ETV Bharat / state

ডিমাছাসকলৰ কৃষিভিত্তিক উৎসৱ বুছু ডিমাত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Feb 11, 2024, 10:44 PM IST

Busu Dima Festival: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় ডিমাছাসকলৰ উৎসৱ বুছু ডিমা ৷ দেওবাৰে অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ডিমাছাসকলৰ উদাহৰণেৰে নিজৰ ভাষা-সংস্কৃতি ৰক্ষাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Busu Dima Festival
বুছু ডিমাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 11 ফেব্ৰুৱাৰী: মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ডিমাছাসকলৰ কৃষিভিত্তিক উৎসৱ বাৰ্ষিক উৎসৱ 'বুছু ডিমা' । খেতি-পথাৰ চপোৱাৰ পিচত বছৰটোৰ আৰম্ভণিতে ডিমাছাসকলে পালন কৰে এই উৎসৱ ।

এই উপলক্ষে ডিমাছা যুৱক-যুৱতীসকলৰ লগত পৰম্পৰাগত নৃত্যত অংশ ল’লে মন্ত্ৰী নন্দিতা গাৰ্লোচাই । ডিমাছাসকলৰ পৰম্পৰাগত নৃত্য বাই ডিমা নৃত্যত অংশ ল’লে মন্ত্ৰী নন্দিতা গাৰ্লোচাই । সদৌ গুৱাহাটী ডিমাছা কছাৰী সন্থাই আয়োজন কৰা এই বুছু ডিমা উৎসৱত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে এই উৎসৱৰ দ্বাৰা ৰাইজৰ মাজত একতা বৃদ্ধি হ'ব । ডিমাছা সমাজত বহু উৎসৱ অনুষ্ঠিত হয় আৰু এই উৎসৱসমূহৰ দ্বাৰা নিজকে আলোকিত কৰা এটা সুবিধা পোৱা যায় । এই উৎসৱ গুৱাহাটীত উদযাপন কৰাৰ এটাই উদ্দেশ্য যে যিবোৰসকল লোক ডিমা হাছাও বা বৰাক উপত্যকাত নাথাকে তেওঁলোকে এই উৎসৱৰ অংশীদাৰ হ'ব পৰিছে ।

১৯৭৯ চনৰ পৰাই বৃহত্তৰ গুৱাহাটী ডিমাছা-কছাৰী সন্থাই অনুষ্ঠিত কৰি আহিছে এই উৎসৱ । ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ জনজাতীয় ধৰ্মৰ বাহিৰে বেলেগ একো ভাল ধৰ্ম নাই ৷ ডিমাচাসকল ডিমাচা হৈয়েই থাকিব লাগে, অন্য ধৰ্ম খেদি ফুৰিব নালাগে ৷

আমাৰ মানুহবোৰে অলপ ডাঙৰ মানুহ হ'লেই চুট, টাই পিন্ধাত লাগি যায়, নিজৰটো পাহৰি যায়; সেইটো হ'ব নালাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে নিজৰ পোছাকেহে দিয়ে আঁচল চিনাকি । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জুডিমাত যিটো আছে , হুইস্কি, ব্ৰেণ্ডি, ৰাম আদি ক’তো নাই সেইটো ৷ ইয়াৰোপৰি ডিমাচাসকলক কথিত অসমীয়া অলপ শিকিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: ডিমা হাছাওত উলহে মালহেৰে উদযাপিত হৈছে বুছুদিমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.