ETV Bharat / state

বৰবিহুৱা ফিৰোজ কোঁৱৰক অশ্ৰুসিক্ত নয়নেৰে বিদায় চৰাইদেউবাসীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 6:09 PM IST

Cultural activist Firoz Konwar: বৰ বিহুৱা ফিৰোজ কোঁৱৰৰ অবিহনে উকা হৈ পৰিল চৰাইদেউ হুঁচৰি দল ৷ শেষ শ্ৰদ্ধা জনাবলৈ ৰাজপথলৈ ওলাই আহিল ৰাইজ ৷

cultural activist firoz konwar
বৰবিহুৱা ফিৰোজ কোঁৱৰলৈ শেষ শ্ৰদ্ধাঞ্জলী
আৱেগিক গুণমুগ্ধ

ডিব্ৰুগড়, 9 ফেব্ৰুৱাৰী : চৰাইদেউৰ সোণাৰিত এক আৱেগিক পৰিৱেশ । অশ্ৰুসিক্ত নয়নেৰে চৰাইদেউ কলা কেন্দ্ৰৰ কৰ্তৃপক্ষ, ছাত্ৰ-ছাত্ৰীৰ লগতে চৰাইদেউৰ সোণাৰিৰ ৰাজপথত চৰাইদেউবাসীয়ে বিদায় দিলে বৰবিহুৱা ফিৰোজ কোঁৱৰক । উকা হৈ পৰিল চৰাইদেউ হুঁচৰি দল ।

চৰাইদেউ কলা কেন্দ্ৰত অন্তিম শ্ৰদ্ধাঞ্জলি জনাই ফিৰোজ কোঁৱৰৰ নশ্বৰ দেহ লৈ অনা হয় চৰাইদেউ ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ । তাৰ পাচতে কলা কেন্দ্ৰৰ বিভিন্ন শাখাত অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাচত বিহু ভালপোৱাৰ ফিৰোজ কোঁৱৰৰ নশ্বৰ দেহ নিজ বাসগৃহ মাহমৰা কোঁৱৰ গাঁৱলৈ লৈ যোৱা হয় ৷ নিজ বাসগৃহতে শিল্পীজনৰ শেষকৃত্য কৰা হ’ব । উল্লেখ্য যে, কালি চৰাইদেউ সোণাৰিৰ নাফুকত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল বিশিষ্ট সাংস্কৃতিক কৰ্মী, বৰ বিহুৱা ফিৰোজ কোঁৱৰে ।

তীব্ৰ বেগত অহা গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱালে বিশিষ্ট সাংস্কৃতিক কৰ্মী, বৰ বিহুৱা ফিৰোজ কোঁৱৰে । ঘৰৰ পৰা বিদ্যালয়লৈ গৈ থকা অৱস্থাত চৰাইদেউ জিলাৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী, বৰ বিহুৱা ফিৰোজ কোঁৱৰক খুন্দিয়াই পলায়ন কৰিছিল বাহন এখনে । বাইকত গৈ থকা ফিৰোজ কোঁৱৰক এখন বলেৰ’ পিক আপ বাহনে খুন্দিওৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে যদিও বৰ্তমানলৈকে জব্দ কৰিবলৈ সক্ষম হোৱা নাই বাহনখন । এই ঘটনাই সমগ্ৰ চৰাইদেউ জিলাৰখনতে শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে ।

এই বিশিষ্ট সাংস্কৃতিক কৰ্মী, বৰবিহুৱা ফিৰোজ কোঁৱৰে কেৱল চৰাইদেউ জিলাখনতেই নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰি সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা কৰিছিল । ঐতিহাসিক চৰাইদেউ বিহুদল গঠন কৰা মূল ব্যক্তিজন আছিল ফিৰোজ কোঁৱৰ । ৰাজ্য চৰকাৰৰ বিহুৰ বিশ্ব অভিলেখ কাৰ্যসূচীত অন্যতম গুৰি ধৰোঁতা আছিল বিশিষ্ট সাংস্কৃতিক কৰ্মী, বৰবিহুৱা ফিৰোজ কোঁৱৰ ।

লগতে পঢ়ক : পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিশিষ্ট সাংস্কৃতিক কৰ্মী, বৰবিহুৱা ফিৰোজ কোঁৱৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.