ETV Bharat / politics

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাই মূৰত ধৰিছে : প্ৰদেশ কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 9:04 PM IST

Clash between Police and Congress workers : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক কেন্দ্ৰ কৰি খানাপাৰা পৰিণত হ'ল ৰণক্ষেত্ৰত । আৰক্ষীৰ আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কংগ্ৰেছকে ধৰি বিৰোধী ঐক্য মঞ্চৰ ৰাজনৈতিক দলসমূহৰ । মুখ্যমন্ত্ৰীয়ে নিজৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ ঢাকিবৰ বাবেই এইদৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা প্ৰদান কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিব বিচাৰিছে । আৰক্ষীৰ দুৰ্ব্যৱহাৰক বিৰোধী ঐক্য মঞ্চৰ গৰিহণা ।

Opposition political parties strongly condemn on police attack in Kahanapara
ৰাম ৰাজ্যত এতিয়া ৰাৱণৰ শাসন চলিছে : অখিল গগৈ

গুৱাহাটী, ২৩ জানুৱাৰী : অসমৰ বিভিন্ন ঠাইত ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই সোমবাৰে গুৱাহাটী মহানগৰীত অভাৱনীয় পৰিস্থিতিৰ মুখা-মুখি হ’ব লগা হয় । এক কথাত ৰণক্ষেত্ৰত পৰিণত হয় গুৱাহাটীৰ খানাপাৰাৰ কইনাধৰাৰ ৰাষ্ট্ৰীয় ঘাইপথ । আৰক্ষী আৰু কংগ্ৰেছৰ নেতা-কৰ্মীৰ মাজত হোৱা হতাহতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিধায়ক জাকিৰ হুছেইন সিকদাৰকে ধৰি বহু নেতা-কৰ্মী আহত হয় ।

Opposition political parties strongly condemn on police attack in Kahanapara
খানাপাৰা পৰিণত হ'ল ৰণক্ষেত্ৰত

আনহাতে, আৰক্ষীৰো বহু কেইজন আহত হয় । ইফালে আৰক্ষীৰ নিৰাপত্তা বেষ্টনী আৰু বেৰিকেড ভাঙি আগুৱাই যোৱা কংগ্ৰেছৰ নেতা-কৰ্মী আৰু সমৰ্থকসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰাত কংগ্ৰেছৰ বহু কেইজন নেতা-কৰ্মী আহত হয় । ফলত প্ৰায় এঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ উত্তপ্ত হৈ থাকে ।

সমান্তৰালকৈ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি সমগ্ৰ খানাপাৰা অঞ্চলত ব্যাপক যানজঁটৰ সৃষ্টি হয় । খানাপাৰাৰ কইনাধৰাত আজি সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে কংগ্ৰেছ দলকে ধৰি বিৰোধী দলসমূহ । প্ৰদেশ কংগ্ৰেছে আজিৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক বিবৃত্তি যোগে জনাই যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক বাৰে বাৰে চৰকাৰ আৰু বিজেপি দলে বাধা প্ৰদান কৰি তেওঁলোকৰ ফেচিষ্ট আৰু অগণতান্ত্ৰিক চৰিত্ৰক প্ৰকট কৰি তুলিছে ।

Opposition political parties strongly condemn on police attack in Kahanapara
খানাপাৰা পৰিণত হ'ল ৰণক্ষেত্ৰত

আজি আৰক্ষীয়ে চৰম পর্যায় পালে । শান্তিপূর্ণ শোভাযাত্ৰাকাৰীক বাৰে বাৰে বাধা দি শেষ মুহূৰ্তত বেৰিকেডেৰে বান্ধি ৰাখিব বিচৰা কাৰ্যক অসম প্ৰদেশ কংগ্ৰেছে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । আৰক্ষীৰ বেষ্টনী ভাঙি দিয়াৰ লগে লগে আৰক্ষীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি লৈ ডিঙিত চেপি ধৰা আৰু লাঠিৰে উপর্যুপৰি প্ৰহাৰ কৰা কাৰ্য অসম আৰক্ষীৰ কাপুৰুষালিৰ বাহিৰে আন একো নহয় বুলি সদৰী কৰে প্ৰদেশ কংগ্ৰেছে ।

আৰক্ষীৰ লাঠিচালনাত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, বৰ্ণালী ফুকন, যুৱ কংগ্ৰেছৰ সভাপতি জুৱেৰ এনাম চৌধুৰীকে ধৰি কেবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু নিষ্ঠাৱান কৰ্মী আহত হ’বলগীয়া হৈছে বুলি প্ৰদেশ কংগ্ৰেছে জানিবলৈ দিয়ে । এই ঘটনাই চৰকাৰখনৰ হিটলাৰী শাসনৰ স্বৰূপ উদঙাই দিয়া বুলি বিবৃতিযোগে প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহ আৰু উপাধ্যক্ষ বেদব্ৰত বৰাই অভিযোগ কৰে ।

Opposition political parties strongly condemn on police attack in Kahanapara
ৰাম ৰাজ্যত এতিয়া ৰাৱণৰ শাসন চলিছে : অখিল গগৈ

বিবৃতিটোত তেওঁলোকে কয় যে কংগ্ৰেছে আইন-শৃংখলা মানি চলে বাবেই আৰক্ষীয়ে দিয়া পথ নিৰ্দেশনা ভংগ কৰা নাই । কিন্তু বাৰে বাৰে বাধা প্ৰদান কৰি থাকিলে কংগ্ৰেছে নিজৰ শক্তি দেখুৱাবলৈ আৰক্ষীৰ আবেষ্টনী যে ভাঙি দিব পাৰে তাৰ আজি প্ৰমাণ কৰি দিলে ।

অসমত হিটলাৰী শাসন নচলিব বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ নেতাদ্বয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাই মূৰত ধৰিছে । মুখ্যমন্ত্ৰীয়ে নিজৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ ঢাকিবৰ বাবেই এইদৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা প্ৰদান কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিব খুজিছে ।

মুখ্যমন্ত্ৰীয়ে আজি পুনৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ বাবে শান্তিপূর্ণ সমদলকাৰী আৰক্ষীৰ প্ৰহাৰত আহত হ’বলগীয়া হৈছে । কংগ্ৰেছৰ এই তেজৰ মূল্য শাসকীয় দলে ভৰিব লাগিব বুলিও নেতাদ্বয়ে সদৰী কৰে । ‘‘গণতন্ত্ৰ ফাঁচীকাঠত ওলমিছে’’ - আজি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ওপৰত অসম পুলিচে কৰা লাঠী চালনাৰ ঘটনাক তীব্ৰ নিন্দা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । এক বিবৃতিযোগে অখিল গগৈয়ে কয় যে এই ঘটনা আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি ভাবুকি ।

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত শান্তিপূর্ণভাৱে কৰিব খোজা এটা কাৰ্যসূচীত বাৰে বাৰে বাধা প্ৰদান কৰিছে অসম পুলিচে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাকে ধৰি বিৰোধী ঐক্যমঞ্চৰ নেতা-কৰ্মীক এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে চৰকাৰ প্ৰশাসনে ।

যি সময়ত জে পি নাড্ডাক আদৰণি জনাই গুৱাহাটীৰ মাজ মজিয়াত বিজেপি দলে বিশাল বাইক ৰেলী কৰিব পাৰে, সেই সময়ত কংগ্ৰেছ বা বিৰোধী ঐক্য মঞ্চৰ আন দলসমূহ তথা ৰাহুল গান্ধীক গুৱাহাটীত প্ৰৱেশ কৰিবলৈ নিদিয়া ঘটনাটো কেৱল দুৰ্ভাগ্যজনকেই নহয়, এয়া দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি তীব্ৰ ভাবুকি বুলি অখিল গগৈয়ে অভিযোগ কৰে ।

সংবিধানে দিয়া সকলো অধিকাৰ এটা এটাকৈ কাঢ়ি নিব খুজিছে বিজেপিয়ে । ৰাম ৰাজ্যত যেন এতিয়া ৰাৱণৰ শাসন চলিছে । এয়া ফেচিবাদৰ চৰম পৰ্যায় । গণতন্ত্ৰ ফাঁচীকাঠত ওলমিছে । এখন গণতান্ত্ৰিক দেশত বিৰোধী দলৰ ভূমিকা, বিৰোধী কিয় প্ৰয়োজন সকলোবোৰ জনাৰ পিচতো মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে গৃহ বিভাগটো চলাই থকাৰ অৱস্থাতো জনতাক সুৰক্ষা দিব নোৱাৰা বিষয়টোৱে চৰকাৰখনৰ স্বেচ্ছাচাৰিতাৰ উমান দিছে । ৰাইজৰ দলে এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী কৰাৰ কথাও জানিবলৈ দিয়ে অখিল গগৈয়ে ।

আৰক্ষীৰ দুৰ্ব্যহাৰক বিৰোধী ঐক্য মঞ্চৰ গৰিহণা 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ত বাধা প্ৰদানৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চ, অসমৰ অধ্যক্ষ ভূপেন বৰা আৰু অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ যাত্ৰাসংগী নেতাসকলৰ সৈতে অসম আৰক্ষীৰ লোকে আজি কৰা দুৰ্ব্যৱহাৰৰ ঘটনাক বিৰোধী ঐক্য মঞ্চ, অসমে তীব্ৰ গৰিহণা দিয়ে ৷

বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীৰ লোকে আজি ৰাহুল গান্ধীৰ যাত্ৰাক বাধা দি তথা একাংশ যাত্ৰাকাৰী নেতাক শাৰীৰিকভাৱে অপদস্ত কৰি গণতন্ত্ৰক কবৰস্থ কৰিলে ৷ এই অপৰাধৰ উত্তৰ জনতাৰ আদালতত মুখ্যমন্ত্ৰীয়ে দিবই লাগিব ।

তেওঁ লগতে কয় যে আৰক্ষীৰ দায়িত্ব হৈছে সকলো দল-সংগঠনৰ প্ৰতি সমান ব্যৱহাৰ কৰা ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা তথা বিৰোধী দলসমূহক তুচ্চ-তাচ্ছিল্যসূচক মন্তব্য কৰাৰ পিচত আজি অসম আৰক্ষীৰ লোকে গুৱাহাটীৰ খানাপাৰাত যাত্ৰাকাৰী নেতাসকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰি আৰক্ষীৰ নীতি-নিয়ম ভংগ কৰিছে ৷ এয়া দুৰ্ভাগ্যজনক ৷ দৰাচলতে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী শৰ্মাৰ নিৰ্দেশতে আৰক্ষীয়ে যে এনে ব্যৱহাৰ কৰিলে সেয়া কাৰো বুজিবলৈ বাকী নাই ৷

মুখ্যমন্ত্ৰী শৰ্মাই বিজেপিৰ পৰাজয় নিশ্চিত বুলি জানি ভয়ত বিতত হৈয়ে বিৰোধীপক্ষ উত্থান প্ৰতিহত কৰাৰ লক্ষ্যতে আৰক্ষীক ৰাজনৈতিক প্ৰয়োজনত ব্যৱহাৰ কৰা বুলি মত প্ৰকাশ কৰে অখিল গগৈয়ে ৷ তেওঁ লগতে আৰক্ষীৰ নিৰপেক্ষতা বজাই ৰাখিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনায় ।

লগতে পঢ়ক : ভাৰত জোড়ো ন্যায় যাত্রা : ৰণক্ষেত্রলৈ পৰিণত খানাপাৰা, আহত বহুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.