ETV Bharat / state

মৰিয়নীত যাতায়াতৰ মাধ্যমেৰে 'সমন্বয়ৰ সেতু' গঢ়াত ব্যস্ত নগা-অসমীয়া

সীমান্ত উন্নয়নত ব্যৰ্থ অসম চৰকাৰ । দুয়োখন ৰাজ্যৰ যাতায়াতৰ বাবে প্ৰয়োজনীয় দলং নিৰ্মাণত ব্যস্ত অসমীয়া আৰু নগা ।

Morioni Border bridge condition
দলং মেৰামতিত ব্যস্ত স্থানীয় লোক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 20, 2025 at 2:36 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: সীমাবিবাদ, আগ্ৰাসন সকলো বিষয়বস্তু একাষৰীয়া কৰি হাতে হাত ধৰি আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী ৰাইজৰ ।

দুয়োখন ৰাজ্যই সাংস্কৃতিক কাৰ্যসূচী আৰু খাদ্যাভ্যাস বিনিময়ৰ জৰিয়তে আগবাঢ়ি যোৱাৰ সমান্তৰালভাৱে এইবাৰ গ্ৰহণ কৰিছে বিশেষ কাৰ্যসূচী ।

দলং মেৰামতিত ব্যস্ত স্থানীয় লোক (ETV Bharat Assam)

সীমান্তৱৰ্তী মৰিয়নী নাগাজাংকাত অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ অধীনত থকা এখন কাঠৰ দলং প্ৰায় ১৫ টা বছৰ ধৰি জৰাজীৰ্ণ হৈ আছে । এই জৰাজীৰ্ণ দলংখনেৰে বিপদসংকুলভাৱে দুয়োখন ৰাজ্যৰ ৰাইজে যাতায়াত কৰি আহিছে । ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী লোকসকল ।

সেয়ে অসম চৰকাৰ তথা জনপ্ৰতিনিধিলৈ বাট নাচাই জৰাজীৰ্ণ কাঠৰ দলংখন যাতায়াতৰ উপযোগী কৰি তুলিবলৈ আগবাঢ়ি আহিল অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী ৰাইজ ।

অসমৰ সীমান্তৱৰ্তী ৰাইজ আৰু নাগালেণ্ডৰ আওচেং দাং বস্তিৰ নগা ৰাইজৰ যৌথ শ্ৰমদানেৰে যাতায়াত অনুপযোগী হৈ পৰা দলংখন পুনৰ মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তোলে । লগতে এই কাৰ্যৰ জৰিয়তে দুয়োখন ৰাজ্যই শান্তি-সম্প্ৰীতিৰ অটল নিৰ্দশন পুনৰ দাঙি ধৰে ।

Morioni Border bridge condition
দলং মেৰামতিত ব্যস্ত স্থানীয় লোক (ETV Bharat Assam)

দলংখনৰ পুনৰ মেৰামতিৰ কামত জড়িত এজন নগা লোকে কয়, "এই দলংখন বহুত বেয়া হৈ গৈছিল । সেয়েহে অসম আৰু নাগালেণ্ডে মিলি দলংখন পুনৰ মেৰামতি কৰিছোঁ । বিশেষকৈ দলংখনৰ জৰিয়তে প্ৰসূতি, ছাত্র-ছাত্ৰীসকল বিশেষভাৱে উপকৃত হ'ব । এই দলংখনৰ বাবে বহু লোক ঘূণীয়া হৈছে বুলি শুনা পাইছোঁ ।"

উল্লেখ্য যে এই গুৰুত্বপূৰ্ণ দলংখন পকী কৰিবলৈ স্থানীয় ৰাইজে বহুবাৰ দাবী কৰি আহিছে যদিও এতিয়ালৈকে ই বাস্তৱ ৰূপায়ণ হৈ উঠা নাই । অৱশ্যে বাৰম্বাৰ লোকনিৰ্মাণ বিভাগৰ লোকে জোখ-মাখ লৈ যায় যদিও কাম কৰাৰ কোনো লক্ষণ দেখা নাপায় স্থানীয় ৰাইজে ।

এই সন্দৰ্ভত ক্ষোভিত এগৰাকী স্থানীয় অসমীয়া ৰাইজে কয়, "এই দলংখন পকী দলঙলৈ ৰূপান্তৰিত কৰিবৰ বাবে সংশ্লিষ্ট বিভাগে জোখ-মাখ ঠিকেই কৰি লৈ যায়, কিন্তু বছৰৰ পিছত বছৰ ধৰি দলংখনহে পকী নহ'ল । ফলত আমি উপায়ন্তৰ হৈ নগা আৰু অসমীয়া ৰাইজে মিলি দলংখন বনাবলগীয়া হৈছে ।"

লগতে পঢ়ক :ডাঙৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ডিব্ৰুগড় অভিমুখী ৰাজধানী এক্সপ্ৰেছ - BID TO DERAIL TRAINS
লগতে পঢ়ক :আজিৰে পৰা লখিমপুৰ কঁপিব বোমা-ৰকেট-গুলীৰ শব্দত ! - AIRCRAFT FIRING PRACTICE