ETV Bharat / state

গঁড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱাটো ভাল: মুখ্যমন্ত্ৰী - CM INAUGURATED ULTRA MODERN JAILS

একেদিনাই দুখন জিলাত দুখনকৈ কাৰাগাৰ মুকলি মুখ্যমন্ত্ৰীৰ । বাক্সা আৰু চিৰাং জিলাত দুখন অত্যাধুনিক সুবিধাযুক্ত কাৰাগাৰ মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

CM Himanta Biswa Sarma inaugurated two ultra-modern jails in Baksa and Chirang districts.
চিৰাংঙত ৰাইজক সম্বোধন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 21, 2025 at 7:59 PM IST

4 Min Read

চিৰাং/বাক্সা: শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে দুখনকৈ অত্যাধুনিক কাৰাগাৰ । পুৱাতেই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰাৰ পিছত বিয়লিৰ ভাগত মুকলি কৰে বাক্সা জিলা কাৰাগাৰ । ইফালে চিৰাং জিলাতো মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰে চিৰাং জিলা কাৰাগাৰ ।

চিৰাং জিলাত মুখ্যমন্ত্ৰী:

শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অত্যাধুনিক সা-সুবিধাযুক্ত চিৰাং জিলা কাৰাগাৰ । বঙাইগাঁও শোধানাগাৰৰ হেলিপেডত অৱতৰণ কৰাৰ পিছতেই পোনে পোনে কাজলগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত নিৰ্মাণ কৰা জিলা কাৰাগাৰৰ দ্বাৰ মুকলি কৰি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

জিলা কাৰাগাৰ মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয়, "আজি চিৰাং জিলা কাৰাগাৰৰ উদ্বোধন হ'ল । বিটিআৰৰ চিৰাং জিলা এখন অন্যতম জিলা । জিলাখন গঠন হওতে ইয়াত একোৱেই আন্তঃগাঁথনি নাছিল । লাহে লাহে জিলা আয়ুক্তৰ কাৰ্যালয় হ'ল, আৰক্ষী অধীক্ষকৰ কাৰ্যালয় হ'ল, কাৰাগাৰ হ'ল, ধুনীয়া ষ্টেডিয়ামো নিৰ্মাণ হৈ আছে । বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত ইয়াত এখন ধুনীয়া পাৰ্কো হ'ব । চিৰাং জিলা লাহে লাহে পূৰ্ণ পৰ্যায়ৰ জিলা হোৱাৰ পথত আগবাঢ়িছে ।"এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ কাৰাগাৰ দপ্তৰৰ মন্ত্ৰী ৰূপেশ গোৱালা ।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে এখন ৰাজহুৱা সভাত । ১৫ নং কাজলগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰী আৰু আৰ্থ-সামাজিক সজাগতা সভাত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ জয়ন্ত বসুমতাৰী, বিটিচি প্ৰধান প্ৰমোদ বড়ো ।

CM Himanta Biswa Sarma inaugurated two ultra-modern jails in Baksa and Chirang districts.
প্ৰমোদ বড়ো, মন্ত্ৰী ৰপেশ গোৱালাৰ সৈতে মুখ্যমন্ত্ৰী (ETV Bharat Assam)

উক্ত সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পত্নীয়ে ৰাজসাহাৰ্য পোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, "কোনোবাই যদি কাম কৰে, গৰু পুহিছে ৰাজসাহাৰ্য পাবই । এইধৰণৰ কথাত ৰাজনীতি কৰি কি লাভ ? চৰকাৰে ৰাজসাহাৰ্য দিবৰ কাৰণে আঁচনিয়েই বনাইছে । মন্ত্ৰী-বিধায়কে ল'ব নোৱাৰে বুলি কোনো কথা নাই । তেওঁলোকে দুৰ্নীতি কৰা নাই, গৰুহে পুহিছে । এইটো কি ৰাজনীতি হ'ব পাৰে ?"

তেওঁ লগতে কয়, "আগতে কংগ্ৰেছৰ দিনত মানুহে দুৰ্নীতি কৰি খাইছিল । এতিয়া যদি আমাৰ মন্ত্ৰী-বিধায়কে গাখীৰ বিক্ৰী কৰি খাব খোজে আপত্তি কি আছে ইয়াত । আজি মন্ত্ৰী হৈ আছে কালিলৈ নাই, কেনেকৈ চলিব ঘৰখন ?" গতিকে গঁড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱাটো ভাল নে বেয়া বুলি সাংবাদিকক প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

সাধাৰণ জনতাৰ সৈতে মুখ্যমন্ত্ৰীৰ মত বিনিময় (ETV Bharat Assam)

ইফালে চিৰাঙত বিজেপিৰ ভেটি কেনেকুৱা তাৰ ব্যাখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"চিৰাঙত বিজেপি ইমান শক্তিশালী হৈ আছে নেকি, মইটো নাজানো ইমান ফাঁট মেলিব পৰা ? বড়োলেণ্ডত আমাৰ সৰু ৰাজনৈতিক দল আছে । আমি ফাঁট মেলিব পৰা অৱস্থালৈ যোৱাই নাই দেখোন । বিজেপি ইয়াত সৰু পাৰ্টী এটা । আমি লাহে লাহে উত্থান কৰিবলৈহে খুজিছোঁ । গতিকে আমাক ইমান গুৰুত্ব দিব নালাগ, লাহে লাহে আগবাঢ়িম ।"

বিশেষভাৱে চৰ্চিত এখন পত্ৰৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "এইবোৰ আৰম্ভণি, লাহে লাহে অসমত আৰু দেখিবলৈ পাব । বিজেপি আছে বুলি অলপ চম্ভালি আছে । যিদিনাই অসমত বিজেপি নাথাকে সেইদিনাই ঢাহি-মুহি লৈ যাব । সংবাদ মাধ্যম সৰু কথা, মুখ্য সচিবৰ কাৰ্যালয় পৰ্যন্ত লৈ ল'ব, যিদিনা বিজেপি নাথাকে ।"

মুখ্য়মন্ত্ৰীৰ সভাত ৰাইজৰ ভিৰ (ETV Bharat Assam)

বাক্সাত মুখ্যমন্ত্ৰী:

বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত নিকাছিত নিৰ্মাণ কৰি উলিওৱা অত্যাধুনিক সা-সুবিধাযুক্ত 'বাক্সা জিলা কাৰাগাৰো' মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৫৩.৮৬ কোটি টকাৰে নিৰ্মাণ কৰা জিলা কাৰাগাৰ মুকলি অনুষ্ঠানত কাৰাগাৰ মন্ত্ৰী ৰূপেশ গোৱালা, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, মন্ত্রী জয়ন্ত মল্লবৰুৱা, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, বিধায়ক ভূপেন বড়ো, এমচিএলএ ৰাকেশ ব্ৰহ্মকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

বাক্সা জিলা কাৰাগাৰ (ETV Bharat Assam)

জিলা কাৰাগাৰখন মুকলি কৰি মুখ্য়মন্ত্ৰী শৰ্মাই কয়, "বাক্সা জিলাত নিৰ্মিত সুন্দৰ কাৰাগাৰ এখন উদ্বোধন হ'ল । বাক্সা এখন নতুন জিলা । ইয়াত আন্তঃগাঁথনি একোৱেই নাছিল । কাৰাগাৰ হ'ল, এতিয়া DC ৰ কাৰ্যালয় নিৰ্মাণ হৈ আছে । আৱৰ্ত ভৱন এটাৰো অনুমোদন হ'ব । ইয়াতে জিলা পৰ্যায়ৰ এখন ষ্টেডিয়াম এখনৰো নিৰ্মাণ কাৰ্য চলি আছে । অসম মালাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ কাম চলি আছে আৰু নতুনকৈ অসম মালাৰ দুটা কামো চলি আছে ।"

লগতে পঢ়ক: শান্তি-সম্প্ৰীতিৰ কাৰণে বাক্সাত যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়িত কৰা হৈছে: মুখ্যমন্ত্ৰী - 11TH INTERNATIONAL YOGA DAY

চন্দ্ৰ-সূৰ্য থকালৈ দেশত বিজেপি থাকিব: ৰণজিৎ কুমাৰ দাস - RANJIT KUMAR DAS VISIT AGP OFFICE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.