ETV Bharat / state

6 মাৰ্চত লখিমপুৰত ৯০০ কোটি টকাৰ আঁচনি উদ্বোধন-শিলান্যাস কৰিব মুখ্যমন্ত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 4:32 PM IST

Vikas yatra at Lakhimpur : লখিমপুৰ জিলাত বিকাশ যাত্ৰাৰ অংশ স্বৰূপে ৯০০ কোটি টকাৰ বিভিন্ন আঁচনিৰ উদ্বোধনৰ লগতে বহু অভিলাষী আঁচনিৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰা হ'ব ৷

MLA Manab Deka
বিধায়ক মানৱ ডেকা

লখিমপুৰত ৯০০ কোটি টকাৰ আঁচনি উদ্বোধন-শিলান্যাস কৰিব মুখ্যমন্ত্ৰীয়ে

লখিমপুৰ, ৪ মাৰ্চ: লখিমপুৰৰ বাবে সুখবৰ । লখিমপুৰত ৯০০ কোটি টকাৰ আঁচনিৰ কাম মুকলি কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অহা ছয় মাৰ্চত লখিমপুৰে পাব ৯০০ কোটি টকাৰ কেইবাখনো আঁচনি । ৰাজ্যজুৰি অব্যাহত থকা অসম চৰকাৰৰ বিকাশ যাত্ৰাৰ অধীনত এই আঁচনি সমূহৰ একাংশৰ উদ্বোধন আৰু আন একাংশৰ ভূমি পূজনেৰে কাম আৰম্ভ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰে বিধায়ক মানৱ ডেকাই এই বিষয়ে সংবাদ মাধ্য়মক সদৰী কৰে ।

বিধায়ক মানৱ ডেকাই পুনৰ কয় যে লখিমপুৰ নগৰৰ চুকুলীভৰীয়াত ১৬ কোটি টকাৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা সন্মিলন কেন্দ্রটো মুখ্যমন্ত্রীগৰাকীয়ে সেইদিনা উদ্বোধন কৰিব । তদুপৰি টাউন হলৰ ভূমিপূজন, ৭০ কোটি টকাৰ পানী যোগান আঁচনি, নকাৰীৰ ৰে'লৱে উৰণসেতু, অসম মালাৰ অধীনত গোৱৰীশালিৰ পৰা ডিজু সংযোগী পথ আদিকে ধৰি ৯০০ কোটি টকাৰ বিভিন্ন আঁচনিৰ উদ্বোধনৰ লগতে শিলান্যাস, ভূমিপূজন আদি কৰিব মুখ্যমন্ত্রীগৰাকীয়ে । লখিমপুৰক ইমান সংখ্যক আঁচনিৰে সমৃদ্ধ কৰাৰ বাবে মুখ্যমন্ত্রীগৰাকীক কৃতজ্ঞতা জনায় লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ।

মুখ্যমন্ত্রীয়ে কৃপণালি নকৰি লখিমপুৰক এনেদৰে সজাই তোলাৰ বাবে কৃতজ্ঞতা জনাই বিধায়ক মানৱ ডেকাই । উল্লেখ্য যে এই আঁচনিসমূহৰ উদ্বোধন, শিলান্যাস আৰু ভূমিপূজনৰ উপৰি চুকুলীভৰীয়াত মুখ্যমন্ত্রীগৰাকীয়ে এক জনসভাও সম্বোধন কৰিব । এই সভাত লখিমপুৰৰ ৰাইজক সহযোগ কৰি মুখ্যমন্ত্রীগৰাকীক কৃতজ্ঞতা জনাবৰ বাবে বিধায়ক মানৱ ডেকাই ৰাইজক আহ্বান জনাইছে । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ উপৰি কেইবাগৰাকা নেতা-কৰ্মী উপস্থিত থাকিব ।

লগতে পঢ়ক:ডিমা হাছাওত 337 কোটি টকাৰ আঁচনি উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.