ETV Bharat / state

লখিমপুৰ পৌৰসভাৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান

author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 1:20 PM IST

lakhimpur municipality: লখিমপুৰ পৌৰসভাৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান ৷ সচেতনতা নহা নাগৰিকক ৰঙাঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে পৌৰসভাই ।

লখিমপুৰ পৌৰসভাৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান
লখিমপুৰ পৌৰসভাৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান
লখিমপুৰ পৌৰসভাৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান

লখিমপুৰ, 4 ফেব্ৰুৱাৰী: লখিমপুৰ পৌৰসভাৰ উদ্যোগত চলোৱা হৈছে স্বচ্ছ ভাৰত অভিযান ৷ পৌৰসভাখনৰ উপ-পৌৰপতি প্ৰাঞ্জল প্ৰতীম দত্তৰ নেতৃত্বত চলোৱা হৈছে এই অভিযান ৷ উল্লেখ্য যে, নিশা হ’লেই ঘৰৰ পেলনীয়া জাৱৰ-জোঁথৰ পথলৈ দলিয়াই দিয়ে একাংশ নাগৰিকে । তেনেদৰে দলিয়াই দিয়া জাৱৰৰ টোপোলা নিশা কুকুৰ-গৰু আদিয়ে সিঁচৰতি কৰি দিয়াৰ ফলত পথবোৰ কদৰ্য কৰি পেলায় ৷

নিশা জাবৰৰ টোপোলা পথলৈ দলিয়াই দিয়া নাগৰিকৰ বিৰুদ্ধে পৌৰসভাই চলাইছে এই নৈশ অভিযান । পৌৰসভাৰ এই অভিযানত তেনে কাম কৰা নাগৰিক ধৰা পৰিলে প্ৰথমবাৰৰ বাবে এহেজাৰ টকা জৰিমনা বিহিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । দ্বিতীয়বাৰ একেটা কামকে কৰিলে তেনে নাগৰিকক ৰঙাঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে পৌৰসভাই ।

উল্লেখ্য যে, লখিমপুৰ পৌৰসভাই নাগৰিকসকলক ঘৰৰ পেলনীয়া জাৱৰ-জোথৰ ঘৰতে গোটাই ৰাখি পুৱা পৌৰসভাৰ জাবৰ কঢ়িওৱা বাহনত জমা দিবলৈ আহ্বান জনাই আহিছে । পৌৰসভাৰ জাৱৰ কঢ়িওৱা বাহনে পুৱা প্ৰতিটো এলেকাতে হুচেইল বজাই জাৱৰ সংগ্রহ কৰি আনে । কিন্তু একাংশ নাগৰিকে পুৱা জাৱৰ কঢ়িওৱা বাহনত দিয়াৰ সলনি নিশাই পথলৈ জাৱৰৰ টোপোলা দলিয়াই দিয়ে ।

পৌৰসভাই এতিয়া এনে নাগৰিকৰ বিৰুদ্ধে আৰম্ভ কৰিছে নৈশ অভিযান । পৌৰসভাৰ তৰফৰ পৰা বহুবাৰ আহ্বান জনোৱাৰ পাছতো নাগৰিকৰ মানসিকতা সলনি নোহোৱাত পৌৰসভাখনে এনে পদক্ষেপ ল’বলৈ বাধ্য হয় বুলি পৌৰসভাখনৰ উপ-পৌৰপতি প্ৰাঞ্জল প্ৰতীম দত্তই জানিবলৈ দিয়ে ।

লখিমপুৰ পৌৰসভাৰ উদ্যোগত চলোৱা এই অভিযান কিমান দূৰ সফল হয় সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক: লখিমপুৰত ৰাজ্যিক পৰ্যায়ৰ এথলেটিকছ প্ৰতিযোগিতা আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.