দেৰগাঁৱৰ পৰিত্যক্ত চেনিকল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ: বুধবাৰে যোৰহাটত বিজেপিৰ বৰ্ধিত সাংগঠনিক সভা
বৰুৱাবামুণ গাঁৱৰ পৰিত্যক্ত চেনিকল পৰিদৰ্শনৰ লগতে দেৰগাঁও পুলিচ একাডেমীৰ আৰক্ষী অধীক্ষক সন্মিলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ ।

Published : May 20, 2025 at 2:51 PM IST
যোৰহাট/গোলাঘাট : পঞ্চায়ত নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰাৰ পিছত বুধবাৰে যোৰহাটত অনুষ্ঠিত হ'ব বৰ্ধিত সাংগঠনিক সভা । সেই উদ্দেশ্যে মঙলবাৰে দেৰগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ।
দেৰগাঁৱত উপস্থিত হৈ পোনপ্ৰথমে তেওঁ পৰিত্যক্ত বৰুৱাবামুণগাঁৱৰ চেনিকল পৰিদৰ্শন কৰে । সেই সময়ছোৱাতে তাত থকা কেইবাটাও পৰিয়ালৰ সৈতেও তেওঁ মত বিনিময় কৰে ।
আনহাতে, সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয়, "বৰুৱাবামুণগাঁৱৰ চেনিকলৰ পৰিত্যক্ত ভূমি সংৰক্ষণ কৰা হ'ব আৰু তাত থকা পৰিয়ালৰ সমস্যাসমূহ আলাপ-আলোচনাৰ মাজেৰে পৰৱৰ্তী সময়ত সমাধান কৰা হ'ব ।"
মুখ্যমন্ত্ৰীয়ে লগতে কয়, "ৰাজ্য চৰকাৰে সংৰক্ষিত কৰিবলগা এই ভূমিত উদ্যোগ স্থাপন কৰা হ'ব । ইয়াৰ ফলত ৰাইজ উপকৃত হ'ব । চৰকাৰী যিসমূহ পৰিত্যক্ত মাটি আছে, সেইসমূহ পৰ্যায়ক্ৰমে সংৰক্ষণ কৰা হ'ব যাতে ইয়াৰ পৰা ৰাইজ উপকৃত হ'ব পাৰে ।"

আনহাতে, সৈনিক স্কুল স্থাপন প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "সৈনিক স্কুল স্থাপন কৰাৰ নীতি-নিয়ম বহু সলনি হ'ল । সমগ্ৰ প্ৰক্ৰিয়াটো এন জি অ'ৰ অধীনলৈ গুচি গৈছে ।"
ইয়াৰ উপৰি বুধবাৰে যোৰহাটত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ বৰ্ধিত সাংগঠনিক সভাৰ বিষয়েও সাংবাদিকৰ সন্মুখত উল্লেখ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
তাৰ পিছত মুখ্যমন্ত্ৰী ৰাওনা হয় দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীলৈ । উক্ত পুলিচ একাডেমীত তেওঁ অসম আৰক্ষী অধীক্ষক সন্মিলনত অংশগ্ৰহণ কৰে । সন্মিলনত ৰাজ্য আৰু দেশৰ বৰ্তমান পৰিস্থিতিত আৰক্ষীৰ দায়িত্ব সম্পৰ্কে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে বুলি আৰক্ষীৰ এক বিশেষ সূত্ৰত প্ৰকাশ ।

উল্লেখ্য যে ১৯৫৫ চনত সমবায় হিচাপে আৰম্ভণি কৰা বৰুৱাবামুণগাঁও চেনিকলটোৰ শিলান্যাস কৰাৰ পাছত ১৯৫৮ চনৰ পৰা এক দীঘলীয়া সময় ধৰি কাৰ্যক্ষম হৈ আছিল উদ্যোগটো । সমবায়ৰ ৰূপত চলি থকা এই চেনিকলটো ১৯৯৩ চনত বন্ধ হৈ পৰাৰ পাছত এগৰাকী অনা অসমীয়া ব্যৱসায়ীয়ে চেনিকলটো চলাইছিল যদিও ১৯৯৬ চনত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ।
সমান্তৰালভাৱে কুঁহিয়াৰ খেতিৰ বাবে বিখ্যাত হৈ পৰা দেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ কৃষকসকলেও পৰ্যায় ক্ৰমে বন্ধ কৰে কুঁহিয়াৰ খেতি । কালক্ৰমত এই চেনিকলটোৰ যন্ত্ৰাংশসমূহো জহি-খহি গৈ অস্তিত্বহীন হৈ পৰে বৰুৱাবামুণ গাঁও সমবায় চেনিকলটো ।
ফলত পৰিত্যক্ত হৈ পৰি থাকে চেনিকলটোৰ প্ৰায় ৫৫০ বিঘা ভূমি । ইয়াৰ মাজতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই এই ভূমিখণ্ডত এখন সৈনিক স্কুল খোলাৰ প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও সেয়া বিভিন্ন কাৰণত এই পৰ্যন্ত হৈ উঠা নাই ।
মুখ্যমন্ত্ৰী উক্ত স্থানত উপস্থিত হৈ ভূমিৰ নক্সা প্ৰত্যক্ষ কৰাৰ পাছত পৰ্যায়ক্ৰমে এই পৰিত্যক্ত মাটিখিনি প্ৰথমে উলিয়াই লৈ চাৰিওকাষে পকীবেৰ নিৰ্মাণ কৰি পৰৱৰ্তী সময়ত উদ্যোগ স্থাপনৰ বাবে ব্যৱস্থা কৰিব বুলি প্ৰকাশ কৰে ।
আনহাতে, বৰ্তমান পৰ্যন্ত চেনিকলৰ কোৱাৰ্টাৰত বসবাস কৰি থকা প্ৰায় ২০ টাকৈ পৰিয়ালকো পুনৰ সংস্থাপন দিয়াৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে ।
এই সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "অসমত বহু উদ্যোগ আহিছে আৰু তেওঁলোকে ভূমি বিচাৰি আছে । যোৱাকালি নুমলীগড়ত দুটা উদ্যোগৰ বাবে ভূমি আবণ্টন দিছোঁ । যিহেতু অসমত আৰু বহু উদ্যোগ আহিবলগীয়া আছে, যাৰ বাবে চৰকাৰী ভূমিসমূহ বাউণ্ডেৰী ৱাল নিৰ্মাণ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে যাতে কোনেও বেদখল কৰিব নোৱাৰে ।"
তেওঁ লগতে কয়, "এই ভূমি যথেষ্ট গুৰুত্বপূৰ্ণ । ইয়াত কিছু লোকৰ ম্যাদীপট্টাৰ ভূমি আছে । তেওঁলোকৰ সৈতে আলোচনা কৰি তাৰ পৰা বেলেগ ঠাইলৈ নি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । এই ৫৫০ বিঘা ভূমি ভাল উদ্যোগ স্থাপন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"
উল্লেখ্য যে যোৰহাটত বুধবাৰে অনুষ্ঠিত হ'বলগা বিজপিৰ বৰ্ধিত সাংগঠনিক সভাতেই ২০২৬ ৰ নিৰ্বাচন আৰু বিটিআৰ নিৰ্বাচনী প্ৰসংগই স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

