বিস্মিতা-অংকিতা-দীপাংকহঁতৰ আগমনত অত্যন্ত সুখী মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Desk

Published : Jan 28, 2024, 8:07 PM IST

Updated : Jan 28, 2024, 8:39 PM IST

Chief Minister Himanta Biswa Sarma greets leaders who joined BJP

Assam CM HBS reaction : ন বিজেপিসকলক শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অনাগত দিনটো অৰাজনৈতিক দলৰ নেতাই বিজেপিত যোগদান কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰী শৰ্মাৰ ৷

চিকিৎসক অভিযন্তাৰ বাবেহে পদ খালী হৈ আছে নেকি বিজেপিত

ডিব্ৰুগড়, 28 জানুৱাৰী : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত উদুলি-মুদুলি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় ৷ প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী বিস্মিতা গগৈ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন নেত্ৰী অংকিতা দত্তৰ লগতে প্ৰাক্তন ছাত্ৰ নেতা দীপাংক নাথে আজি যোগদান কৰিলে বিজেপিত ৷ ইয়াকে লৈ সুখী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

আনহাতে, বিজেপিত যোগদান কৰা নেতাসকলক ডিব্ৰুগড়ৰ পৰাই দেওবাৰে শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিগত কেইটামান দিনৰ পৰা বিজেপিত যোগদান কাৰ্যসূচী চলি আছে আৰু চলি থাকিব ৷ ৰাজ্যৰ অৰাজনৈতিক ব্যক্তিক বিজেপি দললৈ অনাৰ বাবে চেষ্টা কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

কংগ্ৰেছৰ দুই নেত্ৰী বিজেপিত যোগদানৰ আঁৰৰ কিছু কথা :

দল বিৰোধী কাৰ্যৰ অভিযোগৰ বাবে কংগ্ৰেছক শীৰ্ষ নেতৃত্বই দলে পৰা বহিষ্কাৰ কৰিছিল অংকিতা দত্তক ৷ অংকিতাই ৰাহুল গান্ধীৰ নেতৃত্বত অসমত হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ন্যায় বিচাৰি প্ৰতিবাদও সাব্যস্ত কৰিছিল ৷ কোনো কাৰণতে বিজেপিত যোগদান নকৰো বুলি এসময়ত দম্ভালি মাৰি আৰু ন্যায় নোপোৱাৰ খঙতে হয়তো অংকিতাই অৱশেষত দেওবাৰে বিজেপিত যোগদান কৰিলে ৷

দীৰ্ঘদিনে এক প্ৰকাৰ দলৰ পৰা এলাগী হৈ পৰা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ো আজি বিজেপিত যোগদান কৰে ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত অমাৰ্জিত পোচাক পৰিধান কাৰৰ বাবে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে কৰা ব্যৱহাৰৰ বাবে কংগ্ৰেছ দল এৰা বুলি আজি দোহাৰিলেও কংগ্ৰেছত থকা সময়ত বিস্মিতাক দেখা নাছিল দলীয় কৰ্যকলাপত ৷ সাতে সোতে মিলাই সেয়ে আজি হাত এৰি পদুমত ধৰিলে বিস্মিতাই ৷

জাতিৰ গাড্ডাৰ নেকি দীপাংক !

কেতিয়াও বিজেপিৰ শৰণাপন্ন নোৱাৰ কথা কৈ আছু এৰা আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথেও যোগদান কৰিলে বিজেপিত ৷ আছুৰ লগতে জাতিটোক গাড্ডাৰ কাৰ, বিকল্প ৰাজনৈতিক গঠনৰ পোষকতা কৰা নেতাজনে আজি বিজেপিৰ ওচৰত নেগুৰ পেলালে বুলি ৰাজ্যৰ ভিন্ন মহলে দীপাংকক সমালোচনাৰে থকা-সৰকা কৰিছে ৷

মুখ্যমন্ত্ৰীৰ বক্তব্য : আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্তই কৰা মন্তব্যই তাৎপৰ্য বহন কৰিছে ৷ কিয়নো ৰাজনৈতিক দলৰ নেতা বা দল সংগঠনৰ নেতাই ভৰিছে বিজেপিত ৷ সেয়ে বিজেপিয়ে চিকিৎসক, অভিযন্তা অৰ্থাৎ অৰাজনৈতিক দলৰ নেতাক আদৰাতহে বেছি গুৰুত্ব প্ৰদান কৰা কৰা হ’ব বুলি কলে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক :অসম কংগ্ৰেছ সোমায় আছে বিজেপিৰ পকেটত; বদৰুদ্দিন আজমল

Last Updated :Jan 28, 2024, 8:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.