ETV Bharat / sports

লখিমপুৰত ৰাজ্যিক পৰ্যায়ৰ এথলেটিকছ প্ৰতিযোগিতা আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 3:07 PM IST

Athletics Competition in Lakhimpur
ৰাজ্যিক পৰ্যায়ৰ এথলেটিকছ প্ৰতিযোগিতা

Athletics Competition in Lakhimpur : নৰ্থ লখিমপুৰ কলেজত আৰম্ভ এথলেটিক প্ৰতিযোগিতা । এই প্ৰতিযোগিতাখনত ৰাজ্যৰ ১৫শ প্ৰতিযোগীয়ে অংশগ্রহণ কৰিছে ।

ৰাজ্যিক পৰ্যায়ৰ এথলেটিকছ প্ৰতিযোগিতা

লখিমপুৰ, ৩ জানুৱাৰী: লখিমপুৰত বিশ্বমানৰ ছিন্থেটিক ট্ৰেকত অনুষ্ঠিত হৈছে ৰাজ্যিক পৰ্যায়ৰ এথলেটিকছ প্ৰতিযোগিতা । অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে ৪৫ সংখ্যক আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা । নৰ্থ লখিমপুৰ কলেজৰ বিশ্বমানৰ ছিন্থেটিক ট্ৰেকত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাখনি । ৰাজ্যৰ বিভিন্ন জিলাৰ ১৫ শ প্ৰতিযোগীয়ে অংশগ্রহণ কৰা এই প্ৰতিযোগিতা শনিবাৰে উদ্বোধন কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ।

জিলা ক্ৰীড়া সন্থা, অসম এথলেটিকছ সন্থাৰ পতাকা উত্তোলন কৰে বিধায়ক মানৱ ডেকা আৰু অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীয়ে । পতাকা উত্তোলন কৰি তেওঁলোকে খেলত অংশগ্ৰহণ কৰা দলসমূহৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে । এই অনুষ্ঠানটো উদ্বোধন কৰি বিধায়ক মানৱ ডেকাই কয় যে লখিমপুৰত প্ৰথমবাৰৰ বাবে এই বিশ্বমানৰ ছিন্থেটিক ট্ৰেকত ৰাজ্যিক পৰ্যায়ৰ এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । আশা কৰাতকৈয়ো সুন্দৰভাৱে প্ৰতিযোগিতাখন চলিছে । ৰাজ্যৰ বিভিন্ন জিলাৰ খেলুৱৈসকলে আশানুৰূপ ভাৱে সহাৰি জনোৱা বুলিও তেওঁ কয় ।

লখিমপুৰৰ ক্ৰীড়া ক্ষেত্রত কেইবাটাও নৱ সংযোজনৰ কথা উল্লেখ কৰি বিধায়ক মানৱ ডেকাই কয় যে ইতিমধ্যে ইন্দোৰ ষ্টেডিয়ামত খেলা- ধূলা আৰম্ভ হৈছে । ৰাজ্যৰ ভিতৰতে অকল লখিমপুৰত স্থাপন কৰা ইন্দোৰ টেনিছ ষ্টেডিয়ামতো আৰম্ভ হ'বলৈ ধৰিছে । নিৰ্মাণৰত বিশাল ষ্টেডিয়ামখন আৰু ৮ মাহৰ পাছত মুকলি কৰা হ'ব বুলিও তেওঁ কয় । তাৰ পিছৰে পৰা লখিমপুৰৰ ৰাইজে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় খেলসমূহ উপভোগ কৰিব পাৰিব বুলি কয় বিধায়ক ডেকাই।

উদ্বোধনী অনুষ্ঠানটোত বিধায়কৰ উপৰি উপ সভাপতি কৰুণাধৰ দত্ত, কোষাধ্যক্ষ তপন দাস, চৰকাৰী ক্ৰীড়া সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সত্যব্ৰত গগৈ, অভিনেত্রী প্ৰীতিকংকনা, প্ৰিয়ম পল্লবী আদিয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক:প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈক বিজেপিৰ B টীম বুলিলে আজমলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.