ETV Bharat / state

চন্দ্ৰ-সূৰ্য থকালৈ দেশত বিজেপি থাকিব: ৰণজিৎ কুমাৰ দাস - RANJIT KUMAR DAS VISIT AGP OFFICE

বৰপেটাত মিত্ৰদল অগপৰ কাৰ্যালয়ত উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । আঞ্চলিক দলটোৰ নেতা-কৰ্মীৰে মত-বিনিময় ।

Ranjit Kumar Das visit AGP Office
বৰপেটাৰ অগপ কাৰ্যালয়ত উপস্থিত ৰণজিৎ কুমাৰ দাস (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 21, 2025 at 6:42 PM IST

4 Min Read

বৰপেটা : ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ আগ্ৰাসী মনোভাৱ বিজেপিৰ । ইতিমধ্যে দলটোৱে ৰণনীতি প্ৰস্তুত কৰিছে । তাৰ আধাৰত কামো আৰম্ভ কৰিছে । তাৰ মাজতে মিত্ৰদল অগপৰ বৰপেটা জিলা সমিতিৰ কাৰ্যালয়ত উপস্থিত হয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । মন্ত্ৰীগৰাকীয়ে আগন্তুক ২৬ৰ নিৰ্বাচনক লৈ অগপৰ নেতা-কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰে । য'ত তেওঁ ঘোষণা কৰে যে যেতিয়ালৈ চন্দ্ৰ, সূৰ্য থাকিব ভাৰতীয় জনতা পাৰ্টী বা মৰ্চাৰ চৰকাৰ থাকিব । বহুতে কয় ৫ বছৰ, ১০ বছৰ, ৩০ বছৰ বিজেপি থাকিব । কিন্তু তেওঁলোকৰ একো জ্ঞানে নাই । মোৰ কথা হৈছে যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ সেৱামূলক কাৰ্যসূচী অব্যাহত থাকিব, যেতিয়ালৈ তৃণমূলৰ সংগঠন শক্তিশালী হৈ থাকিব তেতিয়ালৈ জনতা পাৰ্টী বা মৰ্চাৰ চৰকাৰ দেশত বা অসমত থাকিব ।"

উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰপেটা জিলাৰ বৰপেটা, ভৱানীপুৰ-সৰভোগ, পাকাবেতবাৰী, চেঙা আৰু মন্দিয়া বিধানসভা সমষ্টি কেইটাক লৈ অগপ আৰু বিজেপিৰ মাজত চলি আহিছে নানা জল্পনা কল্পনা । বিশেষকৈ হিন্দু ভোটাৰ সংখ্যাগৰিষ্ঠ বৰপেটা আৰু ভৱানীপুৰ-সৰভোগ সমষ্টি দুটাক লৈ বিজেপি অগপৰ মাজত চলি আছে টনা আঁজোৰা । সেয়ে বৰপেটাৰ কোন কোন সমষ্টি অগপক এৰি দিয়া হ'ব সেই কথা ৰাষ্ট্ৰীয় পৰ্যায়ত সিদ্ধান্ত হ'ব বুলি উল্লেখ কৰে ৰণজিৎ কুমাৰ দাসে । অৱশ্যে যি দলৰেই প্ৰাৰ্থী নহওঁক কিয় দলে যি সিদ্ধান্ত লয় সেইমতে অগপ আৰু বিজেপিয়ে একত্ৰিতভাৱে যুঁজ দিব বুলিও তেওঁ দাবী কৰে ।

২৬ৰ নিৰ্বাচনৰ ৰণনীতি সম্পৰ্কে অগপ কৰ্মীৰে বাৰ্তালাপ ৰণজিৎ কুমাৰ দাসৰ (ETV Bharat)

গৌৰৱ গগৈয়ে ২৬ৰ নিৰ্বাচনত কিবা প্ৰভাব পেলাব নেকি বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে দাবী কৰে যে অগপ আৰু বিজেপি ৰাইজৰ হৃদয়ত আছে । তাৰ বিপৰীতে কংগ্ৰেছ ৰাইজৰ পদূলিত আছে । কংগ্ৰেছ মানুহৰ হৃদয়ত সোমোৱা সহজ নহ'ব । যিসকলে দেশত বিজেপি চৰকাৰ ২০ বা ৩০ বছৰ থাকিব বুলি কয় তেওঁলোকৰ কোনো জ্ঞান নাই বুলিও ৰণজিৎ কুমাৰ দাসে উল্লেখ কৰে ।

ইফালে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অগপ কাৰ্যালয়ত উপস্থিত হোৱাক লৈ অগপ আৰু বিজেপিৰ কৰ্মীসকলৰ মাজত আৰম্ভ হৈছে জল্পনা কল্পনাৰ । বিশেষকৈ বৰপেটা সমষ্টিটো অগপক এৰি দিয়া হ'ব নেকি ? তাক লৈ চলিছে দল দুটাৰ কৰ্মীসকলৰ মাজত চৰ্চা । আগন্তুক বিটিচি নিৰ্বাচন সন্দৰ্ভতো মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় যে ইউ পি পি এলৰ লগত বিজেপিয়ে অতি বন্ধুত্বপূৰ্ণভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ।‌ একেদৰে বিপিএফৰ লগতো অনুৰূপ ধৰণে নিৰ্বাচন খেলিব । ইয়াৰ কাৰণ দৰ্শাই দাসে কয় যে ইউ পি পি এলৰ লগত তেওঁলোকৰ মিত্ৰতা আছে ।‌ সেই মিত্ৰতাৰ প্ৰতি সন্মান জনাই ইউ পি পি এলৰ লগত বিজেপিয়ে বন্ধুত্বপূৰ্ণভাৱে নিৰ্বাচনত আগবাঢ়ি যাব । আনহাতে বি পি এফ এটা আঞ্চলিক দল । বি টি চিৰ ৰাইজে যাক বিচাৰে তাকে ভোট প্ৰদান কৰিব বুলি তেওঁ উল্লেখ কৰে ৷

অগপ কাৰ্যালয়ত অনুষ্ঠিত মত-বিনিময় কাৰ্যসূচীত বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা অগপ নেতা গুণীন্দ্ৰ নাথ দাস, সৰুক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক ডাঃ তাৰা প্ৰসাদ দাসৰ লগতে অগপ আৰু বিজেপিৰ জিলা সমিতিৰ নেতা-কৰ্মীসকল উপস্থিত থাকে । ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে বৰপেটাৰ জিলা বিজেপি কাৰ্যালয়তো উপস্থিত হৈ কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰে । বিষয়টো সন্দৰ্ভত প্ৰাক্তন বিধায়ক তথা অসম গণ পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি গুণীন্দ্ৰ নাথ দাসে কয় যে বিজেপিৰে মিলি তেওঁলোকে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো নিশ্চিত । যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ভিত্তিত বৰপেটা জিলা পৰিষদখন বিজেপি আৰু অসম গণ পৰিষদে মিলি গঠন কৰিব বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :এইবাৰ কংগ্ৰেছে কংগ্ৰেছক জিকাব : প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ - MEETING WITH APCC OBSERVERS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.