নিউজ ডেস্ক: সমগ্ৰ দেশজুৰি পালন কৰা হৈছে একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । মুখ্যমন্ত্ৰীৰ বাক্সা জিলাত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
বাক্সাৰ শালবাৰী মহকুমাৰ সদৰ শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত শনিবাৰে পুৱা ৬ বজাৰ পৰা ৰাজ্যিক পৰ্যায়ত ১১ সংখ্যক আন্তঃৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয় । বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আদৰণি ভাষণেৰে উদ্বোধন কৰা এই ৰাজ্যিক ভিত্তিত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়,"বাক্সা জিলাৰ শালবাৰী অনুষ্ঠিত আন্তৰ্জাতিক যোগ দিৱসৰ এই কাৰ্যসূচীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত এক নতুন গতি প্ৰদান কৰিব । এই অঞ্চলত এটা সময়ত হত্যা হিংসাৰ দাবানল আছিল । এতিয়া আমি ইয়াত শান্তিৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ ।"
অঞ্চলত শান্তি-সম্প্ৰীতিৰ কাৰণে আজি এই অঞ্চলত যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়িত কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পুনৰ কয়, "মই লক্ষ্য কৰিছোঁ, প্ৰতি বছৰে মানাহ অভয়াৰণ্যলৈ অহা অতিথিৰ সংখ্যা বাঢ়িছে । মানাহত আৰু চেকপোষ্ট বঢ়াব লাগে যাতে চোৰাং চিকাৰীয়ে জীৱ-জন্তু অনিষ্ট কৰিব নোৱাৰে । মই কথা দিছোঁ শালবাৰীক এক উন্নত প্ৰশাসনিক অৱস্থাৰে এই অঞ্চলত এক নতুন দিগন্ত কঢ়িয়াই আনিম বুলি মই আপোনালোকক পুনৰ প্ৰতিশ্ৰুতি দিছোঁ ।"

- মিৰ্জাৰ শ্বহীদ ভৱনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ মিৰ্জাস্থিত শ্বহীদ ভৱনত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সেনাৰ লেফটেনেন্ট জেনেৰেল অৱসৰপ্ৰাপ্ত ৰাণা প্ৰতাপ কলিতা, মেজৰ জেনেৰেল অৱসৰপ্ৰাপ্ত ভাস্কৰ কলিতা, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিধায়ক হেমাংগ ঠাকুৰীয়া, জিলা সভাপতি অঞ্জন গোস্বামী, প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ অনিল দাসসহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
- জোনাই সমজিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় আয়ুস মিছন অসমৰ যোগ দিৱস
একেদৰে জোনাই সমজিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় আয়ুস মিছন, অসমে জোনাই বালিকা মহাবিদ্যালয় প্ৰাংগণত যোগ দিৱস পালন কৰে । যোগ দিৱসত জোনাই সম জিলাৰ আয়ুক্ত আনন্দ মালহোত্ৰা, সহকাৰী অতিৰিক্ত আয়ুক্ত বিভাকাঞ্চন গগৈ , তৃষ্ণা পায়েং, জোনাই বনাঞ্চলিক বন বিষয়া দেবব্ৰত গগৈ, জোনাই সম জিলা সহকাৰী আৰক্ষী অধীক্ষক ঋতুপৰ্ণ গগৈকে আদি কৰি জোনাই সম জিলাৰ বহু কেইগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকি সমুহীয়াভাৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে যোগ অনুশীলন কৰে ।

- যোৰহাটত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কাৰ্যসূচীত কৃষি মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ
ইফালে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাট চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষি মন্ত্ৰী অতুল বৰাই । এই যোগ দিৱস কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰি মন্ত্ৰীগৰাকীয়ে অন্যান্য লোকসকলৰ দৰে যোগাসনত অংশ লয় ।

যোগদিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই কয়,"২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগ দিৱসৰ কাৰ্যসূচী বিষয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ দিছিল । তেতিয়াৰে পৰা ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে বিশ্বজুৰি পালন কৰি অহা হৈছে । ভাৰতীয় সভ্যতাই মানৱ সমাজলৈ দিয়া উৎকৃষ্ট অৱদান হৈছে যোগ, সেয়েহে যোগ দিৱসৰ দিনাই যোগাসন কৰিয়ে দায়িত্ব সামৰিলে ন'হব । প্ৰত্যেক দিনাই নিয়মিতভাৱে যোগাসন কৰিব লাগে । তেতিয়া আমাৰ শৰীৰ সুস্থ, সবল হৈ থাকে আৰু মই নিয়মিতভাৱেই যোগাসন কৰি আহিছোঁ ।

- বৰপেটাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
একাদশ সংখ্যক যোগ দিৱসৰ উপলক্ষে বৰপেটা জিলা প্ৰশাসনৰ সহযোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ উদ্যোগত বৰপেটা জিলা গ্ৰামোন্নয়ন অভিকৰণ প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝাকে ধৰি বৰপেটা জিলা প্ৰশাসন বিষয়া উপস্থিত থকা যোগভ্যাসৰ কাৰ্যসূচীত বৰপেটাৰ যোগ সাধনা কৰা কেবাটাও অনুষ্ঠানৰ যথেষ্ট সংখ্যক প্ৰতিনিধি, ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে অংশগ্ৰহণ কৰে ।

মন্ত্ৰী দাসে এই আয়োজনৰ সন্দৰ্ভত কয়, "এক বিশ্ব এক স্বাস্থ্য বাণীৰে এই যোগ দিৱস পালন কৰা হৈছে । ভাৰতে নিজৰ ঐতিহ্যমণ্ডিত যোগ পৰম্পৰাক আজি বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । সমগ্ৰ বিশ্বই আজি উপলব্ধি কৰিছে যে যোগৰ জৰিয়তেহে এখন সুস্থ পৃথিৱী গঢ় দিব পাৰি । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত এয়া সম্ভৱ হৈছে ।"
- গোলাঘাটত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস:
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এই উপলক্ষে গোলাঘাটৰ জোনাকী নগৰস্তিত ১৪২ নং চি আৰ পি এফৰ উদ্যোগত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ সহযোগত উদযাপন কৰা হয় একাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । 'এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ' এই শ্ল'গানেৰে এই বৰ্ষত অনুষ্ঠিত কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । নগৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে জ্যেষ্ঠ নাগৰিক, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু ১৪২ নং চি আৰ পি এফৰ জোৱানসকলে অংশগ্ৰহণ কৰা এই যোগ দিৱসৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে কমাণ্ডেন্ট মহেন্দ্ৰ কুমাৰে ।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আন্তঃৰাষ্ট্ৰীয় বিধি অনুসৰি যোগাভ্যাস অনুষ্ঠান পৰিৱেশন কৰা হয় । উক্ত যোগ দিৱস উদ্বোধন কৰি গোলাঘাটৰ ১৪২ নং চি আৰ পি এফৰ কমাণ্ডেন্ট মহেন্দ্ৰ কুমাৰে ভাষণত কয়,"আজি আমি ইয়াত এক মহৎ উদ্দেশ্য আগত ৰাখি উপস্থিত হৈছোঁ । যোগ কেৱল শাৰীৰিকভাৱে সুস্থ থকাই নহয় ই আমাৰ জীৱন শৈলী । আজি এই ২১ জুনৰ দিনটোত সমগ্ৰ বিশ্বতে ভাৰতবৰ্ষৰ প্ৰাচীন যোগ পৰম্পৰাগ প্ৰতি সন্মান আৰু সজাগতা বৃদ্ধি কৰিছে । আমাৰ বাবে এইটো গৌৰৱৰ বিষয় যে যোগ আজি বিশ্ববাসীয়ে আদৰি লৈছে আৰু ইয়াৰ কৃতিত্ব ভাৰতবৰ্ষৰ যোগ চেতনালৈ ।"