ETV Bharat / state

সামৰণি পৰিল দ্বিতীয় ত্তাঈ জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱৰ

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 9:56 PM IST

Tai ethnic cultural festival : সামৰণি পৰিল দ্বিতীয় ত্তাঈ জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱৰ ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ মাইঠঙত অনুষ্ঠিত হৈ যোৱা দ্বিতীয় ত্তাঈ জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱৰ মুকলি সভাত অংশগ্ৰহণ চুবুৰীয়া ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ লগতে জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া আৰু চিন্তাবিদ, শিক্ষাবিদেও ৷

2nd tai ethnic cultural festival
নিজম পৰিল তিনিচুকীয়া জিলাৰ কাকপথাৰৰ চাও-ফা চুহুংমুং ক্ষেত্ৰ

তিনিচুকীয়া, ২৩ জানুৱাৰী : নিজম পৰিল তিনিচুকীয়া জিলাৰ কাকপথাৰৰ চাও-ফা চুহুংমুং ক্ষেত্ৰ ৷ আজি (মঙলবাৰ) সামৰণি পৰিল কাকপথাৰ মাইঠঙত অনুষ্ঠিত হোৱা দ্বিতীয় ত্তাঈ জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱৰ ৷ বিভিন্ন কলা সংস্কৃতিৰ সমাহাৰেৰে জিলিকিল চাও-ফা চুহুংমুং ক্ষেত্ৰ ৷

উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা ত্তাঈ জাতিৰ অন্তৰ্গত বিভিন্ন ত্তাঈ জনগোষ্ঠীয়ে আৰ্থ সামাজিক আৰু সাংস্কৃতিক ঐতিহ্যৰ হকে বহুতো অৱদান আগবঢ়াই আহিছে আৰু এটা স্বকীয় 'উত্তৰ-পূৰ্বাঞ্চলীয় আৰ্হি’ নিৰ্মাণ কৰিছে ৷ সংযুক্ত ত্তাঈ জনগোষ্ঠীয় সামাজিক সাংস্কৃতিক সংঘ (United Tai Ethnic Socio-Cultural Organisation) UTESCO ই ত্তাঈ জাতিৰ অখণ্ডতা উত্তৰ-পূৱত বসবাস কৰি অহা সকলো জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়াৰ সংকল্প গ্ৰহণ কৰিছে ৷

অখণ্ডতা আৰু সমন্বয়ৰ লক্ষ্য আগত ৰাখিয়েই “য়ুটেস্ক” ৰ উদ্যোগত সকলো ত্তাঈ জনগোষ্ঠীৰ পৃষ্ঠপোষকতাত তথা ৰাইজৰ সহযোগত ১৮ জানুৱাৰীৰ পৰা ৫ দিনীয়াকৈ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ মাইঠং গাঁৱৰ “চাও-ফা চুহুংমুং ক্ষেত্ৰ”ত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা “দ্বিতীয় ত্তাঈ জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ” ৰ সামৰণি পৰিল ৷

উক্ত মহোৎসৱত গ্ৰন্থমেলা, বাণিজ্য মেলা, বস্ত্ৰমেলা, জনগোষ্ঠীয় খাদ্যমেলা, কৃষ্টিমেলা, শিল্পমেলা, উদ্ভিদ উদ্যান, ত্তাঈ সাংস্কৃতিক শোভাযাত্ৰা, বৰচৰা, আলোচনা সভা, সাংস্কৃতিক সন্ধিয়াৰ দৰে অনুষ্ঠান দেখিবলৈ পোৱা গৈছিল ৷ অনুষ্ঠানৰ স্থলীৰ বৃহৎ এলেকাৰ ভিতৰত বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্যৰ বিপনি, সাজ পোচাকৰ বিপনি আদি দেখিবলৈ পোৱা গৈছিল ।

এই মহোৎসৱৰ মুকলি সভাত চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ টাই জনগোষ্ঠীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতৃ বৰ্গ, চুবুৰীয়া ৰাজ্য অৰুণাচলৰ অতিথি, শিক্ষাবিদ, চিন্তাবিদে অংশগ্ৰহণ কৰে ৷ আটাইকেইটা দিনৰ বিভিন্ন কাৰ্যসূচী যেনে যুৱ সন্মিলন, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সৌন্দৰ্য প্ৰতিযোগিতা, সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান অনুষ্ঠিত হয় ৷

সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত খগেন গগৈ, বিপিন চাউদাং, জ্যোতিমালা বুঢ়াগোহাঁই, ৰাজীৱ শদিয়া, মাধৱ ৰঞ্জনৰ দৰে কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে গীত পৰিৱশন কৰে ৷ আটাইকেইটা দিনত সহস্ৰাধিক লোকৰ উপস্থিতি দেখিবলৈ পোৱা যায় ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাই মূৰত ধৰিছে : প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.