ETV Bharat / state

আৰ্থিক লাভালাভ বিবেচনা কৰাতকৈ জাতিৰ মংগলকহে অগ্ৰাধিকাৰ; গৰুখুঁটি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 2:17 PM IST

গৰুখুঁটি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
গৰুখুঁটি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

Assam CM on Garukhuti Project : "গৰুখুঁটি প্ৰকল্পই কেৱল যে আৰ্থিকভাৱেই লাভান্বিত কৰিছে তেনে নহয়; ই অসমীয়াৰ অন্তৰ্নিহিত স্বাভিমানক সমৃদ্ধিৰ বাট দেখুৱাইছে । বেদখলৰ পৰা ভূমি পুনৰুদ্ধাৰৰ প্ৰসংগই স্বকীয়ভাৱেই বহু কথা উপস্থাপন কৰে ।" মুখ্যমন্ত্ৰীৰ মন্তব্য ।

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : "আৰ্থিক বিবেচনাতকৈ জাতিৰ মংগলক আমি সদায়ে অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ ।" বিধানসভাৰ মজিয়াত গৰুখুঁটি প্ৰকল্পক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত নিজৰ মতামত এনেদৰে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যমযোগে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে ছিপাঝাৰৰ গৰুখুঁটি কৃষি প্ৰকল্পত চৰকাৰৰ বিনিয়োগ 17 কোটি 52 লাখ টকা । আনহাতে, ইয়াৰ বিপৰীতে 2 কোটি 57 লাখ টকাহে উপাৰ্জন হৈছে ৷ বুধবাৰে বিধানসভাত ৰাজ্য চৰকাৰে এই তথ্য প্ৰকাশ কৰাৰ লগে লগে চৰকাৰৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰে বিৰোধী আটাইকেইটা দল । আনকি বিৰোধীয়ে সদনো ত্যাগ কৰে ।

"গৰুখুঁটিত গৰু নাই, কেৱল খুঁটিটোহে আছে । ৰাজ্য চৰকাৰৰ আটাইতকৈ 'ফ্লপ' প্ৰকল্প ।" আদি মন্তব্যৰে গৰুখুঁটি প্ৰকল্পৰ ওপৰত তদন্ত দাবী কৰে বিৰোধীয়ে । কংগ্ৰেছ, এআইইউডিএফ, ৰাইজৰ দল আৰু চিপিআইএমকে ধৰি সকলো বিৰোধী দলে বিষয়টোত একেলগে মাত মাতে ৷ লগতে একেলগে সদনো ত্যাগ কৰে ৷ আনহাতে, বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে এই যৌথ প্ৰতিবাদক কঠোৰ সমালোচনা কৰি এআইইউডিএফৰ সৈতে কংগ্ৰেছে একেলগে নিৰ্বাচন খেলিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে গৰুখুঁটি এক দীৰ্ঘম্যাদী প্ৰকল্প ৷ প্ৰকল্পটো বিফল হোৱা নাই ৷

মন কৰিবলগীয়া যে দিল্লী ভ্ৰমণত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সদনত উপস্থিত নাছিল ৷ সদনত অনুপস্থিত মুখ্যমন্ত্ৰীয়ে সেয়ে সামাজিক মাধ্যমযোগেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে । লগতে হিমন্ত বিশ্ব শৰ্মাই গৰুখুঁটি প্ৰকল্পৰ মুখ্য দায়িত্বত থকা বিধায়ক পদ্ম হাজৰিকাকো প্ৰশংসা কৰে ৷

"গৰুখুঁটি প্ৰকল্পই কেৱল যে আৰ্থিকভাৱেই লাভান্বিত কৰিছে তেনে নহয়; ই অসমীয়াৰ অন্তৰ্নিহিত স্বাভিমানক সমৃদ্ধিৰ বাট দেখুৱাইছে । বেদখলৰ পৰা ভূমি পুনৰুদ্ধাৰৰ প্ৰসংগই স্বকীয়ভাৱেই বহু কথা উপস্থাপন কৰে । মাননীয় বিধায়ক শ্ৰীপদ্ম হাজৰিকাই এই গৰুখুঁটি প্ৰকল্পৰ বাবে দৃষ্টান্তমূলক নিষ্ঠা প্ৰদৰ্শন কৰিছে ।" সামাজিক মাধ্যমত এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷

ইয়াৰ লগতে দীৰ্ঘম্যাদীভাৱে আৰ্থিক লাভালাভ কাৰ্যকৰী কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰি কয় যে আৰ্থিক লাভালাভ বিবেচনা কৰাতকৈ জাতিৰ মংগলকহে অগ্ৰাধিকাৰ দিছে চৰকাৰখনে । অৰ্থাৎ গৰুখুঁটিৰ উচ্ছেদ আৰু তাৰ পিছত তাত স্থাপন হোৱা কৃষি পামৰ কেৱল আৰ্থিক দিশটোৱেই নহয়, সামাজিক দিশটো বেছি গুৰুত্বপূৰ্ণ বুলি নিজ মন্তব্যৰে প্ৰকাশ কৰা দেখা গ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়, "দীৰ্ঘম্যাদী আৰ্থিক লাভালাভ নিশ্চিতভাৱে বাস্তৱায়িত কৰা হ'ব যদিও আমি অসমীয়া জনসাধাৰণৰ গৌৰৱ আৰু প্ৰতিপত্তি ৰক্ষাৰ প্ৰতিশ্ৰুতিত অটল হৈ আছোঁ ৷ আৰ্থিক বিবেচনাতকৈ জাতিৰ মংগলক আমি সদায়ে অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ ।"

লগতে পঢ়ক :দিল্লী বিধানসভা অধিৱেশনত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.