ETV Bharat / state

প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈক বিজেপিৰ B টীম বুলিলে আজমলে

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 11:09 AM IST

Updated : Feb 3, 2024, 12:47 PM IST

AIUDF slams Congress : দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ হাটশিঙিমাৰীৰ খোপাতীয়া পাব্লিক হাইস্কুলত এ আই ইউ ডি এফে আয়োজন কৰে বিশাল গণ সমাৱেশৰ । এআইইউডিএফৰ সাংসদ আজমলে এই সমাৱেশত কংগ্ৰেছ দলটোক সমালোচনাৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয় ৷ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈকো সমালোচনা কৰে সাংসদগৰাকীয়ে ৷

Badruddin Ajmal on loksabha election 2024
হাটশিঙিমাৰীত এআইইউডিএফ সাংসদ আজমল
হাটশিঙিমাৰীত এআইইউডিএফ সাংসদ আজমল

ধুবুৰী, 3 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচনী প্ৰচাৰ সভাত এআইইউডিএফ সাংসদ আজমলৰ টাৰ্গেট কেৱল কংগ্ৰেছ হোৱা পৰিলক্ষিত হ’ল । শেহতীয়াকৈ দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ হাটশিঙিমাৰীৰ খোপাতীয়া পাব্লিক হাইস্কুলত এ আই ইউ ডি এফে আয়োজন কৰে বিশাল গণ সমাৱেশৰ । এই সমাৱেশত কংগ্ৰেছ-বিজেপিক তীব্ৰ সমালোচনা কৰাৰ লগতে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈকো সমালোচনা কৰা পৰিলক্ষিত হয় সাংসদ আজমলে ৷

দক্ষিণ শালমাৰা-মানকাচৰ জিলা এ আই ইউ ডি এফৰ সভাপতি নাজমুল আৰেফিনৰ সভাপতিত্বত অনুষ্ঠিত গণ সমাৱেশত মনিন হুছেইন ওৰফে মুন্নাই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে । সভাখনত এ আই ইউ ডি এফ দলৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল, মানকাচাৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, দক্ষিণ শালমাৰা-মানকাচাৰ জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খানকে ধৰি এ আই ইউ ডি এফ দলৰ কেবা সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থক উপস্থিত থাকে ।

আজমলে কংগ্ৰেছ দলে আগন্তক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে মনেৰে জিকিম বুলি আশা পালি বহি আছে ৷ ইয়াৰ লগতে INDI মিত্ৰজোঁটো ভিত্তিহীন বুলি কয় সাংসদগৰাকীয়ে ৷ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ায় বিজেপি চৰকাৰৰ বাজেটৰ লক্ষ্য কেৱল নিৰ্বাচন বুলি কেন্দ্ৰীয় চৰকাৰখনক সমালোচনা কৰে ৷ এই বাজেটৰ 70% টকা চৰকাৰে খৰচ কৰিব আৰু 10% টকা ৰাইজৰ স্বাৰ্থত খৰছ কৰিব বুলি মন্তব্য কৰে ।

অসমত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সন্দৰ্ভত আজমলে অসমত ৰাহুল গান্ধীৰ নামো নাই ৷ ভোটো নাই আৰু নিৰ্বাচন খেলিলে 10 টা ভোটো নাপায় বুলি কংগ্ৰেছ দলটোক কটাক্ষ কৰে । সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি মিত্ৰতা সন্দৰ্ভত প্ৰশ্ন সোধাত দলটোৱে আল্লাৰ বাহিৰে কাৰো লগত মিত্ৰতা নকৰে বুলি স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক: সংবাদ মাধ্যমৰ শিৰোনাম দখলৰ উদ্দেশ্যৰেই আজমলে কৰে বিতৰ্কিত মন্তব্য !

Last Updated : Feb 3, 2024, 12:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.