলিও কয় তেওঁ ৷ মহিলা সকলে যাতে এই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে তেওঁলোকৰ বাবে আঁচনি ঘোষণা কৰি ব্যস্ত ৰখাৰ কৌশল ৰচনা কৰিছে বুলি মন্তব্য কৰে বিধায়ক বাতেন খন্দকাৰে ৷ তথাপিও মহিল সকলে এই যাত্ৰাত সমৰ্থন জনাইছে বুলি কয় তেওঁ ৷

বিজেপি চৰকাৰে এই যাত্ৰাত ৰাইজৰ সমৰ্থন দেখা পাই ভয় খাই গুণ্ডাবাহিনীৰ জৰিয়তে জামুগুৰিহাটত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন কৰে বিধায়কজনে ৷ লগতে এই যাত্ৰা ব্যাহত কৰাৰ বাবে গুণ্ডাবাহিনীয়ে বাধা প্ৰদানৰ অপচেষ্টা চলাই আছে বুলি কয় বিধায়কজনে ৷ লগতে বিধায়ক গৰাকীয়ে এইখন গণতন্ত্ৰ বিৰোধী চৰকাৰ বুলি উল্লেখ কৰে ৷ ইফালে 24 জানুৱাৰীত বৰপেটা, বঙাইগাঁৱত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত সৰ্বস্তৰৰ ৰাইজক অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনায় বিধায়ক আব্দুল বাতেন খন্দকাৰে ৷

লগতে পঢ়ক : অসম আৰক্ষীক মুখ্যমন্ত্ৰীয়ে বিজেপি কৰ্মীৰ দৰে ব্যৱহাৰ কৰে: সাংসদ গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.