ETV Bharat / state

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা: তেজপুৰত বন্ধ মাছ-মাংসৰ বিপণী

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 1:25 PM IST

Ram mandir inauguration:ৰাজ্যজুৰি ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ ব্যাপক উছাহ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশানুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰ চহৰৰ মাছ-মাংসৰ বিপণীসমূহ বন্ধ কৰি ৰখা হৈছে ৷

Ram mandir inauguration
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা: মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি তেজপুৰত বন্ধ মাছৰ বিপণী

তেজপুৰ, ২২ জানুৱাৰী : ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰি শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই জাননী মতে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰ চহৰৰ মাছ-মাংসৰ বজাৰসমূহ বন্ধ কৰি ৰখা হৈছে ৷ অকল এয়াই নহয় বন্ধ কৰা হৈছে হোটেল-ৰেষ্টোৰাঁ । অৱশ্যে মুখ্যমন্ত্ৰীয়ে দিনৰ 4 বজাৰ পিছত এই মাছ-মাংসৰ দোকানসমূহ খোলাৰ বাবে অনুমতি প্ৰদান কৰিছে ৷

আজি অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল ৷ সমগ্ৰ দেশতে উখল মাখল পৰিৱেশ । দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকে অসমৰ ভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ শ্ৰী ৰামৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ বিয়াগোম আয়োজন কৰা হৈছে ।

ইয়াৰ মাজতে দেওবাৰে এক সংবাদমেলৰ যোগেৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি 4 বজালৈ ৰাজ্যত মাছ-মাংসৰ সকলো দোকান তথা ব্যৱসায় বন্ধ থাকিব বুলি ঘোষণা কৰিছিল । সেইদৰে ৰাজ্যত ড্ৰাই ডে’ ঘোষণা কৰা হৈছে । এইক্ষেত্রত এক নিৰ্দেশনাও জাৰি কৰা হৈছে ৷

ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমবাসীৰ প্ৰতি আহ্বান জনাই সোমবাৰে অৰ্থাৎ আজি সকলোকে পদূলি মুখত এগছি বন্তি প্ৰজ্বলন কৰাৰ বাবে অনুৰোধ জনায় । সকলোৱে যাতে নিজৰ ঘৰৰ সন্মুখভাগ পোহৰেৰে উজ্বলাই তোলে তাৰ বাবে মুখ্যমন্ত্রীয়ে ৰাজ্যবাসীৰ প্ৰতি আহ্বান জনায় ।

আনহাতে, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাচত নামঘৰসমূহত নাম-কীৰ্তন কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে আই-মাতৃসকলৰ প্ৰতি অনুৰোধ জনায় । মুখ্যমন্ত্রীয়ে সকলো ধৰ্মাৱলম্বী লোককে নিজৰ নিজৰ উপাসনাস্থলীত প্ৰাৰ্থনা কৰাৰ বাবে আহ্বান জনাই কয়, "এই বিজয় ভাৰতীয় সভ্যতাৰ বিজয় । ইয়াক জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলিজুলি পালন কৰা উচিত ।"

লগতে পঢ়ক: প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সমাপন নোহোৱা পৰ্যন্ত সকলোকে উপবাসে থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.