ETV Bharat / state

কাছাৰত লটাৰীৰ নামত কোটি টকা লুট

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 12:46 PM IST

Updated : Jan 25, 2024, 12:53 PM IST

Cheating in lottery in Cachar
কাছাৰত লটাৰীৰ নামত কোটি টকা লুট

Cachar Cheated news : কাছাৰত লটাৰীৰ নামত প্ৰৱঞ্চনাৰ জাল । লটাৰী টিকট ক্ৰয় কৰা গ্ৰাহকৰ মৃত্যুৰ পিচতহে ওলাল উৰহীৰ ওৰ । লটাৰীৰ নামত মাহেকীয়া ধন সংগ্ৰহ কৰিবলৈ আহোতেই প্ৰৱঞ্চকক আটক কৰি গতালে আৰক্ষীক ।

কাছাৰত লটাৰীৰ নামত কোটি টকা লুট

কাছাৰ,২৫ জানুাৱৰী: লটাৰীৰ নামত প্ৰবঞ্চনা । কাছাৰত লাখ লাখ টকা লুটি নিলে এটা প্ৰৱঞ্চক চক্ৰই ৷ কাছাৰৰ এটা অঞ্চলৰ নিৰীহ লোকৰ পৰা লটাৰীৰ নামত মাহত ৬০০ টকাকৈ সংগ্ৰহ ৷ ধন সংগ্ৰহ কৰিবলৈ অহা প্ৰবঞ্চকক আটক কৰি আৰক্ষীক গতালে ভুক্তভোগীসকলে ৷ মাৰুপ লটাৰী নামেৰে কাছাৰৰ বিভিন্ন অঞ্চলত প্ৰৱঞ্চনাৰ জাল পেলাইছিল এটা চক্ৰই ৷ প্ৰতিমাহত লটাৰী খেলৰ নামৰে দৰিদ্ৰ লোকৰ পৰা ৬০০ টকাকৈ সংগ্ৰহ কৰিছিল চক্ৰটোৱে ৷

কাছাৰৰ মিজোৰাম সীমান্তৱৰ্তী কৰকটবস্তিত পোহৰলৈ আহিল এই ঘটনা । অঞ্চলটোৰ প্ৰায় ৩০০ জনকৈ লোকৰ পৰা মাহত ৬০০ টকাকৈ সংগ্ৰহ কৰে এটা চক্ৰই ৷ লটাৰী বিজয়ীক ৬০ হাজাৰকৈ টকা প্ৰদান কৰা হব বুলি প্ৰতিশ্ৰতি দিছিল প্ৰৱঞ্চক সন্থাটোৱে ৷ কিন্তু কোনো লটাৰী খেল অনুষ্ঠিত নকৰি মাহে মাহে গাঁৱৰ লোকসকলৰ পৰা অৰ্থ সংগ্ৰহ কৰে প্ৰৱঞ্চক দলটোৱে ৷ ভুক্তভোগীসকলে জানিবলৈ দিয়া অনুসৰি প্ৰায় ১৭ মাহে তেঁওলোকৰ পৰা অৰ্থ সংগ্ৰহ কৰা হয় ৷

এনেদৰে কাছাৰৰ বিভিন্ন গাঁৱৰ শ শ লোকৰ পৰা অৰ্থ সংগ্ৰহ কৰে দলটোৱে ৷ গাঁৱৰ সহজ সৰল লোকে ৬০ হাজাৰৰ আশাত মাহে মাহে ৬০০ টকাকৈ প্ৰদান কৰে ৷ পিচে সকলোৰ চকু খোলে এজন ভুক্তভোগীৰ মৃত্যুৰ পাচত ৷ পৰিৱালৰ লোকসকলে টকা ঘূৰাই দিবলৈ আবেদন কৰাৰ পিচতো লটাৰী সন্থাৰ সদস্যসকলে টকা ঘুৰাই নিদিয়াত গ্ৰহকসকলৰ মাজত সন্দেহৰ সৃষ্টি হয় ৷ লটাৰী অনুষ্ঠিত নকৰাকৈ মাহে মাহে টকা সংগ্ৰহ কৰাৰ পাচত লোকৰ মূলধন ঘূৰাই দিব বিচৰা নাই সন্থাটোৱে ৷

ইয়াকে লৈ ভুক্তভোগীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয় ৷ ইয়াৰ মাজতে কত্তৰ আলী নামৰ এটা প্ৰৱঞ্চকে মাহেকীয়া ধন সংগ্ৰহ কৰিবলৈ যাওতেই ভুক্তভোগীসকলে আটক কৰে প্ৰৱঞ্চকটোক । লগে লগে আৰক্ষীক খবৰ দি চমজাই দিয়ে প্ৰবঞ্চকটোক ৷

ঘটনা সন্দৰ্ভত ধলাই আৰক্ষী থানাত গোচৰ তৰিছে প্ৰায় অৰ্ধ শতাধিক ভুক্তভোগীয়ে ৷ জানিব পৰা মতে কাছাৰৰ বিভিন্ন অঞ্চলৰ সহস্ৰাধিক লোকৰ পৰা এইদৰে মাৰুপ লটাৰীৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰিছে প্ৰৱঞ্চকৰ দলে ৷ এই ক্ষেত্ৰত শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাই সচেতন লোকসকলে ।

লগতে পঢ়ক: গ্ৰামীণ বিকাশ বেংকৰ ৩৮ কোটিৰ কেলেংকাৰি: প্ৰিয়ংকাৰ সহযোগী দেৱাশীষ গগৈক গ্ৰেপ্তাৰ

Last Updated :Jan 25, 2024, 12:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.