ETV Bharat / state

ভাৰত জোড়ো ন্যায় যাত্ৰাত গুৱাহাটীত আইন ভংগ: চি আই ডিয়ে কৰিব তদন্ত

Bharat Jodo Nyay Yatra: গুৱাহাটীত ভাৰত জোড়ো ন্যায় যাত্ৰাক কেন্দ্ৰ কৰি হোৱা আইন শৃংখলা পৰিৱেশৰ তদন্ত কৰিব CID-এ ৷ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে জনালে এই কথা ৷

CID probe
Bharat Jodo Nyay Yatra
author img

By ETV Bharat Assamese Team

Published : January 24, 2024 at 10:31 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 24 জানুৱাৰী: গুৱাহাটীত ভাৰত জোড়ো ন্যায় যাত্ৰাক কেন্দ্ৰ কৰি হোৱা আইন শৃংখলা ভংগৰ পৰিস্থিতিৰ তদন্ত কৰিব CID-এ ৷ ইতিমধ্যে CID ৰ ADGP ৰ নেতৃত্বত গঠন কৰা হৈছে‌ SIT । ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে মহানগৰীৰ বশিষ্ঠ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১৪৩/১৪৭/১৮৮/২৮৩/৩৫৩/৩৩২/৩৩৩/৪২৭ আৰু পিডিপিপি আইনৰ ৩ নং ধাৰাত ৫৫/২৪ নম্বৰত নিজাববীয়াকৈ ৰুজু কৰা গোচৰটো তদন্তৰ বাবে চিআইডিলৈ হস্তান্তৰ কৰা হৈছে । এই কথা সামাজিক মাধ্যমত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে প্ৰকাশ কৰিছে ।

  • Reference Basistha PS Case No. 55/24 U/S.120(B)/143/147/188/283/353/332/333/427 IPC R/W Sec. 3 of PDPP Act relating to violation of various laws during road event of Indian National Congress at Guwahati on January 23rd 2024 has been transferred to CID Assam for a thorough and…

    — GP Singh (@gpsinghips) January 24, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে ৰাহুল গান্ধীৰ নেতৃত্বত মঙলবাৰে গুৱাহাটীত প্ৰৱেশ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল । ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা অসমত প্ৰৱেশৰ পিচৰে পৰা নানা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছিল ৷ এই যাত্ৰাই মঙলবাৰে গুৱাহাটী প্ৰৱেশ কৰে আৰু চহৰখনত প্ৰৱেশত বাধা আৰোপ কৰি বেৰিকেড স্থাপন কৰিছিল অসম আৰক্ষীয়ে ৷ এই পৰিপ্ৰেক্ষিতত মঙলবাৰে গুৱাহাটীৰ খানাপাৰাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ।

ভাৰত জোড়ো ন্যায় যাত্ৰা গুৱাহাটীত প্ৰৱেশ কৰাৰ সময়তে খানাপাৰাত বেৰিকেড ওফৰাই প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছ নেতা কৰ্মীয়ে ৷ তাৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ তৰা হ’ব ৷ লোকসভা নিৰ্বাচনৰ পিচতেই তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷

ইয়াৰ পিছতে মহানগৰ আৰক্ষীয়ে ৰাজহুৱা সেৱকৰ আইনী আদেশ অমান্য কৰা, অনিমতিৰ চৰ্ত উলংঘা কৰা, চৰকাৰী কৰ্মচাৰীক কৰ্তব্য পালনত বাধা দিয়া আৰু চৰকাৰী চাকৰীৰ ওপৰত আক্ৰমণৰ অভিযোগত বশিষ্ঠ থানাত মহানগৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে ।

লগতে পঢ়ক: বৰপেটাত অসমৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি কি ক’লে ৰাহুল গান্ধীয়ে?