ETV Bharat / politics

প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সমাপন নোহোৱা পৰ্যন্ত সকলোকে উপবাসে থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 1:01 PM IST

Updated : Jan 23, 2024, 10:17 AM IST

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে লোকসেৱা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন । সোমবাৰে অসমত ড্ৰাই ডে' ঘোষণা । বিয়লি 4 বজালৈ বন্ধ থাকিব মাছ-মাংসৰ সকলো দোকান তথা ব্যৱসায় । চৰকাৰী কাৰ্যালয়সমূহ দিনৰ 2 বজালৈ অৰ্ধ ছুটি । বন্ধ থাকিব শিক্ষানুষ্ঠান । সকলোকে পদূলি মুখত এগছি বন্তি প্ৰজ্বলন কৰাৰ অনুৰোধ মুখ্যমন্ত্রীৰ । নামঘৰসমূহত নাম-কীৰ্তন কৰাৰ বাবে আই-মাতৃসকলৰ প্ৰতি অনুৰোধ ।

assam cm press meet
প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

গুৱাহাটী, 21 জানুৱাৰী: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে সোমবাৰে অসমত ড্ৰাই ডে' ঘোষণা কৰাৰ লগতে বিয়লি 4 বজালৈ বন্ধ থাকিব মাছ-মাংসৰ সকলো দোকান তথা ব্যৱসায় । তদুপৰি সকলো শিক্ষানুষ্ঠানৰ লগতে দিনৰ 2 বজালৈ চৰকাৰী কাৰ্যালয় বন্ধ থাকিব বুলি দেওবাৰে আয়োজন কৰা এখন সংবাদমেলযোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে । এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰাৰ কথাও মুখ্যমন্ত্রীয়ে সদৰী কৰে ।

উল্লেখ্য যে, সোমবাৰে অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব । দেশৰ এই ঐতিহাসিক ক্ষণৰ পূৰ্বে দেওবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেতবোৰ পদক্ষেপৰ বিষয়ে সদৰী কৰে । সংবাদমেলত ৰাজ্য চৰকাৰৰ পদক্ষেপৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে সোমবাৰে চৰকাৰী কাৰ্যালয়সমূহ দিনৰ 2 বজালৈ অৰ্ধ ছুটি দিয়া হৈছে ।

আনহাতে, শিক্ষানুষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব । ব্যক্তিগত তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়চোৱাত নিজৰ প্ৰতিষ্ঠান তথা ব্যৱসায় বন্ধ ৰখাৰ বাবে আহ্বান জনোৱা হৈছে, যাতে কৰ্মচাৰীসকলে সেই অনুষ্ঠান উপভোগ কৰিব পাৰে । অসমবাসীৰ প্ৰতি আহ্বান জনাই মুখ্যমন্ত্রীয়ে সোমবাৰে সকলোকে পদূলি মুখত এগছি বন্তি প্ৰজ্বলন কৰাৰ বাবে অনুৰোধ জনায় । সোমবাৰে সন্ধিয়া সকলোৱে যাতে নিজৰ ঘৰৰ সন্মূখভাগ পোহৰেৰে উজ্বলাই তোলে তাৰ বাবে মুখ্যমন্ত্রীয়ে ৰাজ্যবাসীৰ প্ৰতি আহ্বান জনায় ।

আনহাতে, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত নামঘৰসমূহত নাম-কীৰ্তন কৰাৰ বাবেও মুখ্যমন্ত্রীয়ে আই-মাতৃসকলৰ প্ৰতি অনুৰোধ জনায় । মুখ্যমন্ত্রীয়ে সকলো ধৰ্মাৱলম্বী লোককে নিজৰ নিজৰ উপাসনাস্থলীত প্ৰাৰ্থনা কৰাৰ বাবে আহ্বান জনাই কয়, "এই বিজয় ভাৰতীয় সভ্যতাৰ বিজয় । ইয়াক জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলিজুলি পালন কৰা উচিত ।"

মুখ্যমন্ত্রীয়ে উৎসাহ আৰু আবেগত শান্তি-সম্প্ৰীতি যাতে বিঘ্নিত নহয় তাৰ বাবে সকলোকে সতৰ্ক হোৱাৰ বাবেও আহ্বান জনায় । ইফালে ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চলসমূহত যাতে কোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ বাবে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়াৰ কথাও সদৰী কৰে । শান্তি, সম্প্ৰতি আৰু সমন্বয়ৰ মাজেৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ পালন কৰাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনাই মুখ্যমন্ত্রীয়ে এই মহান পৰ্বৰ বাবে 11 দিন উপবাসে থকা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক অসমবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে ।

মুখ্যমন্ত্রীয়ে 22 জানুৱাৰীৰ মহা অনুষ্ঠানটো সমাপন নোহোৱা পৰ্যন্ত সকলোকে উপবাসে থকাৰ বাবে অনুৰোধ জনাই কয়, "কাইলৈ বিয়লি 4 বজালৈ ৰাজ্যত মাছ-মাংসৰ সকলো দোকান তথা ব্যৱসায় বন্ধ থাকিব । সেইদৰে কাইলৈ ৰাজ্যত ড্ৰাই ডে' ঘোষণা কৰা হৈছে । এইক্ষেত্রত জাৰি কৰা হ'ব নিৰ্দেশনা ।"

লগতে পঢ়ক: 22 জানুৱাৰীত অৰ্ধ ছুটী পালন কৰিব স্বাস্থ্যসেৱা প্ৰতিষ্ঠান এইমছে

Last Updated : Jan 23, 2024, 10:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.