ETV Bharat / state

অসমত যুগ যুগ ধৰি বসবাস কৰি থকা সকলেই খিলঞ্জীয়া : মুখ্যমন্ত্রী

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 4:58 PM IST

Updated : Feb 8, 2024, 7:44 PM IST

Assam Assembly Budget Session : সদনত মিছন বসুন্ধৰা সন্দৰ্ভত বিৰোধীৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্রীৰ স্পষ্ট কথা মিছন বসুন্ধৰা কেৱল ভূমিহীন খিলঞ্জীয়া লোকৰ বাবেহে । ৭১, ৫১ নাইবা ৩১ত অহা মানুহৰ বাবে মিছন বসুন্ধৰা নহয় । বিৰোধীৰ প্ৰতিক্ৰিয়াৰ মাজতে খিলঞ্জীয়াৰ সংজ্ঞা দিলে মুখ্যমন্ত্রীয়ে । ঔৰংজেবৰ তৰোৱালৰ ভয়ত ধৰ্ম সলনি কৰা সকলক এতিয়া ঘূৰি অহাৰ বাবে আহ্বান মুখ্যমন্ত্রীৰ ।

Assam Assembly Budget Session
বিধান সভাত শাসক-বিৰোধীৰ তীব্ৰ বাক-বিতণ্ডা
বিৰোধীৰ প্ৰতিক্ৰিয়াৰ মাজতে খিলঞ্জীয়াৰ সংজ্ঞা দিলে মুখ্যমন্ত্রীয়ে

গুৱাহাটী, 8 ফেব্ৰুৱাৰী : "মিছন বসুন্ধৰাত ভূমিহীনক পট্টা দিয়াৰ কথা হোৱা নাই ৷ মিছন বসুন্ধৰাত খিলঞ্জীয়া ভূমিহীনক পট্টা দিয়াৰ কথা কোৱা হৈছে ৷" এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বৃহস্পতিবাৰে চতুৰ্থ দিনা সদনত মিছন বসুন্ধৰাৰ প্ৰসংগ উত্থাপন হয় ৷ মিছন বসুন্ধৰাৰ যোগেদি ভূমিহীনে ভূমি লাভ নকৰাক লৈ সৰৱ হৈ পৰে বিৰোধী ৷ এই বিষয়টোক লৈ শাসক-বিৰোধীৰ মাজত ব্যাপক তৰ্কাতৰ্কিৰ সৃষ্টি হয় ৷ শাসক-বিৰোধীৰ বাক-বিতণ্ডাৰ মাজতে বিষয়টোৰ ওপৰত মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

মুখ্যমন্ত্ৰীয়ে বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি কয় যে মিছন বসুন্ধৰাত খিলঞ্জীয়া ভূমিহীনক পট্টা দিয়াৰ কথা কোৱা হৈছে ৷ ভূমিহীনক পট্টা দিয়াৰ বাবে এছ এল এছ ই আছে আৰু জিলা আয়ুক্তই এই কাম সকলো সময়তে কৰি থাকিব পাৰে ৷ মিছন বসুন্ধৰাক লৈ দুটা বিষয়ত বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ ভূমি হোৱা সত্বেও জনজাতীয় লোকসকলৰ মাটিৰ পট্টা নাছিল ৷ আনহাতে অনুসূচীত জাতিৰ লোকসকল অসমৰ খিলঞ্জীয়া বাসিন্দা আৰু তেওঁলোকৰ মাটিৰ পট্টা নাছিল ৷ তেওঁলোক অসমলৈ কমেও এহাজাৰ বছৰ পূৰ্বে আহিছিল ৷ এহাজাৰ বছৰ পূৰ্বে অহা লোকসকলৰ ভূমিৰ পট্টা নাছিল ৷ মিছন বসুন্ধৰাত তিনিটা প্ৰজন্ম অসমত থকাৰ কথা উল্লেখ কৰা হৈছে ৷

বিধায়ক ৰচিদ মণ্ডলে উত্থাপন কৰা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে বসুন্ধৰা আপোনালোকৰ বাবে নহয় ৷ এই ভুল ধাৰণাটো আপোনালোকে উলিয়াই দিব লাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয় যে 71, 51 নাইবা 31ত অহা মানুহৰ বাবে মিছন বসুন্ধৰা নহয় ৷ মিছন বসুন্ধৰা কেৱল খিলঞ্জীয়া ভূমিহীনৰ বাবে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷ আনহাতে বিধায়ক অখিল গগৈয়ে শিৱসাগৰৰ গৰিয়া লোকসকলৰ বাবে এই আঁচনি হয় নে নহয় বুলি কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে নহ'ব পাৰে বুলি মন্তব্য কৰে৷

মুখ্যমন্ত্ৰীৰ উত্তৰৰ পাছতে সদনত বিৰোধীৰ একাংশ বিধায়ক সৰৱ হৈ পৰে ৷ একাংশই খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ নোহোৱাৰ বিষয়টোও উত্থাপন কৰে ৷ বিৰোধীৰ এনে প্ৰতিক্ৰিয়াত মুখ্যমন্ত্ৰীয়ে কয় যে- মুখ্যমন্ত্ৰী এজনে কথা কৈ থাকোতে এনেদৰে কোনোবা উঠিলে এইটো সদন নহয় চি পি আই এম এলৰ মুখ্য কাৰ্যালয় হৈ যাব ৷ এইটো কৰিবলৈ দিয়া নহ'ব বুলি বিধানসভাৰ অধ্যক্ষৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে বিষয়টো দৃষ্টিগোচৰ কৰে ৷ এজন মানুহৰ বাবে সদনৰ গৰিমা আৰু পৰম্পৰা বিঘ্নিত নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে অধ্যক্ষৰ প্ৰতি অনুৰোধ জনায় ৷

অখিল গগৈক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে মানুহজনে ইয়াত কিবা কয় আৰু শিৱসাগৰত কিবা কয় ৷ এই কথা সকলোৱে জানে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সদনৰ গৰিমা লাঘৱ কৰিবলৈ নিদিব বুলি অধ্যক্ষৰ প্ৰতি আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীয়ে কয় যে বসুন্ধৰাত 13 লাখ মানুহে আবেদন কৰিছে আৰু চৰকাৰে 13 লাখ মানুহক পট্টা দিব নোৱাৰে ৷ কোনোৱাই জজ খেলপথাৰখনক লৈ আবেদন কৰিলে পট্টা দিয়া হ'ব নেকি বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 13 লাখ মানুহৰ মাজৰ পৰা এছ এল এছ ইয়ে যোগ্য বুলি বিবেচনা কৰিছে আঢ়ৈ লাখ লোকক ৷ চৰকাৰে বসুন্ধৰাৰ হিতাধিকাৰী ঠিক কৰা নাই বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে বসুন্ধৰাৰ হিতাধিকাৰী বিধায়কসকলে আৰু এছ এল এছ ইৰ আন সদস্যসকলে জিলা আয়ুক্তৰ সৈতে বহি ঠিক কৰিছে বুলি কয় ৷ অধিভাষী মুছলমান সকলৰ এজনো বসুন্ধৰাৰ বাবে যোগ্য নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ এশ বছৰৰ ভিতৰত অসমলৈ অহা ভূমিহীনে সহজে ভূমিৰ পট্টা নাপাব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷

ইফালে অসমত যুগ যুগ ধৰি বসবাস কৰি থকা মানুহেই খিলঞ্জীয়া বুলি খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰে মুখ্যমন্ত্ৰীয়ে ৷ এই সংজ্ঞা স্পষ্ট বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ইছলাম ইমান বছৰ পূৰ্বে ভাৰতলৈ অহাই নাছিল ৷ বহুতে মনৰ ইচ্ছাত ধৰ্ম সলনি কৰা নাছিল বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ঔৰংজেবৰ তৰোৱালৰ ভয়ত ধৰ্ম সলনি কৰা সকল এতিয়া ঘূৰি আহিব লাগে ৷ বসুন্ধৰা প্ৰব্ৰজিত মুছলমানসকলৰ বাবে নহয় বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা পাছত অহা মাৰোৱাৰী, বিহাৰী সকলৰ বাবেও বসুন্ধৰা নহয় ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কংগ্ৰেছৰ দিনত চৰৰ ভূমিৰ এচেছমেণ্টেই নহ'ল ৷ চৰৰ মাটিৰ ক্ষেত্ৰত পলিচী সন্দৰ্ভত আলোচনা কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷ লগতে বসুন্ধৰা অসমৰ খিলঞ্জীয়া লোকসকলক চৰকাৰখনে দিয়া এটা উপহাৰ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

ইফালে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ সময়ত বাৰে বাৰে প্ৰতিক্ৰিয়া দিয়া বিধায়ক অখিল গগৈক 'মহান' আখ্যা দি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ মহানতাৰ বাবেই কংগ্ৰেছৰ বিধায়ক সকলে ৰাহুল গান্ধীৰ গালিৰ সন্মূখীন হ'বলগীয়া হ'ল ৷ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ প্ৰত্যুত্তৰ দি অখিল গগৈয়ে কয় যে ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সবাতোকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী আখ্যা দি গ'ল ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীক 'গান্ধী পৰিয়াল'টো আটাইতকৈ দুৰ্নীতিগ্ৰস্ত পৰিয়াল বুলি কোৱাৰ প্ৰসংগ উল্লেখ কৰে ৷

বিৰোধীৰ হকা-বধাৰ মাজতে মিছন বসুন্ধৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বহুতে তিনিটা প্ৰজন্ম নথকাকৈ নতুনকৈ মাটি দখল কৰি বসুন্ধৰাত আবেদন কৰিছে ৷ অৰ্থাৎ মাটি দখলত নথকা মানুহে আবেদন কৰিছে ৷ খিলঞ্জীয়াৰ সংজ্ঞা দি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কমেও এশ বছৰ ইয়াত থকাৰ প্ৰমাণ দিব লাগিব ৷ নাগৰিক আৰু খিলঞ্জীয়া এজন মানুহক নুবুজাই বুলি সদৰী কৰি নাগৰিক এজন খিলঞ্জীয়া নহ'ব পাৰে বুলি উল্লেখ কৰে তেওঁ ৷ আনহাতে সংৰক্ষিত বনাঞ্চলত ভূমিৰ পট্টা দিয়াৰ বাবে দাবী হ'ব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷ মুখ্যমন্ত্ৰীয়ে মিছন বসুন্ধৰা কেৱল ভূমিহীন খিলঞ্জীয়া লোকৰ বাবেহে বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক : অসমৰ চুবুৰীয়া ৰাজ্যৰে সীমাবিবাদ শীঘ্ৰে সমাধা হ'ব; মন্ত্ৰী অতুল বৰা

Last Updated : Feb 8, 2024, 7:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.