ETV Bharat / state

নিৰ্বাচনৰ পিচত অসম আৰক্ষীত ৫০ হাজাৰ নিযুক্তি : মুখ্যমন্ত্ৰী - Assam Police Recruitment

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 9:18 PM IST

Assam Police Recruitment
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

Assam Police Recruitment : লোকসভা নিৰ্বাচনৰ পিচতে অসম আৰক্ষীত দিয়া হ’ব 50 হাজাৰ নিযুক্তি ৷ এই সংকল্প মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ঢেকীয়াজুলি সমষ্টিৰ বাবে বহুকেইটা প্ৰকল্পৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

তেজপুৰ, ৪ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ পিচত অসমত পুনৰ ৫০ হাজাৰ নিযুক্তি দিয়াৰ সংকল্প অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বৃহস্পতিবাৰে বিয়লি ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ।

ঢেকীয়াজুলি চাহ বাগিচাৰ খেলপথাৰত বিয়লি মুখ্যমন্ত্ৰী ড৹ শৰ্মা উপস্থিত হৈ নিযুক্তিৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । অসম আৰক্ষী আৰু কমাণ্ডো বাহিনীত নতুন পদ সৃষ্টি কৰিবলৈ যুৱক-যুৱতীসকলে দাবী জনোৱা বুলি কৈ এনেদৰে কয় মুখ্যমন্ত্ৰীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

শোণিতপুৰৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ ঢেকীয়াজুলিত প্ৰায় ১৫ হাজাৰ ভোটাৰৰ সন্মুখত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে ৷ বিশেষকৈ ৰেচন কাৰ্ড ,অৰুণোদয় আৰু লাখপতি বাইদেউৰ বিষয়ে নিৰ্বাচনী সভাত মন্তব্য কৰে ।

তেওঁ ঢেকীয়াজুলি সমষ্টিত বিশেষকৈ ঢেকীয়াজুলিত এখন চৰকাৰী মহাবিদ্যালয় স্থাপন, জি এন এম নাৰ্ছৰ ট্ৰেইনিং চেণ্টাৰ, যুৱক-যুৱতীৰ বাবে স্কিল ডেভলপমেণ্ট চেণ্টাৰ, জীয়া গাভৰু নৈৰ ওপৰত সংযোগী দলং, ঢেকীয়াজুলি টাউনত যান-বাহনৰ ভিৰ কমাবলৈ বাইপাছ, ভোটপৰা ষ্টেডিয়ামত SAI চেণ্টাৰ, গুপ্তেশ্বৰ দেৱালয়ৰ পৰ্যটনৰ আকৰ্ষণ কৰা বিষয়ে সংকল্প গ্ৰহণ কৰা বুলি সভাত মন্তব্য কৰে ।

আনহাতে ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত চাহ বাগিচাসমূহলৈ এম্বুলেন্সৰ যোগান ধৰাৰ লগতে উন্নত চিকিৎসাৰ বাবে হাস্পতালসমূহ পুনৰ নিৰ্মাণ কৰা হ’ব বুলিও মন্তব্য কৰে ড৹ শৰ্মাই । এই সকলো শিতানত কাম কৰিবলৈ ঢেকীয়াজুলিলৈ আৰ্থিক পেকেজ প্ৰদান কৰিব মন্ত্ৰী অশোক সিংহালৰ জৰিয়তে ।

আনহাতে গুৱাহাটীলৈ ঢেকীয়াজুলিৰ পৰা যাতায়তৰ সুবিধাৰ বাবে ৩ খন ৰাজ্যিক পৰিবহণ নিগমৰ এ চি বাছ আৰু বৰচলা আৰু হুগ্ৰাজুলিৰ পৰা তেজপুৰলৈ তিনিখন বাছ দৈনিক চলাচলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । অৱশ্যে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই শিতানত কিমান ব্যয় কৰিব সেয়া উল্লেখ নকৰি এয়া মাত্ৰ সংকল্প লোৱা বুলিহে ড৹ শৰ্মাই কয় ।

আনহাতে ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থীগৰাকীক পূৰ্বতকৈ অধিক ভোটত অর্থাৎ ৭৫ হাজাৰৰ অধিক ভোটদানৰে জয়ী কৰাবলৈ আহ্বান জনায় ড৹ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ এই বিজয় সংকল্প সভাত প্ৰাৰ্থী ৰঞ্জিত দত্ত উপস্থিত নাছিল ৷ মাত্ৰ ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহল উপস্থিত থাকে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.