ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাই হাজাৰ মিছা ক'ব পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে : মুখ্যমন্ত্ৰী

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ অব্যাহত আছে গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ ।

CM HIMANTA BISWA SARMA
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 20, 2025 at 2:14 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : "মই কিছুমান কথা সুধিছিলোঁ । তেওঁ পাকিস্তানলৈ গৈছিল নেকি ? তেওঁ কিয় এছ আই টিৰ আগত উত্তৰ দিবলৈ অপেক্ষা কৰিব, তেওঁ সংবাদ মাধ্যমৰ আগত উত্তৰ দিব পাৰে । মই তেওঁৰ সন্তানৰ নাগৰিকত্ব আৰু তেওঁৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা আহে নেকি বুলি সুধিছিলোঁ । এছ আই টিৰ তদন্তলৈ কিয় অপেক্ষা কৰিব ? তেওঁ সংবাদ মাধ্যমৰ আগত উত্তৰ দিব পাৰে ।" এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ।

কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে সোমবাৰে নতুন দিল্লীত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাক দুখন এছ আই টি গঠন কৰিবলৈ প্ৰত্যাহ্বান জনায় । সংবাদমেল সম্বোধন কৰি গগৈয়ে কয়, "অসমৰ ৰাইজৰ সত্য জনাৰ অধিকাৰ আছে । ১০ ছেপ্টেম্বৰৰ ভিতৰত দুখন এছ আই টি গঠন কৰক - এটা মোৰ তদন্ত আৰু আনখন মুখ্যমন্ত্ৰীৰ অতীত আৰু তেওঁৰ সম্পত্তিৰ তদন্তৰ বাবে । অসমৰ ৰাইজে সিদ্ধান্ত লওক ।" ইয়াৰ পাছতেই গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ গগৈৰ ম্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV BHARAT ASSAM)

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিছা কোৱা বুলি গৌৰৱ গগৈ কৰা অভিযোগৰ প্রত্যুত্তৰত পুনৰ মুখ্যমন্ত্ৰীয়ে কয়, "হিমন্ত বিশ্ব শৰ্মাই হাজাৰ মিছা কথা ক'ব পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিচাপে মিছা কথা ক'ব নোৱাৰে । তেওঁ আচল কথাটো কৈ দিলে হ'ল, জমেলাটো শেষ হৈ যায় ।"

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, "বাংলাদেশৰ লগত একো নাই আমাৰ । বাংলাদেশৰ লগত আমাৰ অহা যোৱা আছিলে । মহম্মদ ইউনুচ অহাৰ পাছতহে আমাৰ অহা যোৱা বন্ধ হ'ল । শ্বেখ হাছিনা প্ৰধানমন্ত্ৰী থাকোতে বাংলাদেশৰ আমাৰ আটাইতকৈ ভাল বন্ধু ৰাষ্ট্ৰ আছিল । এতিয়াও তাত ভাৰতৰ মানু্হ আছে । বাংলাদেশ আৰু পাকিস্তান একেলগ কৰাটো কথা নুঠে । এতিয়া বাংলাদেশ যোৱাটো অপৰাধ । যিহেতু তাত মহম্মদ ইউনুচৰ চৰকাৰ আহিলে । তেওঁ ভাৰত বিৰোধী হ'ল ।"

আনহাতে বিটিচি নিৰ্বাচন প্ৰসংগত মন্তব্য আগবঢ়ায় কয়, "আমি বিটিচিত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিম । আমাৰ য’ত শক্তি আছে তাত আমি প্ৰাৰ্থী দিম । বিটিআৰৰ ৫ জিলাত নিয়োগ কৰা পৰ্যৱেক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত আমি কিমান আসনত খেলিম সিদ্ধান্ত ল’ম । আমাৰ মিত্ৰতা নাথাকিলেও প্ৰমোদ বড়োক আমি গালি নাপাৰোঁ । প্ৰধানমন্ত্ৰী মোদী মোৰো নেতা, প্ৰমোদ বড়োৰো নেতা । চৰকাৰ গঠন কাৰ লগত কৰিম এতিয়াই ক’ব নোৱাৰি, অক্টোবৰলৈ এতিয়াও বহুদিন আছে । বিটিচিত চৰকাৰ আমি অকলে গঠন নকৰোঁ । আমি য’ত খেলিম জিকিবলৈ খেলিম, প্ৰতিযোগিতা থাকিলেও শালীনতা থাকিব । আমি ২৫ খন আসনৰ ওচৰে পাজৰে প্ৰাৰ্থী দিম ।"

লগতে পঢ়ক : প্ৰসংগ গৌৰৱ গগৈ : এটাও কথা মিছা হ'লে ৰাজনীতিয়েই বাদ দিব হিমন্ত বিশ্ব শৰ্মাই

আই এছ আইৰ নিমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ: মুখ্যমন্ত্ৰী